--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গ্ৰাম্য ভাৰতৰ কমেও ৭৮ শতাংশ অভিভাৱকে তেওঁলোকৰ কন্যাক অন্তত: স্নাতক অথবা তাৰো ঊৰ্ধ্বত শিক্ষিত কৰিব বিচাৰে। এক জৰীপ প্ৰতিবেদনত পোহৰলৈ আহিছে এই তথ্য৷ ২০ খন ৰাজ্যৰ ৬,২২৯টা গ্ৰাম্য পৰিয়ালৰ জৰীপৰ ওপৰত আধাৰিত ‘গ্ৰাম্য ভাৰতত প্ৰাথমিক শিক্ষাৰ অৱস্থা-২০২২’ শীৰ্ষক প্ৰতিবেদনখন সংসদত প্ৰকাশ কৰে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে৷

প্ৰতিবেদনত কোৱা হৈছে, সন্তানৰ লিংগভিত্তিক বিশ্লেষণৰ ফলাফলবোৰে সূচায় যে অভিভাৱকসকলে তেওঁলোকৰ ল’ৰা আৰু ছোৱালী দুয়োটা সন্তানকে উচ্চ শিক্ষাৰে শিক্ষিত কৰিব বিচাৰে৷ যাৰ ভিতৰত আছে কাৰিকৰী ডিগ্ৰী, স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী। ৮২ শতাংশ ল’ৰা আৰু ৭৮ শতাংশ ছোৱালীৰ অভিভাৱকে তেওঁলোকৰ সন্তানক স্নাতক আৰু তাতকৈও অধিক শিক্ষা দিব বিচাৰে৷

জৰীপটোৱে প্ৰকাশ কৰিছিল মুঠ বাদ পৰা শিশুৰ ভিতৰত প্ৰায় এক-চতুৰ্থাংশ ল’ৰা শিশুৱে প্ৰাথমিক বিদ্যালয়ৰ সময়ত তেওঁলোকৰ শিক্ষা বন্ধ কৰি দিছিল। তুলনামূলকভাৱে কন্যা শিশুৰ বাবে সেই পৰ্যায়ত ‘ড্ৰপআউট’ৰ হাৰ অধিক আছিল৷ 
গাঁও বা ওচৰৰ গাঁওবোৰৰ ভিতৰত উচ্চ শ্ৰেণীৰ বিদ্যালয় উপলব্ধ নোহোৱাটো প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা সম্পূৰ্ণ হোৱাৰ পাছত এই শিশুসকলে শিক্ষা বাদ দিয়াৰ কাৰণ হ’ব পাৰে বুলি প্ৰতিবেদনে ধাৰণা কৰিছে৷


জৰীপটোত দেখা গৈছে যে বেছিভাগ শিশু (৬২.৫ শতাংশ) তেওঁলোকৰ অধ্যয়নৰ ক্ষেত্ৰত তেওঁলোকৰ মাতৃৰ তত্বাৱধানত থাকে৷ আনহাতে ৪৯ শতাংশ তেওঁলোকৰ দেউতাকৰ দ্বাৰা তত্বাৱধান কৰা হয়। এই তথ্যই
ঘৰত তেওঁলোকৰ সন্তানৰ শৈক্ষিক কাম-কাজক পথ প্ৰদৰ্শন আৰু সমৰ্থন কৰাত অভিভাৱকসকলে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাকে প্ৰকাশ কৰিছে৷ তাৰোপৰি, ৩৮ শতাংশৰো অধিক অভিভাৱকে তেওঁলোকৰ সন্তানৰ শিক্ষা অধিক বৃদ্ধি কৰাৰ বাবে ব্যক্তিগত শিক্ষক বাছনি কৰে। 

জৰীপটোৱে শিশুসকলে স্মাৰ্টফোনত অতিবাহিত কৰা সময়ৰো অনুসন্ধান কৰিছিল।
সামগ্ৰিকভাৱে প্ৰায় ৭৩ শতাংশ শিশুৱে দৈনিক দুই ঘণ্টাতকৈ কম সময়ৰ বাবে স্মাৰ্টফোন ব্যৱহাৰ কৰে। লক্ষণীয়ভাৱে, অষ্টম শ্ৰেণী আৰু তাতকৈ অধিক শ্ৰেণীৰ ২৫.৪ শতাংশ শিশুৱে দুইৰ পৰা চাৰি ঘণ্টা সময় স্মাৰ্টফোনত ব্যয় কৰে৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন