--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গ্ৰাম্য ভাৰতৰ কমেও ৭৮ শতাংশ অভিভাৱকে তেওঁলোকৰ কন্যাক অন্তত: স্নাতক অথবা তাৰো ঊৰ্ধ্বত শিক্ষিত কৰিব বিচাৰে। এক জৰীপ প্ৰতিবেদনত পোহৰলৈ আহিছে এই তথ্য৷ ২০ খন ৰাজ্যৰ ৬,২২৯টা গ্ৰাম্য পৰিয়ালৰ জৰীপৰ ওপৰত আধাৰিত ‘গ্ৰাম্য ভাৰতত প্ৰাথমিক শিক্ষাৰ অৱস্থা-২০২২’ শীৰ্ষক প্ৰতিবেদনখন সংসদত প্ৰকাশ কৰে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে৷

প্ৰতিবেদনত কোৱা হৈছে, সন্তানৰ লিংগভিত্তিক বিশ্লেষণৰ ফলাফলবোৰে সূচায় যে অভিভাৱকসকলে তেওঁলোকৰ ল’ৰা আৰু ছোৱালী দুয়োটা সন্তানকে উচ্চ শিক্ষাৰে শিক্ষিত কৰিব বিচাৰে৷ যাৰ ভিতৰত আছে কাৰিকৰী ডিগ্ৰী, স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী। ৮২ শতাংশ ল’ৰা আৰু ৭৮ শতাংশ ছোৱালীৰ অভিভাৱকে তেওঁলোকৰ সন্তানক স্নাতক আৰু তাতকৈও অধিক শিক্ষা দিব বিচাৰে৷

জৰীপটোৱে প্ৰকাশ কৰিছিল মুঠ বাদ পৰা শিশুৰ ভিতৰত প্ৰায় এক-চতুৰ্থাংশ ল’ৰা শিশুৱে প্ৰাথমিক বিদ্যালয়ৰ সময়ত তেওঁলোকৰ শিক্ষা বন্ধ কৰি দিছিল। তুলনামূলকভাৱে কন্যা শিশুৰ বাবে সেই পৰ্যায়ত ‘ড্ৰপআউট’ৰ হাৰ অধিক আছিল৷ 
গাঁও বা ওচৰৰ গাঁওবোৰৰ ভিতৰত উচ্চ শ্ৰেণীৰ বিদ্যালয় উপলব্ধ নোহোৱাটো প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা সম্পূৰ্ণ হোৱাৰ পাছত এই শিশুসকলে শিক্ষা বাদ দিয়াৰ কাৰণ হ’ব পাৰে বুলি প্ৰতিবেদনে ধাৰণা কৰিছে৷


জৰীপটোত দেখা গৈছে যে বেছিভাগ শিশু (৬২.৫ শতাংশ) তেওঁলোকৰ অধ্যয়নৰ ক্ষেত্ৰত তেওঁলোকৰ মাতৃৰ তত্বাৱধানত থাকে৷ আনহাতে ৪৯ শতাংশ তেওঁলোকৰ দেউতাকৰ দ্বাৰা তত্বাৱধান কৰা হয়। এই তথ্যই
ঘৰত তেওঁলোকৰ সন্তানৰ শৈক্ষিক কাম-কাজক পথ প্ৰদৰ্শন আৰু সমৰ্থন কৰাত অভিভাৱকসকলে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাকে প্ৰকাশ কৰিছে৷ তাৰোপৰি, ৩৮ শতাংশৰো অধিক অভিভাৱকে তেওঁলোকৰ সন্তানৰ শিক্ষা অধিক বৃদ্ধি কৰাৰ বাবে ব্যক্তিগত শিক্ষক বাছনি কৰে। 

জৰীপটোৱে শিশুসকলে স্মাৰ্টফোনত অতিবাহিত কৰা সময়ৰো অনুসন্ধান কৰিছিল।
সামগ্ৰিকভাৱে প্ৰায় ৭৩ শতাংশ শিশুৱে দৈনিক দুই ঘণ্টাতকৈ কম সময়ৰ বাবে স্মাৰ্টফোন ব্যৱহাৰ কৰে। লক্ষণীয়ভাৱে, অষ্টম শ্ৰেণী আৰু তাতকৈ অধিক শ্ৰেণীৰ ২৫.৪ শতাংশ শিশুৱে দুইৰ পৰা চাৰি ঘণ্টা সময় স্মাৰ্টফোনত ব্যয় কৰে৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস