--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমৰ বান পৰিস্থিতিয়ে বহু লোকৰ প্ৰাণ কাঢ়িছে। বহুলোক এতিয়া গৃহহীন। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (এএছডিএমএ) মতে, প্ৰাথমিক তথ্য অনুসৰি প্ৰায় ১,৮৭০ হেক্টৰ শস্য ক্ষতিগ্ৰস্ত হৈছে। অসমত এতিয়ালৈকে ৭৫৯ টা সাহায্য আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। ২,৮৪,৮৭৫ জন লোকে এই শিবিৰসমূহত আশ্ৰয় লৈছে। ৬৩৬ টা কেন্দ্ৰৰ পৰাও সাহায্য বিতৰণ কৰা হৈছে, এএছডিএমএ-য়ে কয়। 

ইয়াৰ মাজতে এইবাৰ, তাৰকাসকলে অসমলৈ সহায়ৰ হাত আগবঢ়াইছে। কেইদিনমান আগতে, অভিনেতা অৰ্জুন কাপুৰ আৰু পৰিচালক ৰোহিত চেট্টীয়ে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ প্ৰত্যেকে ৫ লাখ টকা দান কৰিছিল। এইবাৰ, আমিৰ খান আগবাঢ়ি আহিল।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ছ'চিয়েল মিডিয়া হেণ্ডেলৰ জৰিয়তে ঘোষণা কৰে যে বলীউডৰ বিখ্যাত তাৰকা আমিৰ খানে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ প্ৰায় ২৫ লাখ আৰ্থিক অনুদান আগবঢ়াইছে। তেওঁ অভিনেতাজনৰ এই সাহাৰ্যৰ বাবে কৃতজ্ঞতা জনাইছে। 

অৱশ্যে, শনিবাৰৰ পৰা অসমত বান পৰিস্থিতি অলপ উন্নত হৈছে। বৰষুণো অলপ হ্ৰাস পাইছে। কিন্তু শিলচৰৰ কিছু অংশ এতিয়াও পানীত তলত আছে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাছাৰ জিলাৰ শিলচৰ অঞ্চলৰ পৰিস্থিতি পৰ্যালোচনা কৰে। শিলচৰৰ এতিয়া কেইবাটাও পথ এতিয়া নদীৰ আকৃতি লৈছে। কিছুদিন পূৰ্বে তেওঁ নগাঁও অঞ্চল পৰিদৰ্শন কৰিছিল। কেৱল সেয়াই নহয়, মুখ্যমন্ত্ৰী বিশ্ব শৰ্মাই নিজে কেইবাটাও সাহায্য শিবিৰ পৰিদৰ্শন কৰিছিল।

ব্ৰহ্মপুত্ৰ নদীৰ পানী বহু ঠাইত বিপদসীমাৰ ওপৰেৰে বৈ আছে। সেনাৰ লগতে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এনডিআৰএফ) আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীকো সাহায্য সামগ্ৰী প্ৰদানৰ বাবে মোতায়েন কৰা হৈছে।

উল্লেখ্য যে, আমিৰ খানৰ ছবি লাল সিং চাড্ডা সোনকালেই পৰ্দাত আহিবলৈ সাজু হৈছে। আমিৰে দীঘলীয়া অপেক্ষাৰ পিছত এটা ডাঙৰ প্ৰত্যাৱৰ্তন কৰিবলৈ গৈ আছে। ছবিখনত আমিৰৰ বিপৰীতে কৰীণা কাপুৰ খানক দেখা যাব।
FOLLOW US F
POPULAR
FEATURE
TRENDY
ড্ৰ'নেৰে নিক্ষেপ কৰিব পৰা ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষা
যোৰহাটত ভোগদৈ নৈ, টোকোলাই জানৰ বেদখলত প্রশাসন মৌন কিয়?
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভংগ কৰিলে ইন্দিৰা গান্ধীৰ অভিলেখ
গৰমৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে নেকি ? সেৱন কৰক এই কেইটা পানীয়
কাৰ্গিল বিজয় দিৱস: ৰাষ্ট্ৰীয় শ্ৰদ্ধাঞ্জলি, অপাৰেচন বিজয়ৰ ২৬ বছৰ পূর্তি
মালদ্বীপৰ ৰাষ্ট্ৰপতি, সমগ্র কেবিনেটে আদৰিলে প্রধানমন্ত্রী মোদীক
মুক্তিৰ বাবে সাজু 'আইৰন গাৰ্লছ' , ২৫ জুলাইৰ পৰা প্ৰদৰ্শিত হ'ব অসমৰ ছবিগৃহত
ছেচং কিৰিৰ সফলতাই‌ গৌৰৱ কঢ়িয়াই আনিলে পশ্চিম কাৰ্বিআংলং জিলালৈ
গৰমৰ পৰা সকাহ পাবলৈ আপুনিও আইচক্ৰীম খায় নেকি ? আইচক্ৰীমে নষ্ট কৰিব পাৰে আপোনাৰ স্বাস্থ্য!
ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ আৰম্ভ কৰিলে চীনে
ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু এজন আৰক্ষী জোৱানৰ
ৰাছিয়াৰ তেল উদ্যোগৰ বিৰুদ্ধে নতুন নিষেধাজ্ঞা ই ইউৰ
মহিলাসকলে ৪০ বছৰৰ পাছত এইবোৰ খাদ্য খাবলৈ আৰম্ভ কৰক
অসম চৰকাৰৰ বিৰুদ্ধে মমতাৰ জেহাদ, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিবাদ