--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অল্ট নিউজৰ সহ-প্ৰতিষ্ঠাপক মহম্মদ জুবেইৰক ধৰ্মীয় অনুভূতিক আঘাত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁৰ বিৰুদ্ধে সংঘৰ্ষৰ উচতনি দিয়াৰ অভিযোগ উত্থাপিত হৈছে। জুবেইৰৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৫৩ আৰু ২৯৫এ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীয়ে জনোৱা অনুসৰি, "আজি এটা গোচৰৰ তদন্তৰ সময়ত মহম্মদ জুবেইৰক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁৰ বিৰুদ্ধে পৰ্যাপ্ত প্ৰমাণ আছে। 

তেওঁক আদালতত হাজিৰ কৰোৱা হ'ব। জানিব পৰা গৈছে যে এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে দিল্লী আৰক্ষীক জনাইছিল যে সাংবাদিকজনৰ এটা টুইটৰ ফলত অস্থিৰতা সৃষ্টি হ'ব পাৰে। টাইমছ অৱ ইণ্ডিয়াৰ সূত্ৰ অনুসৰি, অভিযোগকাৰীয়ে কৈছিল যে মহম্মদ জুবেইৰৰ ছ'চিয়েল মিডিয়া পোষ্টত ধৰ্মীয় অনুভূতিক আঘাত কৰা ছবি সন্নিৱিষ্ট কৰা হৈছিল। দিল্লী আৰক্ষীৰ এজন বিষয়াই কৈছিল যে সাংবাদিকজনে এই পষ্টতো  জনসাধাৰণৰ স্বাৰ্থক আঘাত কৰিছিল যাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।

২০২০ চনত দাখিল কৰা এটা গোচৰত জুবেইৰক প্ৰথমে সোধা-পোছাৰ বাবে মাতি পঠোৱা হৈছিল। পাছত তেওঁক সোমবাৰে গ্ৰেপ্তাৰ কৰা হৈছিল। জানিব পৰা মতে দিল্লী আৰক্ষীৰ বিশেষ কোষে সাংবাদিকজনক গ্ৰেপ্তাৰ কৰিছে। সূত্ৰ অনুসৰি, চাইবাৰ অপৰাধ গোটৰ বিষয়াসকলে জুবেইৰক আদালতলৈ লৈ যাব পাছত তেওঁক জিম্মাত ল'বলৈ আবেদন কৰা হ'ব।

আৰক্ষী সূত্ৰৰ মতে, মহম্মদ জুবেইৰৰ বিৰুদ্ধে শক্তিশালী প্ৰমাণ আছে। যাৰবাবে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। অৱশ্যে, অল্ট নিউজৰ আন এজন সহ-প্ৰতিষ্ঠাপক প্ৰতীক সিনহাই টুইট কৰি কয় যে আৰক্ষীয়ে জুবেইৰক কোনো আগতীয়া জাননী দিয়া নাই। একাধিক অনুৰোধ স্বত্বেও, কোনো এফ.আই.আৰ. প্ৰতিলিপি দিয়া হোৱা নাই। তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক অ'ব্ৰায়েনে ঘটনাটোৰ তীব্ৰ প্ৰতিবাদ কৰি কয়, "মই বিশ্ববিখ্যাত সাংবাদিক মহম্মদ জুবেইৰক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছো। তেওঁ বিজেপিৰ ভুৱা বাতৰি উন্মোচন কৰা বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। "

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ