--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অল্ট নিউজৰ সহ-প্ৰতিষ্ঠাপক মহম্মদ জুবেইৰক ধৰ্মীয় অনুভূতিক আঘাত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁৰ বিৰুদ্ধে সংঘৰ্ষৰ উচতনি দিয়াৰ অভিযোগ উত্থাপিত হৈছে। জুবেইৰৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৫৩ আৰু ২৯৫এ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীয়ে জনোৱা অনুসৰি, "আজি এটা গোচৰৰ তদন্তৰ সময়ত মহম্মদ জুবেইৰক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁৰ বিৰুদ্ধে পৰ্যাপ্ত প্ৰমাণ আছে। 

তেওঁক আদালতত হাজিৰ কৰোৱা হ'ব। জানিব পৰা গৈছে যে এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে দিল্লী আৰক্ষীক জনাইছিল যে সাংবাদিকজনৰ এটা টুইটৰ ফলত অস্থিৰতা সৃষ্টি হ'ব পাৰে। টাইমছ অৱ ইণ্ডিয়াৰ সূত্ৰ অনুসৰি, অভিযোগকাৰীয়ে কৈছিল যে মহম্মদ জুবেইৰৰ ছ'চিয়েল মিডিয়া পোষ্টত ধৰ্মীয় অনুভূতিক আঘাত কৰা ছবি সন্নিৱিষ্ট কৰা হৈছিল। দিল্লী আৰক্ষীৰ এজন বিষয়াই কৈছিল যে সাংবাদিকজনে এই পষ্টতো  জনসাধাৰণৰ স্বাৰ্থক আঘাত কৰিছিল যাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।

২০২০ চনত দাখিল কৰা এটা গোচৰত জুবেইৰক প্ৰথমে সোধা-পোছাৰ বাবে মাতি পঠোৱা হৈছিল। পাছত তেওঁক সোমবাৰে গ্ৰেপ্তাৰ কৰা হৈছিল। জানিব পৰা মতে দিল্লী আৰক্ষীৰ বিশেষ কোষে সাংবাদিকজনক গ্ৰেপ্তাৰ কৰিছে। সূত্ৰ অনুসৰি, চাইবাৰ অপৰাধ গোটৰ বিষয়াসকলে জুবেইৰক আদালতলৈ লৈ যাব পাছত তেওঁক জিম্মাত ল'বলৈ আবেদন কৰা হ'ব।

আৰক্ষী সূত্ৰৰ মতে, মহম্মদ জুবেইৰৰ বিৰুদ্ধে শক্তিশালী প্ৰমাণ আছে। যাৰবাবে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। অৱশ্যে, অল্ট নিউজৰ আন এজন সহ-প্ৰতিষ্ঠাপক প্ৰতীক সিনহাই টুইট কৰি কয় যে আৰক্ষীয়ে জুবেইৰক কোনো আগতীয়া জাননী দিয়া নাই। একাধিক অনুৰোধ স্বত্বেও, কোনো এফ.আই.আৰ. প্ৰতিলিপি দিয়া হোৱা নাই। তৃণমূল কংগ্ৰেছৰ সাংসদ ডেৰেক অ'ব্ৰায়েনে ঘটনাটোৰ তীব্ৰ প্ৰতিবাদ কৰি কয়, "মই বিশ্ববিখ্যাত সাংবাদিক মহম্মদ জুবেইৰক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছো। তেওঁ বিজেপিৰ ভুৱা বাতৰি উন্মোচন কৰা বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। "
FOLLOW US F
POPULAR
FEATURE
TRENDY
যোৰহাটত ভোগদৈ নৈ, টোকোলাই জানৰ বেদখলত প্রশাসন মৌন কিয়?
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভংগ কৰিলে ইন্দিৰা গান্ধীৰ অভিলেখ
গৰমৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে নেকি ? সেৱন কৰক এই কেইটা পানীয়
কাৰ্গিল বিজয় দিৱস: ৰাষ্ট্ৰীয় শ্ৰদ্ধাঞ্জলি, অপাৰেচন বিজয়ৰ ২৬ বছৰ পূর্তি
মালদ্বীপৰ ৰাষ্ট্ৰপতি, সমগ্র কেবিনেটে আদৰিলে প্রধানমন্ত্রী মোদীক
ফেচবুক, ইনষ্টাগ্ৰামে ভাঙিলে সোমনাথ বাঢ়ৈৰ সুখৰ সংসাৰ! ৭ বছৰীয়া কন্যাৰ সৈতে নিৰুদ্দেশ পত্নী
কাজিৰঙাৰ ৰাজপথত গৰমক নেওচি ইংলেণ্ডৰ যুৱকে চলাইছে প্ৰদূষণমুক্ত ৰিক্সা
মুক্তিৰ বাবে সাজু 'আইৰন গাৰ্লছ' , ২৫ জুলাইৰ পৰা প্ৰদৰ্শিত হ'ব অসমৰ ছবিগৃহত
ছেচং কিৰিৰ সফলতাই‌ গৌৰৱ কঢ়িয়াই আনিলে পশ্চিম কাৰ্বিআংলং জিলালৈ
গৰমৰ পৰা সকাহ পাবলৈ আপুনিও আইচক্ৰীম খায় নেকি ? আইচক্ৰীমে নষ্ট কৰিব পাৰে আপোনাৰ স্বাস্থ্য!
ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ আৰম্ভ কৰিলে চীনে
ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু এজন আৰক্ষী জোৱানৰ
ৰাছিয়াৰ তেল উদ্যোগৰ বিৰুদ্ধে নতুন নিষেধাজ্ঞা ই ইউৰ
মহিলাসকলে ৪০ বছৰৰ পাছত এইবোৰ খাদ্য খাবলৈ আৰম্ভ কৰক