--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ফাৰুন  মেধিয়ে৷  নেব্ৰাস্কাক প্ৰতিনিধিত্ব কৰা ফাৰুন মেধিয়ে শনিবাৰে  নেভাডাৰ ৰেনোৰ গ্ৰেণ্ড চিয়েৰা ৰিজৰ্ট আৰু কেচিনোত মিছ টিন ইউ এছ এ ২০২২ খিতাপ জয় কৰিবলৈ সক্ষম হয়৷ 

এই সন্মানজনক খিতাপ অৰ্জন কৰিবলৈ সক্ষম হোৱা  ফাৰুন  মেধিৰ হৈছে অসমীয়া মূলৰ৷ গৌতম মেধিৰ জীয়ৰী ফাৰুন মেধিয়ে গুৱাহাটীত জন্ম গ্ৰহণ কৰিছিল৷ ১৯৮৯ চনৰ পৰা  তেওঁৰ পিতৃয়ে  আমেৰিকাত স্থায়ী  বাসিন্দা ৰূপে থাকিবলৈ লয়।ফাৰুন মেধি এগৰাকী ১৮  বছৰীয়া উচ্চ বিদ্যালয়ৰ স্নাতক আৰু মডেল, যি ওমাহাৰ বাসিন্দা।

এই প্ৰতিযোগীতাৰ পাঁচজন ফাইনেলিষ্টৰ ভিতৰত আন চাৰিজন আছিল-  আইডাহোৰ জেনা বেকষ্ট্ৰম, প্ৰথম ৰানাৰ-আপ, কেলিফৰ্ণিয়াৰ কেচিডি হিল, দ্বিতীয় ৰানাৰ-আপ, মিচিগানৰ ইছাবেলা মছজিদা, তৃতীয় ৰানাৰ-আপ আৰু টেনেছৰ মেককিনলে ফাৰেচ চতুৰ্থ ৰানাৰ-আপ।

অনুষ্ঠানটোৱে কিছুমান বিশেষ পুৰস্কাৰও প্ৰদান কৰিছিল।  ওহাইঅ'ৰ কাইলান ডাৰ্ণেলে ফেন ফেভাৰেট উপাধি লাভ কৰিবলৈ সক্ষম হৈছিল। আনহাতে নৰ্থ কেৰোলিনাৰ গেব্ৰিয়েলা অৰ্টেগা আৰু নেভাডাৰ জানে মেকিনটছে ক্ৰমে মিছ ফটোজেনিক আৰু মিছ কনজেনিয়ালিটি পুৰস্কাৰ লাভ কৰে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ