--°C
Loading...
Listen to Article
1 min read
80%

In Short

  • শুক্ৰবাৰেও অসমত বান পৰিস্থিতিৰ অৱনতি ঘটিছে। দুটা নতুন মৃত্যুৰে বানৰ বলি হোৱা লোকৰ সংখ্যা ৯৭ লৈ বৃদ্ধি পোৱাৰ লগতে ১৫খন জিলাৰ ১
  • ৬৮ লাখতকৈ অধিক লোক এতিয়াও বানৰ কবলত পৰি আছে।

শুক্ৰবাৰেও অসমত বান পৰিস্থিতিৰ অৱনতি অব্যাহত আছে। ৰাজ্যজুৰি চলি থকা বানৰ সংহাৰে এতিয়াও বহু অঞ্চলত জনজীৱন ব্যাহত কৰি ৰাখিছে। শেহতীয়াকৈ গোলাঘাট আৰু ওদালগুৰি জিলাত দুজনকৈ লোকৰ মৃত্যু হোৱাৰ পিছত এইবাৰৰ বানত মৃতকৰ সংখ্যা ৯৭ লৈ বৃদ্ধি পাইছে। বিষয়াৰ তথ্য অনুসৰি, বৰ্তমান ৰাজ্যৰ ১৫খন জিলাৰ প্ৰায় ১.৬৮ লাখ লোক এতিয়াও বানৰ কবলত পৰি আছে।

বানৰ ফলত ক্ষতিগ্ৰস্ত হোৱা জিলাসমূহৰ ভিতৰত আছে গোলাঘাট, শিৱসাগৰ, ওদালগুৰি, কামৰূপ মহানগৰ, নগাঁও, কামৰূপ, দৰং, শোণিতপুৰ, হোজাই, লখিমপুৰ, বিশ্বনাথ, যোৰহাট, চৰাইদেউ, কাৰ্বি আংলং আৰু ধেমাজি। আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা জিলা হিচাপে গোলাঘাট চিহ্নিত হৈছে, য'ত প্ৰায় ৫৪,০০০ লোক বানৰ ফলত প্ৰভাৱিত হৈছে। ইয়াৰ পিছতে শিৱসাগৰত প্ৰায় ৪৯,০০০ আৰু যোৰহাটত প্ৰায় ২৭,০০০ লোকে বানৰ কৱলত পৰি আছে।

বানাক্ৰান্ত লোকসকলক সহায়ৰ বাবে ৰাজ্যজুৰি ১৩৩টা সাহায্য শিবিৰ আৰু বিতৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে। এই শিবিৰসমূহত প্ৰায় ৪৫,০০০ লোকে আশ্ৰয় লৈ আছে আৰু তেওঁলোকক খাদ্যকে ধৰি আন আন অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰা হৈছে। নদ-নদীৰ জলস্তৰ বৃদ্ধি আৰু অবিৰত বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বান পৰিস্থিতি এতিয়াও উদ্বেগজনক হৈ আছে। আগন্তুক দিনবোৰত বতৰৰ পৰিস্থিতিৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মুজফ্ফৰনগৰত শোকাৱহ ঘটনা! ভয়ংকৰ পথ দুৰ্ঘটনাত জীৱন্তে অগ্নিদগ্ধ হৈ দুই সহোদৰসহ ছয় যুৱকৰ কৰুণ মৃত্যু
কি কথাত শাহু ইন্দিৰা গান্ধীৰ ওপৰত অসন্তুষ্ট হৈছিল ছোনীয়া গান্ধী? কিয় ক্ষমা খুজিছিল ইন্দিৰা গান্ধীয়ে?
নিজ দেশলৈ ঘূৰি যোৱাৰ মন; বাংলাদেশৰ পৰা নতুন পাছপ’র্ট বিচাৰিলে প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাই
বগীনদীত চলিব উচ্ছেদ অভিযান; ১৩২টা পৰিয়াললৈ জাননী
পৰিভ্ৰমী চৰাইৰ সুৰক্ষাৰ বাবে তামিলনাডুৰ ১২খন গাঁৱে পালন কৰে ফটকাবিহীন দীপাৱলী
দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট; ভাৰতীয় দলত অসম কন্যা জিণ্টিমণি কলিতা
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
নিশা সূৰ্যৰ পোহৰ বিলাব মার্কিন ষ্টার্ট আপে!
হজম শক্তি বৃদ্ধিৰ পৰা শৰীৰ শীতল ৰখালৈ-জলজীৰাৰ স্বাস্থ্যসন্মত লাভালাভ
তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা হঠাৎ নিখোঁজ হৈছে একাংশ যুৱক; উদ্বিগ্ন পৰিয়াল
দিল্লীত হঠাতে খহি পৰিল নিৰ্মীয়মাণ তিনি মহলীয়া অট্টালিকা; দুজনৰ মৃত্যু, এজন আহত
ধনতেৰছত সোণ-ৰূপৰ বাহিৰেও কি কি ক্ৰয় কৰাটো শুভ; জানো আহক
ধনতেৰছত কিয় ধনীয়া বীজ ক্ৰয় কৰিব লাগে? জানো আহক ইয়াৰ আধ্যাত্মিক আৰু ব্যৱহাৰিক গুৰুত্ব
টেঙাখাতৰ অইল ইণ্ডিয়াৰ ITFত ভয়ংকৰ অগ্নিকাণ্ড; এজনৰ মৃত্যু, কেইবাজনো গুৰুতৰভাৱে আহত, এজন সন্ধানহীন