--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সম্প্ৰতি নিৰ্বাচনী পৰাজয় আৰু সাংগঠনিক সংঘাতে বিপৰ্যস্ত কৰিছে কংগ্ৰেছে দলক। বিশেষকৈ অসমত অধিক স্পষ্ট হৈছে এই বিপৰ্যয়। তৃণমূলৰ পৰা শীৰ্ষ পৰ্যায়তো ধুম উঠিছে দল ত্যাগৰ। যোৱা বিধানসভা নিৰ্বাচনৰ পাছত স্থানীয়ভাৱে অনুষ্ঠিত সকলো নিৰ্বাচনতে বিধ্বস্ত হৈছে কংগ্ৰেছ। কিন্তু কিয়? এয়া নেতৃত্বৰ ব্যৰ্থতা নেকি? বিজেপিৰ ৰাজনৈতিক কৌশলৰ বিপৰীতে অসহায় হৈছে নেকি কংগ্ৰেছ? নে ৰাইজে বৰ্জন কৰিছে কংগ্ৰেছক? দলটোৱে হেৰুৱাইছে নেকি জনতাৰ সমৰ্থন? এই প্ৰশ্নসমূহ আমাৰ নহয়।

খোদ প্ৰদেশ কংগ্ৰেছৰ ভিতৰচৰাত আজি বহুলভাৱে চৰ্চিত লাগিছে এই প্ৰশ্নসমূহ। এই প্ৰশ্নৰ উত্তৰ বিচাৰি যোৱা ১৭ আৰু ১৮ মে গুৱাহাটীত অনুষ্ঠিত ধাৰাবাহিক বৈঠক। অৱশ্যে নোলাল কোনো উত্তৰ। কংগ্ৰেছ নেতৃত্বতই বিচাৰি পোৱা নাই বিপৰ্যয়ৰ মূল কাৰণ। সেইবাবে আমি আলোচনা কৰিব বিচাৰিছোঁ এই বিষয়টো। দ্বৰাচলতে অসম প্ৰদেশ কংগ্ৰেছৰ একাংশ জ্যেষ্ঠ নেতাৰ আচৰণ আৰু ৰাজনৈতিক তৎপৰতাত সোমাই আছে এই প্ৰশ্নসমূহৰ উত্তৰ।

বিগত সময়ছোৱাত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, সাংসদ গৌৰৱ গগৈ, তিতাবৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা, কাৰ্যকৰী সভাপতি তথা বিধায়ক কমলাক্ষ দেপুৰকায়ষ্ঠ, সাংসদ আব্দুল খালেক, সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ ৰাজনৈতিক তথা সাংগঠনিক স্থিতিৰ বাবে কংগ্ৰেছ দল সংকটৰ সন্মুখীন বলগীয়া হৈছে। এই নেতা কেইগৰাকীৰ মাজৰ তিনিগৰাকীৰ মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সম্পৰ্কও অতি ঘনিষ্ঠ বুলি অভিযোগ আছে। কিন্তু তেওঁলোকে কংগ্ৰেছক বিপদত পেলাবলৈ ষড়যন্ত্ৰ কৰিছে কিয়? তাৰো কাৰণ আছে।

এইসকল নেতাই দলত এক অস্থিৰ পৰিৱেশ সৃষ্টি কৰি প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব বিশেষকৈ ভূপেন কুমাৰ বৰাক ব্যৰ্থ প্ৰতিপন্ন কৰিবলৈ পূৰ্ণ প্ৰচেষ্টা চলাইছে তাৰ অংশ হিচাপেবি টি আৰ নিৰ্বাচন, ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন, পৌৰসভা তথা টাউন কমিটীৰ নিৰ্বাচন আৰু শেহতীয়াভাৱে গুৱাহাটী পৌৰনিগমৰ নিৰ্বাচনত এই কেইগৰাকী নেতাই দলক সংগ দিয়া নাছিল। অকলশৰীয়া হৈ পৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী। পৰিণতিত শোচনীয় পৰাজয়। মনোবল ভাঙিছে দলীয় কৰ্মীৰ। হতাশগ্ৰস্ত হৈছে বহু নেতা।

এনে অৱস্থাৰ সুযোগ লৈছে বিজেপিয়ে। মাত্ৰ ২৮ শতাংশ লোকৰ সমৰ্থন লাভ কৰিও নিজকে সফল সজাবলৈ সক্ষম হৈছে গেৰুৱা বাহিনী। এনে পৰিৱেশ অক্ষুণ্ণ ৰাখিবলৈ বিজেপিয়ে হয়তো ব্যয় কৰিছে বুজন পৰিমাণৰ ধন। লগত থাকিব পাৰে অন্যান্য সা-সুবিধা। অন্য অৰ্থত এইসকল জ্যেষ্ঠ নেতাই অতি কৌশলেৰে লঠেকত পেলাইছে কংগ্ৰেছক। হয়তো বিজেপিৰ এজেণ্ট হিচাপে সক্ৰিয় হৈ আছে দলত। আৰু সেইবাবে কেৱল বঙহৰ যুঁজতহে বিধ্বস্ত হৈছে ৰাজ্যৰ প্ৰধান বিৰোধী দলটো।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?