--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সম্প্ৰতি নিৰ্বাচনী পৰাজয় আৰু সাংগঠনিক সংঘাতে বিপৰ্যস্ত কৰিছে কংগ্ৰেছে দলক। বিশেষকৈ অসমত অধিক স্পষ্ট হৈছে এই বিপৰ্যয়। তৃণমূলৰ পৰা শীৰ্ষ পৰ্যায়তো ধুম উঠিছে দল ত্যাগৰ। যোৱা বিধানসভা নিৰ্বাচনৰ পাছত স্থানীয়ভাৱে অনুষ্ঠিত সকলো নিৰ্বাচনতে বিধ্বস্ত হৈছে কংগ্ৰেছ। কিন্তু কিয়? এয়া নেতৃত্বৰ ব্যৰ্থতা নেকি? বিজেপিৰ ৰাজনৈতিক কৌশলৰ বিপৰীতে অসহায় হৈছে নেকি কংগ্ৰেছ? নে ৰাইজে বৰ্জন কৰিছে কংগ্ৰেছক? দলটোৱে হেৰুৱাইছে নেকি জনতাৰ সমৰ্থন? এই প্ৰশ্নসমূহ আমাৰ নহয়।

খোদ প্ৰদেশ কংগ্ৰেছৰ ভিতৰচৰাত আজি বহুলভাৱে চৰ্চিত লাগিছে এই প্ৰশ্নসমূহ। এই প্ৰশ্নৰ উত্তৰ বিচাৰি যোৱা ১৭ আৰু ১৮ মে গুৱাহাটীত অনুষ্ঠিত ধাৰাবাহিক বৈঠক। অৱশ্যে নোলাল কোনো উত্তৰ। কংগ্ৰেছ নেতৃত্বতই বিচাৰি পোৱা নাই বিপৰ্যয়ৰ মূল কাৰণ। সেইবাবে আমি আলোচনা কৰিব বিচাৰিছোঁ এই বিষয়টো। দ্বৰাচলতে অসম প্ৰদেশ কংগ্ৰেছৰ একাংশ জ্যেষ্ঠ নেতাৰ আচৰণ আৰু ৰাজনৈতিক তৎপৰতাত সোমাই আছে এই প্ৰশ্নসমূহৰ উত্তৰ।

বিগত সময়ছোৱাত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, সাংসদ গৌৰৱ গগৈ, তিতাবৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা, কাৰ্যকৰী সভাপতি তথা বিধায়ক কমলাক্ষ দেপুৰকায়ষ্ঠ, সাংসদ আব্দুল খালেক, সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ ৰাজনৈতিক তথা সাংগঠনিক স্থিতিৰ বাবে কংগ্ৰেছ দল সংকটৰ সন্মুখীন বলগীয়া হৈছে। এই নেতা কেইগৰাকীৰ মাজৰ তিনিগৰাকীৰ মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সম্পৰ্কও অতি ঘনিষ্ঠ বুলি অভিযোগ আছে। কিন্তু তেওঁলোকে কংগ্ৰেছক বিপদত পেলাবলৈ ষড়যন্ত্ৰ কৰিছে কিয়? তাৰো কাৰণ আছে।

এইসকল নেতাই দলত এক অস্থিৰ পৰিৱেশ সৃষ্টি কৰি প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব বিশেষকৈ ভূপেন কুমাৰ বৰাক ব্যৰ্থ প্ৰতিপন্ন কৰিবলৈ পূৰ্ণ প্ৰচেষ্টা চলাইছে তাৰ অংশ হিচাপেবি টি আৰ নিৰ্বাচন, ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন, পৌৰসভা তথা টাউন কমিটীৰ নিৰ্বাচন আৰু শেহতীয়াভাৱে গুৱাহাটী পৌৰনিগমৰ নিৰ্বাচনত এই কেইগৰাকী নেতাই দলক সংগ দিয়া নাছিল। অকলশৰীয়া হৈ পৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী। পৰিণতিত শোচনীয় পৰাজয়। মনোবল ভাঙিছে দলীয় কৰ্মীৰ। হতাশগ্ৰস্ত হৈছে বহু নেতা।

এনে অৱস্থাৰ সুযোগ লৈছে বিজেপিয়ে। মাত্ৰ ২৮ শতাংশ লোকৰ সমৰ্থন লাভ কৰিও নিজকে সফল সজাবলৈ সক্ষম হৈছে গেৰুৱা বাহিনী। এনে পৰিৱেশ অক্ষুণ্ণ ৰাখিবলৈ বিজেপিয়ে হয়তো ব্যয় কৰিছে বুজন পৰিমাণৰ ধন। লগত থাকিব পাৰে অন্যান্য সা-সুবিধা। অন্য অৰ্থত এইসকল জ্যেষ্ঠ নেতাই অতি কৌশলেৰে লঠেকত পেলাইছে কংগ্ৰেছক। হয়তো বিজেপিৰ এজেণ্ট হিচাপে সক্ৰিয় হৈ আছে দলত। আৰু সেইবাবে কেৱল বঙহৰ যুঁজতহে বিধ্বস্ত হৈছে ৰাজ্যৰ প্ৰধান বিৰোধী দলটো।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান