--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিমাংশু প্ৰসাদ দাসৰ কাম বুলি ক'লেই সকলোৱে আশাৰে বাট চায় কাৰণ তেওঁৰ কামবোৰত থাকে সদায়ে নতুনত্বৰ আভাস। হিমাংশু প্ৰসাদ দাসৰ কাম বুলি ক'লেই যেন কিছু ব্যতিক্ৰমী। তেওঁৰ কবিতা,গান, নাটক, চিনেমা আদি সকলোতে ইয়াৰ নিদৰ্শন পোৱা যায়। হিমাংশু দাসে জানে প্ৰচাৰৰ কৌশল।চিনেমা এখনৰ প্ৰচাৰৰ দিশটো অতিকৈ গুৰুত্বপূৰ্ণ। বহু ভাল চিনেমা প্ৰচাৰৰ অভাৱত দৰ্শকৰ সঁহাৰি লাভৰ পৰা বঞ্চিত হয়।কিন্তু এইক্ষেত্ৰত ছবি পৰিচালক হিমাংশু প্ৰসাদ দাস ব্যতিক্ৰম। তেওঁ ইতিপূৰ্বে নিৰ্মাণ কৰা প্ৰতিখন চিনেমাৰ প্ৰচাৰৰ ক্ষেত্ৰত অভিনৱ উপায়েৰে গুৰুত্ব প্ৰদান কৰা দেখা গৈছিল। সেয়েহে দাসৰ সকলো কামৰ বাবেই কলাপ্ৰেমী ৰাইজ ৰৈ থাকে। 

শেহতীয়াভাৱে মুক্তিৰ অপেক্ষাত থকা ’বুলু ফিল্ম’ৰ প্ৰচাৰো তীব্ৰ গতিত অব্যাহত আছে। প্ৰচাৰৰ কৌশল জনাৰ বাবেই দৰ্শকৰ মনত 'বুলু ফিল্ম'ৰ সন্দৰ্ভত এক আগ্ৰহৰ জন্ম হৈছে। এইবাৰ সকলোৰে অপেক্ষা মাথোঁ ৯ ছেপ্তেম্বৰলৈ। সেইদিনা সমগ্ৰ অসমৰ চিনেমাহলত মুক্তি লাভ কৰিব হিমাংশু প্ৰসাদ দাসৰ পৰিচালনাত নিৰ্মিত চতুৰ্থ চিনেমাখন চিনেমাই। চিনেমাখনৰ নাম 'বুলু ফিল্ম'। ইতিমধ্যেই চিনেমাখনৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাইছে প্ৰতিজন চিনেমাপ্ৰেমীয়ে। 'বুলু ফিল্ম'ৰ পটভূমি কি জানো আহক।

এখন গাঁও। নামনি অসমৰ এখন সাধাৰণ গাঁৱক বাৰুকৈয়ে সমস্যাত পেলাইছিল লক ডাউনে। লক ডাউনৰ সময়খিনিত নিম্ন মধ্যবিত্ত লোকৰ বসতিপ্ৰধান সেই গাঁওখনৰ লোকসকলে ভীষণ অভাৱৰ সন্মুখীন হৈছিল। লক ডাউনৰ কবলত পৰি সেইখন গাঁৱৰে তিনিজন যুৱকেও হেৰুৱাইছিল সংস্থাপন। সময় যোৱাৰ লগে লগে তিনিওৰে ঘৰত অভাৱে ভয়ংকৰ ৰূপ ধাৰণ কৰাত তেওঁলোকে উপাৰ্জনৰ বিকল্প বিচাৰি বিচাৰি অৱশেষত গাঁৱতে 'ব্লু-ফিল্ম' নিৰ্মাণৰ পৰিকল্পনা কৰে। সেই 'ব্লু-ফিল্ম' ইণ্টাৰনেটত আপলোড কৰি অসংখ্য ধন ঘটাৰ সপোন দেখা তিনিওজন যুৱকে অৱশেষত মুখামুখি হয় এক অভাৱনীয় বাস্তৱৰ। হাস্য-ব্যংগ শৈলীৰে আৰম্ভ হোৱা চিনেমাখনে পৰিসমাপ্তিত এক অভাৱনীয় পৰিণতিত শেষ হয়। মূলতঃ এই কাহিনীৰে নিৰ্মাণ কৰা হৈছে 'বুলু ফিল্ম' নামৰ চিনেমাখন। 

'ছাকিৰা আহিব বকুলতলৰ বিহুলৈ','গৰু','হিৰো' নামৰ তিনিখন চিনেমা নিৰ্মাণ কৰাৰ পাছত এইবাৰ কিছু অন্য ধৰণৰ অথচ মানুহৰ জীৱনৰ ৰুঢ় বাস্তৱৰ সত্যতাক দাঙি ধৰা এক কাহিনীৰে হিমাংশু প্ৰসাদ দাসে নিৰ্মাণ কৰিছে 'বুলু ফিল্ম'। এইখন চিনেমাই শেহতীয়াকৈ 'প্ৰাগ চিনে এৱাৰ্ডত' কেইবাটিও শিতানত বঁটা লাভ কৰিছে। শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ বঁটা লাভ কৰিছিল চিনেমাখনৰ কেন্দ্ৰীয় চৰিত্ৰ ৰূপায়ন কৰা প্ৰণামী বৰাই, শ্ৰেষ্ঠ সহ অভিনেতাৰ বঁটা লাভ কৰিছিল অপূৰ্ব বৰ্মনে, শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা লাভ কৰিছিল হিমাংশু প্ৰসাদ দাস, মহৰ্ষি তুহিন কাশ্যপ আৰু চাংকু নিৰঞ্জন নাথে, শ্ৰেষ্ঠ আৱহ সংগীত বঁটা লাভ কৰিছিল পল্লৱ তালুকদাৰে,শ্ৰেষ্ঠ গীতিকাৰ বঁটা লাভ কৰিছিল সাগৰ সৌৰভে। 

'বুলু ফিল্ম'ত পৰিচালক হিমাংশু প্ৰসাদ দাসে এটা মুখ্য চৰিত্ৰ ৰূপায়ন কৰাৰ লগতে অভিনয় কৰিছে প্ৰণামী বৰা, অপূৰ্ব বৰ্মন, চাংকু নিৰঞ্জন নাথ,অনামিকা শৰনীয়া, গৌৰৱজ্যোতি দাস,শিখা ঠাকুৰীয়া আদিয়ে। 

অসমীয়া ছবি উদ্যোগটোৱে প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সময়তে ৯ ছেপ্তেম্বৰত আশাৰ বতৰা লৈ আহি আছে হিমাংশু প্ৰসাদ দাস পৰিচালিত ’বুলু ফিল্ম’-এ। চিনেমাখনক ৰাইজে আঁকোৱালি ল'ব বুলি ভীষণ আশাবাদী পৰিচালক দাসৰ লগতে চিনেমাখনৰ লগত জড়িত প্ৰতিজন কলা-কুশলী।









FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সামুদ্ৰিক শিক্ষা আৰু কেৰিয়াৰৰ সুযোগ সম্প্ৰসাৰণত গুৰুত্ব আৰোপ কৰিছে ‘ভাৰতীয় সামুদ্ৰিক বিশ্ববিদ্যালয়’য়ে
PIBৰ উদ্যোগত অসমৰ সংবাদ প্ৰতিষ্ঠানৰ ১১জনীয়া সম্পাদক দলৰ ৫দিনীয়া তামিলনাডু ভ্ৰমণ আৰম্ভ
দেৰগাঁৱত লোকপিয়লত নিয়োজিত শিক্ষয়িত্ৰী কুকুৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত
পেলনীয়া সামগ্ৰীৰে সৃষ্টিৰ অনন্য নিদৰ্শন কমাৰগাঁৱৰ প্ৰতিভাধৰ শিল্পী অতুল হাজৰিকাৰ
কাছাৰত ট্ৰাকৰ গোপন চেম্বাৰৰ পৰা ৫০ হাজাৰ য়াবা টেবলেট জব্দ, গ্ৰেপ্তাৰ ১
‘মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়া লোকসকলে পাকিস্তান, ISIৰ পৰা সাহস পাইছে!’ বিস্ফোৰক মন্তব্য বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
কেৰালাত ৰহস্যজনক মৃত্যু মাৰ্ঘেৰিটাৰ যুৱকৰ; শোকত ভাগি পৰিছে পৰিয়াল
বৰপেটাত SP অফিচৰ সন্মুখতে চাঞ্চল্যকৰ চুৰিকাণ্ড! গেলামালৰ দোকানত চোৰৰ লুটপাট
দেশত ৯ মাহ ধৰি বৃদ্ধি মুদ্রাস্ফীতি; খাদ্য-সামগ্ৰীৰ আকাশলংঘী দামৰ পৰিণতি
ভাৰতত টি-২০ শৃংখলা খেলিব আফগানিস্তানে; দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত অনুষ্ঠিত হ’ব খেল
গুৱাহাটীত আজি ডুৰাণ্ড কাপৰ অন্তিম মেচ
মেৰাপানীত দোকানৰ পৰা ২০ হাজাৰ টকা চুৰি কৰা চোৰক উত্তম মধ্যম ৰাইজৰ
চকুত কাপোৰ বান্ধি ৫৫ ছেকেণ্ডতে ১৪ গৰাকী মহান ব্যক্তিৰ ছবি চিনাক্ত! 'অসম বুক অৱ ৰেকৰ্ডছ'ত নাম অন্তৰ্ভুক্ত গৌৰীপুৰৰ কণমানি ইফা হকৰ