--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিমাংশু প্ৰসাদ দাসৰ কাম বুলি ক'লেই সকলোৱে আশাৰে বাট চায় কাৰণ তেওঁৰ কামবোৰত থাকে সদায়ে নতুনত্বৰ আভাস। হিমাংশু প্ৰসাদ দাসৰ কাম বুলি ক'লেই যেন কিছু ব্যতিক্ৰমী। তেওঁৰ কবিতা,গান, নাটক, চিনেমা আদি সকলোতে ইয়াৰ নিদৰ্শন পোৱা যায়। হিমাংশু দাসে জানে প্ৰচাৰৰ কৌশল।চিনেমা এখনৰ প্ৰচাৰৰ দিশটো অতিকৈ গুৰুত্বপূৰ্ণ। বহু ভাল চিনেমা প্ৰচাৰৰ অভাৱত দৰ্শকৰ সঁহাৰি লাভৰ পৰা বঞ্চিত হয়।কিন্তু এইক্ষেত্ৰত ছবি পৰিচালক হিমাংশু প্ৰসাদ দাস ব্যতিক্ৰম। তেওঁ ইতিপূৰ্বে নিৰ্মাণ কৰা প্ৰতিখন চিনেমাৰ প্ৰচাৰৰ ক্ষেত্ৰত অভিনৱ উপায়েৰে গুৰুত্ব প্ৰদান কৰা দেখা গৈছিল। সেয়েহে দাসৰ সকলো কামৰ বাবেই কলাপ্ৰেমী ৰাইজ ৰৈ থাকে। 

শেহতীয়াভাৱে মুক্তিৰ অপেক্ষাত থকা ’বুলু ফিল্ম’ৰ প্ৰচাৰো তীব্ৰ গতিত অব্যাহত আছে। প্ৰচাৰৰ কৌশল জনাৰ বাবেই দৰ্শকৰ মনত 'বুলু ফিল্ম'ৰ সন্দৰ্ভত এক আগ্ৰহৰ জন্ম হৈছে। এইবাৰ সকলোৰে অপেক্ষা মাথোঁ ৯ ছেপ্তেম্বৰলৈ। সেইদিনা সমগ্ৰ অসমৰ চিনেমাহলত মুক্তি লাভ কৰিব হিমাংশু প্ৰসাদ দাসৰ পৰিচালনাত নিৰ্মিত চতুৰ্থ চিনেমাখন চিনেমাই। চিনেমাখনৰ নাম 'বুলু ফিল্ম'। ইতিমধ্যেই চিনেমাখনৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাইছে প্ৰতিজন চিনেমাপ্ৰেমীয়ে। 'বুলু ফিল্ম'ৰ পটভূমি কি জানো আহক।

এখন গাঁও। নামনি অসমৰ এখন সাধাৰণ গাঁৱক বাৰুকৈয়ে সমস্যাত পেলাইছিল লক ডাউনে। লক ডাউনৰ সময়খিনিত নিম্ন মধ্যবিত্ত লোকৰ বসতিপ্ৰধান সেই গাঁওখনৰ লোকসকলে ভীষণ অভাৱৰ সন্মুখীন হৈছিল। লক ডাউনৰ কবলত পৰি সেইখন গাঁৱৰে তিনিজন যুৱকেও হেৰুৱাইছিল সংস্থাপন। সময় যোৱাৰ লগে লগে তিনিওৰে ঘৰত অভাৱে ভয়ংকৰ ৰূপ ধাৰণ কৰাত তেওঁলোকে উপাৰ্জনৰ বিকল্প বিচাৰি বিচাৰি অৱশেষত গাঁৱতে 'ব্লু-ফিল্ম' নিৰ্মাণৰ পৰিকল্পনা কৰে। সেই 'ব্লু-ফিল্ম' ইণ্টাৰনেটত আপলোড কৰি অসংখ্য ধন ঘটাৰ সপোন দেখা তিনিওজন যুৱকে অৱশেষত মুখামুখি হয় এক অভাৱনীয় বাস্তৱৰ। হাস্য-ব্যংগ শৈলীৰে আৰম্ভ হোৱা চিনেমাখনে পৰিসমাপ্তিত এক অভাৱনীয় পৰিণতিত শেষ হয়। মূলতঃ এই কাহিনীৰে নিৰ্মাণ কৰা হৈছে 'বুলু ফিল্ম' নামৰ চিনেমাখন। 

'ছাকিৰা আহিব বকুলতলৰ বিহুলৈ','গৰু','হিৰো' নামৰ তিনিখন চিনেমা নিৰ্মাণ কৰাৰ পাছত এইবাৰ কিছু অন্য ধৰণৰ অথচ মানুহৰ জীৱনৰ ৰুঢ় বাস্তৱৰ সত্যতাক দাঙি ধৰা এক কাহিনীৰে হিমাংশু প্ৰসাদ দাসে নিৰ্মাণ কৰিছে 'বুলু ফিল্ম'। এইখন চিনেমাই শেহতীয়াকৈ 'প্ৰাগ চিনে এৱাৰ্ডত' কেইবাটিও শিতানত বঁটা লাভ কৰিছে। শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ বঁটা লাভ কৰিছিল চিনেমাখনৰ কেন্দ্ৰীয় চৰিত্ৰ ৰূপায়ন কৰা প্ৰণামী বৰাই, শ্ৰেষ্ঠ সহ অভিনেতাৰ বঁটা লাভ কৰিছিল অপূৰ্ব বৰ্মনে, শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা লাভ কৰিছিল হিমাংশু প্ৰসাদ দাস, মহৰ্ষি তুহিন কাশ্যপ আৰু চাংকু নিৰঞ্জন নাথে, শ্ৰেষ্ঠ আৱহ সংগীত বঁটা লাভ কৰিছিল পল্লৱ তালুকদাৰে,শ্ৰেষ্ঠ গীতিকাৰ বঁটা লাভ কৰিছিল সাগৰ সৌৰভে। 

'বুলু ফিল্ম'ত পৰিচালক হিমাংশু প্ৰসাদ দাসে এটা মুখ্য চৰিত্ৰ ৰূপায়ন কৰাৰ লগতে অভিনয় কৰিছে প্ৰণামী বৰা, অপূৰ্ব বৰ্মন, চাংকু নিৰঞ্জন নাথ,অনামিকা শৰনীয়া, গৌৰৱজ্যোতি দাস,শিখা ঠাকুৰীয়া আদিয়ে। 

অসমীয়া ছবি উদ্যোগটোৱে প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সময়তে ৯ ছেপ্তেম্বৰত আশাৰ বতৰা লৈ আহি আছে হিমাংশু প্ৰসাদ দাস পৰিচালিত ’বুলু ফিল্ম’-এ। চিনেমাখনক ৰাইজে আঁকোৱালি ল'ব বুলি ভীষণ আশাবাদী পৰিচালক দাসৰ লগতে চিনেমাখনৰ লগত জড়িত প্ৰতিজন কলা-কুশলী।









FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী