--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গ্লেমাৰ আৰু শ্ব’বিজৰ উদ্যোগটো বাহিৰৰ পৰা জাকজমক আৰু ধুনীয়া দেখা যায় যদিও ভিতৰি ভিতৰি ইয়াত বহু দুখজনক ঘটনা কিছুমান ঘটি থাকে। এনেধৰণৰ কিবা এক ঘটনা ঘটিল অভিনেত্ৰী সাধনাৰ লগত। সাধনা সেইগৰাকী অভিনেত্ৰী যাৰ চুলিৰ ষ্টাইল ‘সাধনা কাট’ নামেৰে বিখ্যাত হৈ পৰিছিল। ৬০ৰ দশকৰ জনপ্ৰিয় নায়িকা সাধনাই বহু বছৰ ধৰি চলচ্চিত্ৰ জগতত আধিপত্য বিস্তাৰ কৰিছিল। ৬০-৭০ৰ দশকৰ সৰ্বাধিক উপাৰ্জনকাৰী নায়িকাসকলৰ ভিতৰত সাধনা আছিল অন্যতম। তেওঁৰ কেৰিয়াৰত সকলো আছিল যদিও তেওঁ বহুত উত্থান-পতনো দেখিছিল। এটা সময়ো আহিল যেতিয়া সাধনাৰ বেয়া দিনবোৰ আৰম্ভ হ’ল৷ তেওঁ সহায় বিচাৰি বলীউডৰ মানুহৰ কাষ চাপিছিল কিন্তু কোনেও সহায় নকৰিলে।

বলীউডৰ জনপ্ৰিয় গায়িকা আশা ভোছলেই তেওঁৰ বিৰুদ্ধে গোচৰ তৰিছিল। আশা ভোছলে আৰু সাধনাৰ মাজত কিয় সংঘৰ্ষ হৈছিল? বিখ্যাত চলচ্চিত্ৰ পৰিচালক তথা প্ৰযোজক আৰ কে নায়াৰৰ সৈতে সাধনাৰ বিবাহ হৈছিল। ১৯৬৬ চনত দুয়োৰে বিবাহ হৈছিল। দুয়োৰে বৈবাহিক জীৱনটো ভালদৰে চলি আছিল। বিবাহৰ ২৮ বছৰ অতি সুন্দৰ ভাৱে পাৰ হৈছিল। কিন্তু ১৯৯৫ চনত আৰ কে নায়াৰৰ মৃত্যুৰ পাছত যেন সকলো সলনি হৈ পৰিল। সাধনা হৈ পৰিল সম্পূৰ্ণ অকলশৰীয়া। সাধনাই স্বামীৰ সৈতে মুম্বাইৰ খাৰত ‘সংগীতা’ নামৰ এটা বাংলোত বাস কৰিছিল। স্বামীৰ মৃত্যুৰ পিছত সাধনাৰ হৃদয় ভাগি যায়। তেওঁ অসুস্থও হৈ পৰিছিল। 

সাধনাই ভাৰত ত্যাগ কৰি আমেৰিকালৈ গ’ল। ভাবিছিল পৰিৱেশ সলনি হ’ব, হয়তো কিবা এটা ভাল হ’ব৷ সাধনাই বলীউডৰ পৰাও নিজকে আঁতৰাই ৰাখিছিল। সাধনাই সপোনতো ভবা নাছিল যে তেওঁৰ আগন্তুক দিনবোৰ আদালতলৈ দৌৰি দৌৰি পাৰ হ’ব। বৃদ্ধ বয়সতো তেওঁক টানি নিয়া হ’ব আদালতলৈ! আচলতে সাধনাৰ বাংলো বা ফ্লেটটো সেই একেটা বিল্ডিঙতে আছিল য’ত তেওঁৰ বিল্ডাৰো থাকে। কোৱা হয় যে বহুদিন ধৰি সাধনাৰ সম্পত্তিৰ ওপৰত চকু ৰাখিছিল বিল্ডাৰজনে। সাধনা অকলশৰীয়া আছিল। স্বামীৰ মৃত্যু হৈছিল আৰু সন্তান নাছিল। সাধনাৰ বাংলোটো কেনেবাকৈ প্ৰচুৰ দামত বিক্ৰী কৰি বিল্ডাৰজনে লাভ উঠাব বিচাৰিছিল। তেওঁ সাধনাৰ বাংলোটো গায়িকা আশা ভোছলেক বিপুল পৰিমাণত বিক্ৰী কৰাৰ প্ৰস্তাৱ দিছিল। আশা ভোছলে সাজু হ’ল।

খবৰ অনুসৰি, সাধনা এই বিষয়ে অৱগত নাছিল। কিন্তু সাধনাৰ অৱস্থা এনে কৰা হ’ল যে তেওঁক নিজৰ ঘৰতে বন্দী কৰি ৰখা হ’ল। সেই বিল্ডাৰজনে সাধনাক ঘৰৰ পৰা উলিয়াই দিবলৈ নানা ধৰণৰ কৌশল গ্ৰহণ কৰিছিল। খবৰ অনুসৰি বিল্ডাৰজনে ঘৰৰ ভিতৰলৈ গৈ সাধনাক হত্যা কৰাৰ ভাবুকিও দিছিল। এই গোচৰত সাধনাই আৰক্ষীক এজাহাৰ দাখিল কৰিছিল। তাৰপাছত বিল্ডাৰজনক গ্ৰেপ্তাৰ কৰা হৈছিল। কোৱা হয় যে সাধনাৰ নিজৰ ঘৰৰ বহু অংশত প্ৰৱেশ কৰাত বাধা আছিল। এই বিষয়ত আশা ভোছলে আৰু সাধনাৰ মাজত সংঘৰ্ষ আৰম্ভ হয়। 

আশা ভোছলেই সাধনাৰ বিৰুদ্ধে ছান্টাক্ৰুজ আৰক্ষী থানাত এফ আই আৰ দাখিল কৰিছিল। তাত তেওঁ অভিযোগ কৰিছিল যে সাধনা কেৱল অট্টালিকাৰ তলৰ মহলাৰ ভাড়াতীয়া। কিন্তু সাধনাই আশা আৰু তেওঁৰ ষ্টাফ আৰু আন সদস্যসকলক সকলোতে বাধা দিয়ে। সাধনাই আনকি তেওঁলোকক বাৰীত সোমাবলৈও নিদিয়ে। আশা ভোছলে কৈছিল যে সাধনাই বাগিচাখনত নিজৰ অধিকাৰ ভুলকৈ দাবী কৰিছে। বাগিচাখনত কেৱল আশাৰহে অধিকাৰ আছে। 

এক সাক্ষাৎকাৰত সাধনাই কৈছিল যে তেওঁ ৫০ বছৰ ধৰি বাংলোটোত আছে।  আশা ভোছলেক বাগিচালৈ যোৱাত কেতিয়াও বাধা দিয়া নাছিল।  সম্পত্তিক লৈ সাধনা আৰু আশা ভোছলেৰ এই আইনী যুঁজখন বহুদিন ধৰি চলিছিল। এই আইনী যুঁজ যুঁজি যুঁজিয়েই সাধনাই এই পৃথিৱী এৰি গুচি গ’ল। তেওঁ অসুস্থ দেহাৰেই আদালতলৈ গৈ থাকিল। খবৰ অনুসৰি সাধনাৰ মুখৰ কৰ্কট ৰোগ আছিল, যাৰ অস্ত্ৰোপচাৰো ২০১৪ চনৰ ডিচেম্বৰ মাহত হৈছিল। কিন্তু এবছৰৰ পিছত অৰ্থাৎ ২০১৫ চনৰ ১৫ ডিচেম্বৰত তেওঁৰ মৃত্যু হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সামুদ্ৰিক শিক্ষা আৰু কেৰিয়াৰৰ সুযোগ সম্প্ৰসাৰণত গুৰুত্ব আৰোপ কৰিছে ‘ভাৰতীয় সামুদ্ৰিক বিশ্ববিদ্যালয়’য়ে
PIBৰ উদ্যোগত অসমৰ সংবাদ প্ৰতিষ্ঠানৰ ১১জনীয়া সম্পাদক দলৰ ৫দিনীয়া তামিলনাডু ভ্ৰমণ আৰম্ভ
দেৰগাঁৱত লোকপিয়লত নিয়োজিত শিক্ষয়িত্ৰী কুকুৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত
পেলনীয়া সামগ্ৰীৰে সৃষ্টিৰ অনন্য নিদৰ্শন কমাৰগাঁৱৰ প্ৰতিভাধৰ শিল্পী অতুল হাজৰিকাৰ
কাছাৰত ট্ৰাকৰ গোপন চেম্বাৰৰ পৰা ৫০ হাজাৰ য়াবা টেবলেট জব্দ, গ্ৰেপ্তাৰ ১
‘মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়া লোকসকলে পাকিস্তান, ISIৰ পৰা সাহস পাইছে!’ বিস্ফোৰক মন্তব্য বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
কেৰালাত ৰহস্যজনক মৃত্যু মাৰ্ঘেৰিটাৰ যুৱকৰ; শোকত ভাগি পৰিছে পৰিয়াল
বৰপেটাত SP অফিচৰ সন্মুখতে চাঞ্চল্যকৰ চুৰিকাণ্ড! গেলামালৰ দোকানত চোৰৰ লুটপাট
দেশত ৯ মাহ ধৰি বৃদ্ধি মুদ্রাস্ফীতি; খাদ্য-সামগ্ৰীৰ আকাশলংঘী দামৰ পৰিণতি
ভাৰতত টি-২০ শৃংখলা খেলিব আফগানিস্তানে; দিল্লীৰ অৰুণ জেটলি ষ্টেডিয়ামত অনুষ্ঠিত হ’ব খেল
গুৱাহাটীত আজি ডুৰাণ্ড কাপৰ অন্তিম মেচ
মেৰাপানীত দোকানৰ পৰা ২০ হাজাৰ টকা চুৰি কৰা চোৰক উত্তম মধ্যম ৰাইজৰ
চকুত কাপোৰ বান্ধি ৫৫ ছেকেণ্ডতে ১৪ গৰাকী মহান ব্যক্তিৰ ছবি চিনাক্ত! 'অসম বুক অৱ ৰেকৰ্ডছ'ত নাম অন্তৰ্ভুক্ত গৌৰীপুৰৰ কণমানি ইফা হকৰ