--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০ ডিচেম্বৰৰ পৰা এতিয়ালৈকে  চীনত প্ৰায় ২৫০ নিযুত লোক কোভিড-১৯ ৰ দ্বাৰা সংক্ৰমিত হৈছে। অৱশ্যে চৰকাৰৰ বিৰুদ্ধে সেই তথ্য লুকুৱাই ৰখাৰ অভিযোগ উঠিছে৷ সংক্ৰমণ বৃদ্ধিৰ মাজতে চীনে কোভিড সম্পৰ্কীয় তথ্য প্ৰকাশ কৰা বন্ধ কৰিছে। চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে (এনএইচচি) কৈছে যে তেওঁলোকে দেওবাৰৰ পৰা কোভিডৰ সংক্ৰমণৰ বিষয়ে অধিক তথ্য প্ৰদান নকৰে।

এনএইচচিয়ে এই সন্দৰ্ভত এটা বিবৃতি জাৰি কৰিছে। তাত কোৱা হৈছে "এতিয়াৰে পৰা এনএইচচিয়ে  কোনো কোভিড সম্পৰ্কীয় তথ্য প্ৰদান নকৰে। নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰই (চিডিচি) কোভিড-১৯ সম্পৰ্কীয় সকলো তথ্য প্ৰকাশ কৰিব পাৰে"। এন.এইচ.চি.-য়ে অৱশ্যে এই সিদ্ধান্ত কিয় লোৱা হৈছে সেয়া প্ৰকাশ  কৰা নাই। 

চীনৰ কেইবাটাও সংবাদ মাধ্যমে দাবী কৰিছে যে চীনত কৰোনা সংক্ৰমণ বিয়পি পৰাৰ ফলত পৰিস্থিতি অধিক বেয়াৰ দিশে গতি কৰিছে৷লগতে বহুতে অভিযোগ কৰিছে যে প্ৰশাসনে সংক্ৰমণৰ হাৰ যিমান তাতকৈ বহুত কমকৈ দেখুৱাইছে। চিকিৎসালয়বোৰ ৰোগীৰে ভৰি  পৰিছে। আইচিইউ, ঔষধৰ অভাৱ হৈছে। আনকি চিকিৎসালয়ৰ মৰ্গটো মৃতদেহ ঠাহ খাই পৰিছে, শ্মশান মৃতদেহৰে উপচি পৰিছে। ইয়াৰ মাজতে চীনৰ বিভিন্ন প্ৰান্তৰ চিকিৎসালয় আৰু স্বাস্থ্য কেন্দ্ৰসমূহে প্ৰয়োজনীয় পৰিমাণৰ তেজ পোৱা নাই। সেয়ে কিছু ঠাইত স্বেচ্ছামূলক ৰক্তদানৰ ব্যৱস্থা  কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক