--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০ ডিচেম্বৰৰ পৰা এতিয়ালৈকে  চীনত প্ৰায় ২৫০ নিযুত লোক কোভিড-১৯ ৰ দ্বাৰা সংক্ৰমিত হৈছে। অৱশ্যে চৰকাৰৰ বিৰুদ্ধে সেই তথ্য লুকুৱাই ৰখাৰ অভিযোগ উঠিছে৷ সংক্ৰমণ বৃদ্ধিৰ মাজতে চীনে কোভিড সম্পৰ্কীয় তথ্য প্ৰকাশ কৰা বন্ধ কৰিছে। চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে (এনএইচচি) কৈছে যে তেওঁলোকে দেওবাৰৰ পৰা কোভিডৰ সংক্ৰমণৰ বিষয়ে অধিক তথ্য প্ৰদান নকৰে।

এনএইচচিয়ে এই সন্দৰ্ভত এটা বিবৃতি জাৰি কৰিছে। তাত কোৱা হৈছে "এতিয়াৰে পৰা এনএইচচিয়ে  কোনো কোভিড সম্পৰ্কীয় তথ্য প্ৰদান নকৰে। নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰই (চিডিচি) কোভিড-১৯ সম্পৰ্কীয় সকলো তথ্য প্ৰকাশ কৰিব পাৰে"। এন.এইচ.চি.-য়ে অৱশ্যে এই সিদ্ধান্ত কিয় লোৱা হৈছে সেয়া প্ৰকাশ  কৰা নাই। 

চীনৰ কেইবাটাও সংবাদ মাধ্যমে দাবী কৰিছে যে চীনত কৰোনা সংক্ৰমণ বিয়পি পৰাৰ ফলত পৰিস্থিতি অধিক বেয়াৰ দিশে গতি কৰিছে৷লগতে বহুতে অভিযোগ কৰিছে যে প্ৰশাসনে সংক্ৰমণৰ হাৰ যিমান তাতকৈ বহুত কমকৈ দেখুৱাইছে। চিকিৎসালয়বোৰ ৰোগীৰে ভৰি  পৰিছে। আইচিইউ, ঔষধৰ অভাৱ হৈছে। আনকি চিকিৎসালয়ৰ মৰ্গটো মৃতদেহ ঠাহ খাই পৰিছে, শ্মশান মৃতদেহৰে উপচি পৰিছে। ইয়াৰ মাজতে চীনৰ বিভিন্ন প্ৰান্তৰ চিকিৎসালয় আৰু স্বাস্থ্য কেন্দ্ৰসমূহে প্ৰয়োজনীয় পৰিমাণৰ তেজ পোৱা নাই। সেয়ে কিছু ঠাইত স্বেচ্ছামূলক ৰক্তদানৰ ব্যৱস্থা  কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ