--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰদিনৰ উলাহৰ মাজতে ভয়ানক তুষাৰপাত আৰু ধুমুহাৰ  ফলত সমগ্ৰ আমেৰিকা বিধ্বস্ত হৈ পৰিছে। এই প্ৰাকৃতিক দুৰ্যোগত এতিয়ালৈকে ২২ জন লোকৰ মৃত্যু হৈছে। প্ৰায় ১৫ লাখ পৰিয়ালত  বিদ্যুৎ সংযোগ নোহোৱা হৈ পৰিছে। কিছুমান ঠাইত তাপমাত্ৰা -৪৫ ডিগ্ৰী চেলচিয়াছৰ তললৈ হ্ৰাস পাইছে। কৰবাত ইমানেই বেছি  বৰফ পৰিছে যে ৰাস্তা আৰু ঘৰবোৰ ১০ ফুট বৰফৰ আৱৰণত পোত গৈছে।


প্ৰচণ্ড তুষাৰপাত আৰু ধুমুহাই  সমগ্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰত বিমান সেৱা ব্যাহত কৰি তুলিছে।তুশাৰ ধুমুহাৰ বাবেই  কালি ৫,৯৩৪ খন বিমান বাতিল কৰা হৈছিল। আজিও ২,৭০০ খন বিমান বাতিল কৰা হৈছে। বতৰ বিজ্ঞান বিভাগৰ মতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছৰ পৰা কানাডাৰ কুইবেকলৈকে ৩,২০০ কিলোমিটাৰ এলেকাত  তুষাৰপাতৰ ফলত বিধ্বংসী পৰিস্থিতিৰ সৃষ্টি হৈছে।বতৰ বিজ্ঞানীসকলে ঘূৰ্ণীবতাহটোৰ নাম 'বম্ব ঘূৰ্ণীবতাহ' ৰাখিছে, কাৰণ   ই বোমা বিস্ফোৰণৰ দৰেই মাৰাত্মক।

মিনেসোটা, আইৱা, বাফেলো, উইচকনচিন, মিচিগান আৰু নিউয়ৰ্কত দৃশ্যমানতা শূন্যলৈ হ্ৰাস পাইছে। অণ্টাৰিঅ'ৰ মিচিগানৰ লেক চুপিৰিয়ৰ, হুৰনৰ চাৰিওফালৰ এলেকাবোৰত প্ৰচুৰ তুষাৰপাত হৈছে।
ধুমুহা বতাহৰ বাবে বহু ঠাইত বিদ্যুতৰ খুটা উভালি পৰিছে। গছ-গছনিও উভালি পৰি পথ বন্ধ কৰি পেলাইছে৷ । 

পেনচিলভেনিয়া, ভাৰ্জিনিয়া আৰু নৰ্থ কেৰোলিনা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে।  টেনেচি, নিউয়ৰ্ক, মেৰিলেণ্ড আৰু কানেকটিকাটতো পৰিস্থিতি জটিল হৈ পৰিছে।নিউয়ৰ্কত  জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ