--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰদিনৰ উলাহৰ মাজতে ভয়ানক তুষাৰপাত আৰু ধুমুহাৰ  ফলত সমগ্ৰ আমেৰিকা বিধ্বস্ত হৈ পৰিছে। এই প্ৰাকৃতিক দুৰ্যোগত এতিয়ালৈকে ২২ জন লোকৰ মৃত্যু হৈছে। প্ৰায় ১৫ লাখ পৰিয়ালত  বিদ্যুৎ সংযোগ নোহোৱা হৈ পৰিছে। কিছুমান ঠাইত তাপমাত্ৰা -৪৫ ডিগ্ৰী চেলচিয়াছৰ তললৈ হ্ৰাস পাইছে। কৰবাত ইমানেই বেছি  বৰফ পৰিছে যে ৰাস্তা আৰু ঘৰবোৰ ১০ ফুট বৰফৰ আৱৰণত পোত গৈছে।


প্ৰচণ্ড তুষাৰপাত আৰু ধুমুহাই  সমগ্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰত বিমান সেৱা ব্যাহত কৰি তুলিছে।তুশাৰ ধুমুহাৰ বাবেই  কালি ৫,৯৩৪ খন বিমান বাতিল কৰা হৈছিল। আজিও ২,৭০০ খন বিমান বাতিল কৰা হৈছে। বতৰ বিজ্ঞান বিভাগৰ মতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছৰ পৰা কানাডাৰ কুইবেকলৈকে ৩,২০০ কিলোমিটাৰ এলেকাত  তুষাৰপাতৰ ফলত বিধ্বংসী পৰিস্থিতিৰ সৃষ্টি হৈছে।বতৰ বিজ্ঞানীসকলে ঘূৰ্ণীবতাহটোৰ নাম 'বম্ব ঘূৰ্ণীবতাহ' ৰাখিছে, কাৰণ   ই বোমা বিস্ফোৰণৰ দৰেই মাৰাত্মক।

মিনেসোটা, আইৱা, বাফেলো, উইচকনচিন, মিচিগান আৰু নিউয়ৰ্কত দৃশ্যমানতা শূন্যলৈ হ্ৰাস পাইছে। অণ্টাৰিঅ'ৰ মিচিগানৰ লেক চুপিৰিয়ৰ, হুৰনৰ চাৰিওফালৰ এলেকাবোৰত প্ৰচুৰ তুষাৰপাত হৈছে।
ধুমুহা বতাহৰ বাবে বহু ঠাইত বিদ্যুতৰ খুটা উভালি পৰিছে। গছ-গছনিও উভালি পৰি পথ বন্ধ কৰি পেলাইছে৷ । 

পেনচিলভেনিয়া, ভাৰ্জিনিয়া আৰু নৰ্থ কেৰোলিনা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে।  টেনেচি, নিউয়ৰ্ক, মেৰিলেণ্ড আৰু কানেকটিকাটতো পৰিস্থিতি জটিল হৈ পৰিছে।নিউয়ৰ্কত  জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক