--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমৰ সুসন্তান জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্ত অসুস্থ। পাপনৰ অসুস্থতাৰ বাতৰিয়ে উদ্বিগ্ন কৰি তুলিছে তেওঁৰ অলেখ অনুৰাগী তথা শুভাকাংক্ষীক। পাপনে এই খবৰ নিজে সদৰী কৰাৰ পাছতে উদ্বিগ্ন হৈ পৰিছে তেওঁৰ অনুৰাগীসকল। 

নিশা হঠাৎ অসুস্থ হৈ পৰা পাপনক ভৰ্তি কৰোৱা হয় মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালত। কণ্ঠশিল্পীগৰাকী হাস্পতালত চিকিৎসাধীন হোৱাৰ পাছত তেওঁৰ সৈতে নাইট এটেণ্ডেন্ট হিচাপে থাকে ১৩ বছৰীয়া পুত্ৰ পোহৰ।

পুত্ৰক লৈ অংগৰাগ মহন্তই আবেগিক পোষ্ট কৰাৰ লগতে তেওঁৰ স্বাস্থ্যৰ বিষয়েও অৱগত কৰে অনুৰাগীসকলক। পাপনে লিখিছে- ‘‘এই সৰু সৰু যুদ্ধবোৰ আমি সকলোৱে অকলে যুঁজ দিওঁ। ব্যক্তিগতভাৱে এইবোৰ ঘটনা ছ’চিয়েল মিডিয়াত পোষ্ট কৰাটো মোৰ ভাল নালাগে৷ কিন্তু যোৱা নিশাটো ব্যতিক্ৰম আছিল। ১৩ বছৰীয়া মোৰ সৰু ল’ৰাটোৱে প্ৰথমবাৰৰ বাবে হাস্পতালৰ নাইট এটেণ্ডেণ্ট হিচাপে মোৰ কাষত আছিল।’ এয়া এক আৱেগিক মুহূৰ্ত। এই কথা মই মোৰ বন্ধু-বান্ধৱী আৰু শুভাকাংক্ষীসকলৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছিলো।’’

পিতৃ খগেন মহন্ত আৰু মাতৃ অৰ্চনা মহন্তক সুঁৱৰি পাপনে আকৌ লিখিছে, ‘‘মোৰ মনত আছে সেই সকলোবোৰ সময়. যেতিয়া মই মোৰ মা-দেউতাৰ বাবে এই কাম কৰিছিলোঁ। ইতিমধ্যে নাতি পোহৰে লোৱা এই দায়িত্ব চাবলৈ তেওঁলোক ওচৰত থকা হ’লে ভাল আছিল!’
!
মই ধন্য অনুভৱ কৰিছো আৰু সকলোৰে আশীৰ্বাদ আৰু শুভেচ্ছাৰ বাবে ধন্যবাদ! এতিয়া মই আগতকৈ সুস্থ অনুভৱ কৰিছো’’



















FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ