--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমৰ সুসন্তান জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্ত অসুস্থ। পাপনৰ অসুস্থতাৰ বাতৰিয়ে উদ্বিগ্ন কৰি তুলিছে তেওঁৰ অলেখ অনুৰাগী তথা শুভাকাংক্ষীক। পাপনে এই খবৰ নিজে সদৰী কৰাৰ পাছতে উদ্বিগ্ন হৈ পৰিছে তেওঁৰ অনুৰাগীসকল। 

নিশা হঠাৎ অসুস্থ হৈ পৰা পাপনক ভৰ্তি কৰোৱা হয় মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালত। কণ্ঠশিল্পীগৰাকী হাস্পতালত চিকিৎসাধীন হোৱাৰ পাছত তেওঁৰ সৈতে নাইট এটেণ্ডেন্ট হিচাপে থাকে ১৩ বছৰীয়া পুত্ৰ পোহৰ।

পুত্ৰক লৈ অংগৰাগ মহন্তই আবেগিক পোষ্ট কৰাৰ লগতে তেওঁৰ স্বাস্থ্যৰ বিষয়েও অৱগত কৰে অনুৰাগীসকলক। পাপনে লিখিছে- ‘‘এই সৰু সৰু যুদ্ধবোৰ আমি সকলোৱে অকলে যুঁজ দিওঁ। ব্যক্তিগতভাৱে এইবোৰ ঘটনা ছ’চিয়েল মিডিয়াত পোষ্ট কৰাটো মোৰ ভাল নালাগে৷ কিন্তু যোৱা নিশাটো ব্যতিক্ৰম আছিল। ১৩ বছৰীয়া মোৰ সৰু ল’ৰাটোৱে প্ৰথমবাৰৰ বাবে হাস্পতালৰ নাইট এটেণ্ডেণ্ট হিচাপে মোৰ কাষত আছিল।’ এয়া এক আৱেগিক মুহূৰ্ত। এই কথা মই মোৰ বন্ধু-বান্ধৱী আৰু শুভাকাংক্ষীসকলৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছিলো।’’

পিতৃ খগেন মহন্ত আৰু মাতৃ অৰ্চনা মহন্তক সুঁৱৰি পাপনে আকৌ লিখিছে, ‘‘মোৰ মনত আছে সেই সকলোবোৰ সময়. যেতিয়া মই মোৰ মা-দেউতাৰ বাবে এই কাম কৰিছিলোঁ। ইতিমধ্যে নাতি পোহৰে লোৱা এই দায়িত্ব চাবলৈ তেওঁলোক ওচৰত থকা হ’লে ভাল আছিল!’
!
মই ধন্য অনুভৱ কৰিছো আৰু সকলোৰে আশীৰ্বাদ আৰু শুভেচ্ছাৰ বাবে ধন্যবাদ! এতিয়া মই আগতকৈ সুস্থ অনুভৱ কৰিছো’’



















FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ