--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দূৰ্দান্ত প্ৰদৰ্শন কৰিলে বিৰাট কোহলীয়ে৷ ৩৬৪ টা বলৰ মুখামুখি হৈ ১৮৬ ৰাণৰ বিৰাট ইনিংছ খেলিলে তাৰকাগৰাকীয়ে৷ সম্পূৰ্ণ কৰিলে টেষ্টত ২৮টাকৈ শতক৷

পত্নী অনুষ্কা শৰ্মাৰ প্ৰতি কোহলীৰ অগাধ ভালপোৱা আছে৷ সেয়ে শতকটো অৰ্জন কৰাৰ পাছতে তেওঁ অনুষ্কালৈ উচৰ্গা কৰিছে৷ তাৰপাছতে অনুষ্কাই প্ৰকাশ কৰিছে চাঞ্চল্যকৰ ভাষ্য৷

ইনষ্টাগ্ৰাম ষ্ট’ৰীজত অনুষ্কাই বিৰাটক অভিনন্দন জনাই লিখে যে তাৰকাগৰাকীয়ে শাৰিৰীক অসুস্থ অৱস্থাতে বেটিং কৰিছিল। কিন্তু সবিশেষ একো লিখা নাই৷ সেয়ে বিৰাটে কেনেধৰণৰ অসুস্থতাত ভুগি আছে সেই বিষয়ে জানিব পৰা হোৱা নাই৷ খেলপথাৰত খেলিবলৈ অহাৰ সময়ত বিৰাটে কাকো তেওঁৰ অসুস্থতাৰ কথা কোৱা নাছিল।



আহমেদাবাদৰ গৰমত বেটিং আৰু দৌৰাৰ পিছত তেওঁক ভাগৰুৱা আৰু অৱশ হোৱা দেখা গৈছিল৷ হয়তো অনুষ্কাই এই কথাই লিখিছে৷

উল্লেখ্য যে ২০১৯ চনৰ নৱেম্বৰ মাহত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চতুৰ্থখন টেষ্টৰ চতুৰ্থ দিনত তেওঁ শেষবাৰৰ বাবে শতক অৰ্জন কৰিছিল। তাৰ প্ৰায় চাৰি বছৰৰ পাছত পুনৰ শতক অৰ্জন কৰিছে বিৰাটে৷

এইটো তেওঁৰ ২৮ সংখ্যক টেষ্ট শতক আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৭৫ সংখ্যক শতক। ভাৰতত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্টত কোহলীয়ে সৰ্বোত্তম স্ক’ৰো এইটো৷ কোহলীৰ এই বিৰাট ইনিংছটোত তেওঁ মুখামুখি হয় ৩৬৪টা বল৷ ১৫টা চাৰিটা কোবায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক