--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দূৰ্দান্ত প্ৰদৰ্শন কৰিলে বিৰাট কোহলীয়ে৷ ৩৬৪ টা বলৰ মুখামুখি হৈ ১৮৬ ৰাণৰ বিৰাট ইনিংছ খেলিলে তাৰকাগৰাকীয়ে৷ সম্পূৰ্ণ কৰিলে টেষ্টত ২৮টাকৈ শতক৷

পত্নী অনুষ্কা শৰ্মাৰ প্ৰতি কোহলীৰ অগাধ ভালপোৱা আছে৷ সেয়ে শতকটো অৰ্জন কৰাৰ পাছতে তেওঁ অনুষ্কালৈ উচৰ্গা কৰিছে৷ তাৰপাছতে অনুষ্কাই প্ৰকাশ কৰিছে চাঞ্চল্যকৰ ভাষ্য৷

ইনষ্টাগ্ৰাম ষ্ট’ৰীজত অনুষ্কাই বিৰাটক অভিনন্দন জনাই লিখে যে তাৰকাগৰাকীয়ে শাৰিৰীক অসুস্থ অৱস্থাতে বেটিং কৰিছিল। কিন্তু সবিশেষ একো লিখা নাই৷ সেয়ে বিৰাটে কেনেধৰণৰ অসুস্থতাত ভুগি আছে সেই বিষয়ে জানিব পৰা হোৱা নাই৷ খেলপথাৰত খেলিবলৈ অহাৰ সময়ত বিৰাটে কাকো তেওঁৰ অসুস্থতাৰ কথা কোৱা নাছিল।



আহমেদাবাদৰ গৰমত বেটিং আৰু দৌৰাৰ পিছত তেওঁক ভাগৰুৱা আৰু অৱশ হোৱা দেখা গৈছিল৷ হয়তো অনুষ্কাই এই কথাই লিখিছে৷

উল্লেখ্য যে ২০১৯ চনৰ নৱেম্বৰ মাহত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চতুৰ্থখন টেষ্টৰ চতুৰ্থ দিনত তেওঁ শেষবাৰৰ বাবে শতক অৰ্জন কৰিছিল। তাৰ প্ৰায় চাৰি বছৰৰ পাছত পুনৰ শতক অৰ্জন কৰিছে বিৰাটে৷

এইটো তেওঁৰ ২৮ সংখ্যক টেষ্ট শতক আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৭৫ সংখ্যক শতক। ভাৰতত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্টত কোহলীয়ে সৰ্বোত্তম স্ক’ৰো এইটো৷ কোহলীৰ এই বিৰাট ইনিংছটোত তেওঁ মুখামুখি হয় ৩৬৪টা বল৷ ১৫টা চাৰিটা কোবায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু