--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছিয়াৰ আটাইতকৈ ধনী লোক জনৰ অৱস্থা এতিয়া চাবলগীয়া বিধৰ হৈছে৷ জালিয়াতিৰে ধনী ব্যক্তিৰ তালিকাৰ ওপৰৰ পিনে থকা গৌতম আদানীৰ জালিয়াতি ফাদিল কৰি দিছে এটা মাৰ্কিন সংস্থাই৷ সংস্থাটোৱে আদানীৰ জালিয়াতি ফাদিল কৰাৰ পিছতে গৌতম আদানী ধনী ব্যক্তিৰ তালিকাত সপ্তম স্থানলৈ পিছলি পৰিছে৷ কেৱল সেয়াই নহয়, আদানী গ্ৰুপৰ ব্যৱসায় ইমানেই বেছি পৰি গৈছে যে আদানী গ্ৰুপৰ বিভিন্ন কোম্পানীত বিনিয়োগ কৰা লোকসকলে এতিয়া মূৰে কপালে হাত দিছে৷ 

দেশৰ কেইবাটাও প্ৰতিষ্ঠানৰ পৰা হাজাৰ হাজাৰ কোটি টকা  ধাৰলৈ লোৱা আদানী গ্ৰুপৰ প্ৰতিষ্ঠাপক গৌতম আদানীয়েও দেশৰ বাহিৰলৈ পলাই গৈ নিজকে সুৰক্ষিত কৰিব নেকি তাকেলৈয়ো প্ৰশ্ন উত্থাপন হৈছে৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নয়নৰ মণি গৌতম আদানীৰ জালিয়াতিৰ কথা ইমান দিনে ঢাকি ৰখা হৈছিল যদিও মাৰ্কিন সংস্থাটোৱে সকলো গোঁমৰফাঁক কৰি দিয়াত এতিয়া অস্বস্তিত পৰিছে মোদী চৰকাৰৰ বহু বাঘা বাঘা নেতাও৷ আমেৰিকাৰ বিনিয়োগ গৱেষণা সংস্থা হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ প্ৰতিবেদনত কৰা এনে দাবীৰ পিছতে এক হুলস্থূলৰ সৃষ্টি হয়। আদানি গোটৰ কোম্পানীবোৰৰ শ্বেয়াৰ ৰাতিটোৰ ভিতৰতে হ্ৰাস পাবলৈ ধৰে। চেঞ্চেক্সো ক্ৰমে পৰি আহে। 

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোম্পানীটোৱে দাবী কৰিছে যে আদানি গ্ৰুপে জালিয়াতিৰে  কৰি ইয়াৰ কোম্পানীবোৰৰ শ্বেয়াৰৰ মূল্য বৃদ্ধি কৰিছে।অৰ্থাৎ একক দুই কৰি দেখুৱাই আদানি গ্ৰুপে শ্বেয়াৰৰ মূল্য বৃদ্ধি কৰিছে।  সংস্থাটোৰ  প্ৰতিবেদনত দাবী কৰা হৈছে যে তেওঁলোকে দুবছৰ ধৰি বিষয়টো অনুসন্ধান কৰাৰ পিছত এই তথ্য জানিব পাৰিছে।

হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ  প্ৰতিবেদন অনুসৰি আদানি গ্ৰুপে যোৱা এক দশকত ইয়াৰ কোম্পানীবোৰৰ শ্বেয়াৰৰ মূল্য কৃত্ৰিমভাৱে বৃদ্ধি কৰিছে। যোৱা তিনি বছৰত, গৌতম আদানিৰ মুঠ মূল্য ১২,০০০কোটি ডলাৰৰ জালিয়াতি কৰিছে বুলিও কোৱা হৈছে। প্ৰতিবেদন খনত উল্লেখ কৰা মতে আদানী গ্ৰুপে কৃত্ৰিমভাৱে কেইবাবাৰো শ্বেয়াৰৰ মূল্য বৃদ্ধি কৰি বৃহৎ সম্পদ সৃষ্টি কৰিছে। যোৱা তিনি বছৰত আদানিৰ শ্বেয়াৰ, সম্পত্তি ৮০০  শতাংশতকৈও অধিক বৃদ্ধি হোৱা বুলি দেখুওৱা হৈছে। 

হিণ্ডেনবাৰ্গে দাবী কৰে যে সংস্থাটোৱে এই  সমীক্ষা সম্পাদন কৰিবলৈ আদানি গোটৰ কিছু সংখ্যক  প্ৰাক্তন উচ্চ পদস্থ বিষয়াৰ সৈতে কথা পাতিছে। তেওঁলোকে এই বিষয়ত হাজাৰ হাজাৰ নথিপত্ৰও পৰীক্ষা কৰি চাইছে।সকলো দিশ পৰীক্ষা কৰাৰ পিছত এই প্ৰতিবেদন প্ৰকাশ কৰা হৈছে।

আদানী গ্ৰুপৰ এনে দুৰ্দশাৰ কথা  প্ৰকাশ পোৱাৰ পিছতে  এল আই চি আৰু এছ বি আইৰ শ্বেয়াৰৰ বজাৰ মূলধনত “৭৮ হাজাৰ কোটি টকাৰো অধিক লোকচান” হোৱাৰ আশংকাই দেখা দিছে৷  এই বিশয়ত কংগ্ৰেছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী আৰু তদন্তকাৰী সংস্থাসমূহৰ “মৌনতা”ক লৈ প্ৰশ্ন উত্থাপন কৰিছে।
কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰনদীপ সুৰজেৱালাই দাবী কৰে যে হিণ্ডেনবাৰ্গৰ গৱেষণা প্ৰতিবেদনআৰ্থিক অপব্যৱহাৰৰ অভিযোগ উত্থাপন হোৱাৰ পিছতো এল আই চি আৰু এছ বি আইয়ে আদানী গোটত বিনিয়োগ অব্যাহত ৰাখিছে।

হিণ্ডেনবাৰ্গ ৰিপ'ৰ্টৰ পিছত আদানী গ্ৰুপৰ শ্বেয়াৰত এল আই চিৰ বিনিয়োগৰ মূল্য ৭৭,০০০ কোটিৰ পৰা ৫৩,০০০ কোটি টকালৈ হ্ৰাস পাইছে৷ এক কথাত ২৩,৫০০ কোটি টকাৰ লোকচান হৈছে বুলিও কংগ্ৰেছ নেতাগৰাকীয়ে কয়৷ সুৰজেৱালাই কয় , " এল আই চিৰ শ্বেয়াৰত ২২,৪৪২ কোটি টকা লোকচান হৈছে।ইমানৰ পিছতো এল আই চিয়ে এতিয়াও আদানী গ্ৰুপত ৩০০ কোটি টকা বিনিয়োগ কৰিছে কিয়?"

কংগ্ৰেছ নেতাগৰাকীয়ে দাবী কৰে যে প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছত এছ বি আইৰ শ্বেয়াৰৰ বজাৰ মূল্য প্ৰায় ৫৪,৬১৮ কোটি টকাৰ হ্ৰাস পাইছে।
তেওঁ লগতে লগতে আদানী গ্ৰুপে এছ বি আই আৰু অন্যান্য বেংকৰ পৰা ৮১,২০০ কোটি টকা ঋণ লোৱা বুলিও প্ৰকাশ কৰে৷  সুৰজেৱালাই কয় যে  এছ বি আই এম্প্লয়িজ পেঞ্চন ফাণ্ড আৰু এছ বি আই লাইফে এতিয়াও কিয় আদানী গ্ৰুপত ২২৫ কোটি টকা বিনিয়োগ কৰিছে।
ৰাজ্যসভাৰ সাংসদগৰাকীয়ে লগতে দাবী কৰে যে ২৪ৰ পৰা ২৭ জানুৱাৰীৰ ভিতৰত এছ বি আই আৰু এল আই চিয়ে  শ্বেয়াৰৰ মূল্য ৭৮,১১৮ কোটি টকাৰ মাৰ্কেট কেপ হেৰুৱাইছে।
ইপিনে আদানি গ্ৰুপে এনে  অভিযোগ অস্বীকাৰ কৰিছে৷  

এনে প্ৰতিক্ৰিয়াৰ মাজতে এছ বি আইৰ অধ্যক্ষ দিনেশ কুমাৰ খাৰাই  কয়, "আদানি গ্ৰুপে শেহতীয়াকৈ এছবিআইৰ পৰা কোনো পুঁজি লোৱা  নাই  আৰু অদূৰ ভৱিষ্যতে তেওঁলোকৰ পৰা অহা যিকোনো পুঁজিৰ অনুৰোধৰ ক্ষেত্ৰত বেঙ্কে "বিচক্ষণ পদক্ষেপ" গ্ৰহণ কৰিব "৷ভাৰতীয় ষ্টেট বেংকৰ এজন বিষয়াই কয় যে আদানি গোটক দিয়া ঋণবোৰ অনুমোদিত সীমাৰ ভিতৰত আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
দামী উপহাৰ নহয়, এই ৮টা সৰু সৰু কথাই সম্পৰ্ক গভীৰ আৰু সুখী কৰি তোলে! প্ৰয়োগ কৰি চাওক
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
মুম্বাইত উদ্ভাসিত হ'ল সুধাকণ্ঠৰ কালজয়ী সৃষ্টিৰাজি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল