--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ওলমা পৃথিৱীৰ ওমলা সময়বোৰ এতিয়া নষ্টালজিয়াৰ সোণ বৰষুণ হৈ সৰি পৰে৷ মাটি-শৈশৱৰ ফুটা-নুফুটা, বুজা-নুবুজা কথাবোৰ, কাহিনীবোৰ, দূৰ অতীতৰ গল্পবোৰ এতিয়া মাথোঁ সোঁৱৰণী৷ সোঁৱৰণীৰ বঁকিয়াইদি নামি আহে স্মৃতিৰ নদী৷ 

এটা সময় আছিল আপুনি হাতত মাৰ্বলগুটি কেইটিমান লৈ ৰং বুটলিছিল৷ ৰং সানিছিল মনত৷ এতিয়া সেয়া নষ্টালজিয়া৷ এতিয়া যন্ত্ৰৱৎ পৃথিৱী এখনৰ আপুনি ব্যস্ত নাগৰিক৷ আপোনাৰ ব্যস্ততা আপোনাৰ নিত্যসংগী সম্প্ৰতি৷ এতিয়া আপুনি মাৰ্বল খেলিবগৈ নোৱাৰে৷ আপুনি মিলাবলগীয়া হৈছে জীৱনৰ হিচাপ-নিকাচ৷ শৈশৱৰ সমৃদ্ধিবোৰ বুটলি-সামৰি আপুনি এতিয়া অভিজ্ঞতাৰ আলোকেৰে পৰিপূৰ্ণ৷

সময় এনেকুৱাই৷ আজিৰ বৰ্তমান কাইলৈ হৈ পৰিব অতীতৰ ধূসৰতা৷ অতীতে বাট দেখুৱায়৷ ভুলৰ শুধৰণি কৰি জীৱনত আগবাঢ়িবলৈ অতীতেই সকীয়ায়৷ কিন্তু, অতীতকেই খামুচি আজিৰ সময়খিনিক ক’লা-বগা কৰি আপুনি কিয় পুনৰ ভুল কৰিব খোজে? কিয় ৰৈ যাব খোজে?

প্ৰথাগত ধাৰণাৰে আমি ভাবি লওঁ— আগৰ সময়বোৰেই ভাল আছিল! অপ্ৰাপ্তি, বিৰহ-বিচ্ছেদৰ বেদনাই যেতিয়া মনটোক জুৰুলা কৰে, যেতিয়াই ছয়াময়া হৈ পৰে সমুখৰ পথ, যেতিয়া আপুনি বাট হেৰুৱাই আপোনাৰ সংগ্ৰামত? তেতিয়াই হুমুনিয়াহ এটা নিগৰাই আপুনি নকয়নে— আগৰ সময়বোৰেই ভাল আছিল!

কিন্তু, এয়া আপেক্ষিক ধাৰণা৷ আগৰ সময়বোৰেই ভাল, তেনে কথা নহয়৷ সময়ৰ সোঁতত, সময়ৰ ডঁৰিয়লিত আগত দিনৰো এটি কেঁকুৰিত আপুনি ক’ব— আগৰ দিনবোৰেই ভাল আছিল৷ 

তাতকৈ আহক, উদযাপন কৰক প্ৰতিটো পল৷ জীৱনৰ হেঁপাহত মেলি দিয়ক মনৰ দুপাখি৷ উৰিব দিয়ক মনটোক৷ আকাশৰো সিপাৰে...

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ