--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বৰ্তমান শ্ৰীলংকা অৰ্থনৈতিক সংকটৰ সৈতে যুঁজি আছে। শেহতীয়াকৈ প্ৰতিবাদী জনতাই শ্ৰীলংকাৰ ৰাজপথ কঁপাই তুলিলে। তেওঁলোকৰ পৰা বাচি নাথাকিল ৰাষ্ট্ৰপতি ভৱনো। অৱশেষত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা দেখি গোটাবায়া ৰাজাপাক্ষাই ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰে। শেহতীয়াকৈ শ্ৰীলংকাৰ নতুন ৰাষ্ট্ৰপতি হয় ৰানিল উইক্ৰেমসিংহ। এনে সময়তে শ্ৰীলংকা সন্মুখীন হয় আন এক সমস্যাৰ।

 শ্ৰীলংকাৰ স্বাস্থ্য কৰ্তৃপক্ষই দ্ৰুতগতিত বৃদ্ধি পোৱা কৰনা ভাইৰাছ আৰু বিপজ্জনক ডেংগু সন্দৰ্ভত সতৰ্কতা জাৰি কৰাৰ লগতে শ্ৰীলংকাৰ স্বাস্থ্য মন্ত্ৰণালয়ে জনসাধাৰণক ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰিবলৈ আৰু সামাজিক দূৰত্ব মানি চলিবলৈ আৰু সঘনাই হাত ধোৱাকে ধৰি কোভিড-১৯ সম্পৰ্কীয় অন্যান্য প্ৰটকল মানি চলিবলৈ আহ্বান জনাইছে।

১. দ্ৰুতগতিত বৃদ্ধি পালে কোভিড-১৯ৰ ৰোগীৰ সংখ্যা-

শ্ৰীলংকাৰ স্বাস্থ্য সচিব জনক চন্দ্ৰগুপ্তৰ মতে, কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ মাজতে জনসাধাৰণক স্বাস্থ্য নিৰ্দেশনা কঠোৰভাৱে মানি চলিবলৈ আহ্বান জনোৱা হৈছে। আপোনালোকক জনাওঁ যে ২০২০ চনৰ আৰম্ভণিতে শ্ৰীলংকাই মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছিল। কিন্তু মুঠ জনসংখ্যাৰ ৬৬ শতাংশতকৈ অধিক প্ৰায় ডেৰ কোটি লোকক সম্পূৰ্ণ টিকাকৰণৰ পাছত ১০ জুনত মাস্কৰ নিষিদ্ধতা উঠাই লোৱা হৈছিল।

২. ডেংগু মহামাৰীৰ সন্ত্ৰাস-

মন কৰিবলগীয়া যে বৃদ্ধি পোৱা কোভিড ৰোগীৰ মাজতে শ্ৰীলংকাতো ডেংগু মহামাৰী দ্ৰুতগতিত বিয়পি পৰিছে। স্বাস্থ্য মন্ত্ৰালয়ৰ সঞ্চালিকা ডাঃ হামদানী আনোৱাৰে জনোৱা মতে কৰনা ভাইৰাছৰ উপৰি ডেংগুো ইতিমধ্যে বিয়পি পৰিছে। ইয়াৰ উপৰি শ্ৰীলংকাত জ্বৰৰ লক্ষণ থকা এটা সাধাৰণ ভাইৰাছ।

৩. শ্ৰীলংকাত ডেংগু ৰোগীৰ ৰিপ’ৰ্ট

ৰাষ্ট্ৰীয় ডেংগু নিয়ন্ত্ৰণ ইউনিটৰ সঞ্চালিকা সুদাতা সমৰাৱীৰাই জনোৱা মতে জানুৱাৰী মাহৰ পৰা ৪৪ হাজাৰতকৈ অধিক ডেংগু আক্ৰান্ত হৈছে আৰু ইয়াৰে ৮২০০গৰাকী কেৱল জুলাই মাহতহে ধৰা পৰিছে। তেওঁ কয় যে ডেংগু ৰোগীৰ সংখ্যা ভয়ংকৰভাৱে বৃদ্ধি পাইছে আৰু দেশখনত মহামাৰীৰ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন