--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বৰ্তমান শ্ৰীলংকা অৰ্থনৈতিক সংকটৰ সৈতে যুঁজি আছে। শেহতীয়াকৈ প্ৰতিবাদী জনতাই শ্ৰীলংকাৰ ৰাজপথ কঁপাই তুলিলে। তেওঁলোকৰ পৰা বাচি নাথাকিল ৰাষ্ট্ৰপতি ভৱনো। অৱশেষত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা দেখি গোটাবায়া ৰাজাপাক্ষাই ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰে। শেহতীয়াকৈ শ্ৰীলংকাৰ নতুন ৰাষ্ট্ৰপতি হয় ৰানিল উইক্ৰেমসিংহ। এনে সময়তে শ্ৰীলংকা সন্মুখীন হয় আন এক সমস্যাৰ।

 শ্ৰীলংকাৰ স্বাস্থ্য কৰ্তৃপক্ষই দ্ৰুতগতিত বৃদ্ধি পোৱা কৰনা ভাইৰাছ আৰু বিপজ্জনক ডেংগু সন্দৰ্ভত সতৰ্কতা জাৰি কৰাৰ লগতে শ্ৰীলংকাৰ স্বাস্থ্য মন্ত্ৰণালয়ে জনসাধাৰণক ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰিবলৈ আৰু সামাজিক দূৰত্ব মানি চলিবলৈ আৰু সঘনাই হাত ধোৱাকে ধৰি কোভিড-১৯ সম্পৰ্কীয় অন্যান্য প্ৰটকল মানি চলিবলৈ আহ্বান জনাইছে।

১. দ্ৰুতগতিত বৃদ্ধি পালে কোভিড-১৯ৰ ৰোগীৰ সংখ্যা-

শ্ৰীলংকাৰ স্বাস্থ্য সচিব জনক চন্দ্ৰগুপ্তৰ মতে, কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ মাজতে জনসাধাৰণক স্বাস্থ্য নিৰ্দেশনা কঠোৰভাৱে মানি চলিবলৈ আহ্বান জনোৱা হৈছে। আপোনালোকক জনাওঁ যে ২০২০ চনৰ আৰম্ভণিতে শ্ৰীলংকাই মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছিল। কিন্তু মুঠ জনসংখ্যাৰ ৬৬ শতাংশতকৈ অধিক প্ৰায় ডেৰ কোটি লোকক সম্পূৰ্ণ টিকাকৰণৰ পাছত ১০ জুনত মাস্কৰ নিষিদ্ধতা উঠাই লোৱা হৈছিল।

২. ডেংগু মহামাৰীৰ সন্ত্ৰাস-

মন কৰিবলগীয়া যে বৃদ্ধি পোৱা কোভিড ৰোগীৰ মাজতে শ্ৰীলংকাতো ডেংগু মহামাৰী দ্ৰুতগতিত বিয়পি পৰিছে। স্বাস্থ্য মন্ত্ৰালয়ৰ সঞ্চালিকা ডাঃ হামদানী আনোৱাৰে জনোৱা মতে কৰনা ভাইৰাছৰ উপৰি ডেংগুো ইতিমধ্যে বিয়পি পৰিছে। ইয়াৰ উপৰি শ্ৰীলংকাত জ্বৰৰ লক্ষণ থকা এটা সাধাৰণ ভাইৰাছ।

৩. শ্ৰীলংকাত ডেংগু ৰোগীৰ ৰিপ’ৰ্ট

ৰাষ্ট্ৰীয় ডেংগু নিয়ন্ত্ৰণ ইউনিটৰ সঞ্চালিকা সুদাতা সমৰাৱীৰাই জনোৱা মতে জানুৱাৰী মাহৰ পৰা ৪৪ হাজাৰতকৈ অধিক ডেংগু আক্ৰান্ত হৈছে আৰু ইয়াৰে ৮২০০গৰাকী কেৱল জুলাই মাহতহে ধৰা পৰিছে। তেওঁ কয় যে ডেংগু ৰোগীৰ সংখ্যা ভয়ংকৰভাৱে বৃদ্ধি পাইছে আৰু দেশখনত মহামাৰীৰ ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
শৃংখলাৰ পৰা বাহিৰ নীতিশ কুমাৰ ৰেড্ডী
বঙাইগাঁৱত আত্মহত্যা কনিষ্ঠ অভিযন্তা জ্যোশিতা দাসৰ
খৰাঙৰে যুঁজাত ব্যৰ্থ ৰাজ্যৰ জলসিঞ্চন বিভাগ
ট্রাম্পে প'ষ্ট কৰিলে ওবামাৰ গ্ৰেপ্তাৰৰ AI সৃষ্ট ভিডিঅ'
থলুৱা কাঁহ উদ্যোগীয়ে ঘূৰাই পাব নগদ ধন
কামপুৰত ১৬টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰসহ আটক সৰবৰাহকাৰী ইছাফিল হক
১৬০০ কোটি টকাৰ বাম্পাৰ পেকেজ! মাৰ্ক জুকাৰবাৰ্গে কাক দিলে ইমান টকা দৰমহা…
কাৰাগাৰত মৌলবাদৰ প্ৰসাৰক লৈ উদ্বিগ্ন কেন্দ্ৰ ; নিয়ন্ত্ৰণৰ বাবে ৰাজ্যসমূহলৈ পত্ৰ
ভাৰতবাসীৰ বাবে নীৰৱ ঘাতক হৈ পৰিছে নিমখ
মণিপুৰত আৰক্ষী বৃহৎ তালাচীত ৮৬টা অস্ত্র, ৯৭৪টা গ্ৰেনেড-গোলা উদ্ধাৰ
পিতৃ-মাতৃ হ’ল সিদ্ধাৰ্থ-কিয়াৰা, অনুৰাগীৰ মাজত আনন্দৰ লহৰ
ডিমা হাছাওত প্ৰচণ্ড ভূমিস্খলনত দুই জন লোকৰ মৃত্যু
শ্বাহৰূখৰ সৈতে বিবাহ, উদিতৰ সৈতে প্ৰেম...৬ বছৰীয়া কন্যা সন্তানক হত্যা কৰি প্ৰেমিকৰ সৈতে কৰিলে পাৰ্টী
ক্ৰিকেটেৰে আৰম্ভ হ'ব অলিম্পিক