--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃভাৰতৰ চিৰ বৈৰী ৰাষ্ট্ৰ চীনেও এইবাৰ ভাৰতৰ নতুন ৰাষ্ট্ৰপতিক শুভেচ্ছা জনালে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ পিছত এইবাৰ চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে ভাৰতৰ নতুন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ এক অভিনন্দন বাৰ্তা প্ৰেৰণ কৰিছে।

ভাৰত আৰু চীনৰ মাজত যোৱা দুবছৰ ধৰি পূব লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাকলৈ  বিবাদ চলি আছে।লাডাখৰ ৰকা  বেইজিঙে সৈন্য প্ৰত্যাহাৰ কৰাৰ কোনো ইংগিত দিয়া নাই। 

ইয়াৰ মাজতে চীনৰ ৰাষ্ট্ৰপতি জিনপিঙে  তেওঁৰ বাৰ্তাত কয়, "দুয়োখন দেশৰ মাজত পাৰস্পৰিক ৰাজনৈতিক বিশ্বাস গঢ়ি তোলা, প্ৰত্যক্ষ সহযোগিতা সৃষ্টি আৰু মতভেদ হ্ৰাস কৰাৰ বাবে মই ভাৰতৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়াভাৱে কাম কৰিবলৈ সাজু।" 

কূটনৈতিক শিবিৰৰ মতে, ভাৰতীয় সামৰিক বাহিনীৰ মুখ্য সেনাধ্যক্ষ হৈছে ৰাষ্ট্ৰপতি। চীনৰ সামৰিক সেনাধ্যক্ষ ঝি জিনপিঙে তেওঁৰ সৈতে কাম কৰাৰ প্ৰস্তাৱ দি এক বিশেষ বাৰ্তা প্ৰেৰণ কৰিছিল বিচাৰিছে।

জিনপিঙে কয় "ভাৰত আৰু চীন দুখন গুৰুত্বপূৰ্ণ দেশ। অঞ্চল আৰু বিশ্বত শান্তি, উন্নয়ন আৰু স্থিৰতা বজাই ৰখাত দুয়োখন দেশৰ ভূমিকা অপৰিসীম। এই দুয়োখন দেশৰ উন্নয়নত তেওঁলোকৰ মৌলিক স্বাৰ্থ জড়িত আছে। আমি ইজনে সিজনৰ সৈতে এটা বিশ্বাসযোগ্য সম্পৰ্ক গঢ়ি তুলিব লাগিব।

 বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ আব্দুল হামিদেও নতুন ৰাষ্ট্ৰপতিগৰাকীক অভিনন্দন জনাইছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক