--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ধনশ্ৰী বাৰ্মা আৰু যুজবেন্দ্ৰ চাহাল সম্পৰ্কীয় বাতৰিৰ বজাৰত বিগত কেইবাদিন ধৰি উত্তপ্ত হৈ আছে। দুয়োৰে সম্পৰ্কত বিভাজন ঘটিছে আৰু বিবাহ বিচ্ছেদও হ’ব বুলি জল্পনা-কল্পনা চলিছিল। কিন্তু এতিয়া ধনশ্ৰীয়ে এই সন্দৰ্ভত ছবিখন সম্পূৰ্ণ স্পষ্ট কৰি দিছে। 

শেহতীয়াকৈ ধনশ্ৰী বাৰ্মা আৰু যুজবেন্দ্ৰ চাহালৰ মাজত একোৱেই ভাল নহয় বুলি খবৰটোৱে ছ’চিয়েল মিডিয়াত চাঞ্চল্যৰ সৃষ্টি কৰিছিল।ধনশ্ৰীয়ে ইনষ্টাগ্ৰামত নিজৰ নামৰ সন্মুখত চাহল শব্দটো আতৰাই দিয়াৰ লগে লগে নেটিজেনৰ মাজত চৰ্চা আৰম্ভ হয় । জল্পনা-কল্পনা চলিছিল যে তাত এই খবৰটোৰ কেইঘণ্টামান পাছতে দুয়োজনে ইনষ্টা ষ্ট'ৰী ( Insta story )শ্বেয়াৰ কৰি ৰাইজক এই খবৰবোৰ বিশ্বাস নকৰিবলৈ আহ্বান জনায়।ধনশ্ৰীয়ে নিজেই ছ'চিয়েলত এটা দীঘলীয়া আৰু বহল পোষ্ট কৰিছে মিডিয়াত তেওঁ সকলো সত্য কৈছে।

ধনশ্ৰী বাৰ্মা বেয়া পৰ্যায়ৰ মাজেৰে পাৰ হৈছে ধনশ্ৰী বাৰ্মাই  ইনষ্টাগ্ৰামত এটা পোষ্ট দিছে য’ত তেওঁ কয় যে তেওঁ এই মুহূৰ্তত অতি বেয়া পৰ্যায়ৰ মাজেৰে পাৰ হৈ আছে। তেওঁ কয় যে এটা ৰিল বনাওঁতে তেওঁ আঁঠুত  যঠেষ্ট পৰিমাণে আঘাত পাইছিল, আৰু তেতিয়াৰ পৰা তেওঁ বহুত কষ্টৰ মাজেৰে দিন অতিবাহিত কৰিছিল বুলি জানিব দিয়ে, এই সময়ত তেওঁ নাচিব পৰা নাই, দৈনন্দিন কামো কৰিব পৰা নাই। এই কাৰণেই তেওঁৰ চিকিৎসা চলি আছে।

ইয়াৰ লগতে ধনশ্ৰী বাৰ্মাই তেওঁৰ আৰু যুজবেন্দ্ৰ চাহালৰ মাজত বিচ্ছিন্নতাৰ সকলো খবৰ অস্বীকাৰ কৰে। তেওঁ কয় যে এই সময়ত তেওঁ যি পৰ্যায়ৰ মাজেৰে পাৰ হৈ গৈ আছে তাত তেওঁৰ পৰিয়াল আৰু স্বামীয়ে তেওঁক আটাইতকৈ বেছি সহায় কৰিছে। আৰু তেওঁলোকৰ বাবেই তাই এই বেদনা অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। চৰ্চাত থকা এনে খবৰে তেওঁও বহুত কষ্ট দিছে বুলি তেওঁ‌ উল্লেখ কৰে ।‌

FOLLOW US F
POPULAR
FEATURE
TRENDY
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?