--°C
Loading...
Listen to Article
2 min read
80%


ডিজিটেল ডেস্ক : সততেই বিতৰ্কত সোমাই পৰে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰানাউট। যিকোনো বিষয়ৰ ওপৰত মন্তব্য কৰি বিভিন্ন সময়ত কেইবাবাৰো সমস্যাৰ মাজত সোমাই পৰিছে অভিনেত্ৰীগৰাকী। অৱশ্যে অভিনয় দক্ষতাৰে বহুবাৰ দশকৰ মন মোহিবলৈ সক্ষম হৈছে কংগনা। লাভ কৰিছে কেইবাটাও বঁটা।

 

পিছে এইবাৰ ফিল্মফেয়াৰৰ বিৰুদ্ধে গৰজি উঠিছে অভিনেত্ৰী কংগনা ৰানাউট। কেৱল গৰজি উঠাই নহয়, ফিল্মফেয়াৰৰ বিৰুদ্ধে গোচৰো ৰুজু কৰিব অভিনেত্ৰীগৰাকীয়ে। তাৰ আঁৰতো আছে এক অদ্ভুত কাৰণ। কাৰণটো জানিলে আপোনাৰো চকু কপালত উঠিব।

 

অভিনেত্ৰীগৰাকীয়ে নিজৰ ইণ্টাগ্ৰামৰ ষ্টৰীত ইয়াৰ কাৰণ উল্লেখ কৰিছে। কংগনাৰ মতে, তেওঁ ২০১৪ চনতেই ফিল্মফেয়াৰক নিষিদ্ধ কৰিছে। কিন্তু এই বৰ্ষৰ ফিল্মফেয়াৰত তেওঁক শ্ৰেষ্ঠ অভিনেত্ৰীৰ শিতানৰ বাবে নমিনেট কৰিছে ফিল্মফেয়াৰে। ‘থলাইবী’ ছবিখনৰ বাবে কংগনাক কৰা হৈছে নমিনেট। এই কথা সহজভাৱে লব পৰা অভিনেত্ৰীগৰাকীয়ে। লগতে তেওঁ লিখে, বঁটাপ্ৰদান কাৰ্যসূচী উপস্থিত থাকিবৰ বাবে ফিল্মফেয়াৰৰ তৰফৰ পৰা তেওঁক বহুবাৰ ফোন কৰিছে। কিন্তু অভিনেত্ৰীগৰাকীৰ মতে তেওঁ ফিল্মফেয়াৰলৈ গ’লে নৈতিকতাৰ বিৰুদ্ধে যোৱাৰ দৰে হ’ব আৰু তেওঁৰ গৰিমা ম্লান পৰিব। যাৰবাবে ফিল্মফেয়াৰৰ বিৰুদ্ধে গোচৰ তৰাৰ সিদ্ধান্ত লৈছে অভিনেত্ৰীগৰাকীয়ে। কুইন কংগনাৰ এই সিদ্ধান্তই এতিয়া আচৰিত কৰি তুলিছে সকলোকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু