--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক

ইক'নমিক টাইমছৰ এক প্ৰতিবেদন অনুসৰি টাটা কনজিউমাৰ প্ৰডাক্টছ লিমিটেডে (টিচিপিএল) ভাৰতৰ সৰ্ববৃহৎ পেকেজড পানী কোম্পানী বিছলেৰী ইণ্টাৰনেশ্যনেলক আনুমানিক ৬,০০০-৭,০০০ কোটি টকাত ক্ৰয় কৰিব। তদুপৰি, প্ৰতিবেদনটোত কোৱা হৈছে যে বিছলেৰী ইণ্টাৰনেশ্যনেলৰ অধ্যক্ষ ৰমেশ চৌহানৰ কোনো উত্তৰাধিকাৰীয়ে বিছলেৰীক সম্প্ৰসাৰণৰ পৰৱৰ্তী পৰ্যায়লৈ লৈ যোৱাৰ কোনো সম্ভাৱনা নাই।

তিনি দশকৰ পূৰ্বে চৌহানে শীতল পানীয় ব্ৰেণ্ড থামছ আপ, লিমকা আৰু গোল্ড স্পটও বিক্ৰী কৰিছিল। ইটিৰ প্ৰতিবেদনত কোৱা হৈছে যে বিছলেৰী-টিচিপিএলৰ চুক্তিৰ অংশ হিচাপে বৰ্তমানৰ পৰিচালনা দুবছৰলৈ চলি থাকিব বুলি যোৱা দুবছৰ ধৰি টাটাৰ সৈতে আলোচনা চলি আছে।
চৌহানৰ উদ্ধৃতিৰে প্ৰতিবেদনত কোৱা হৈছে যে টাটা গ্ৰুপে ইয়াক আৰু ভালদৰে প্ৰতিপালিত কৰিব যদিও বিছলেৰী বিক্ৰী কৰাটো এতিয়াও এক কষ্টকৰ সিদ্ধান্ত আছিল। ''মই টাটাৰ মূল্যবোধ আৰু সততাৰ সংস্কৃতি ভাল পাওঁ আৰু সেয়েহে আন আগ্ৰহী ক্ৰেতাসকলে দেখুওৱা ক্ৰয়ৰ উৎসাহৰ পিছতো মই টাটাক হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছিলো''।

ইতিমধ্যে টাটা গ্ৰুপে হিমালয়ান ব্ৰেণ্ডৰ অধীনত পেকেজড মিনাৰেল ৱাটাৰৰ লগতে টাটা কপাৰ প্লাছ ৱাটাৰ আৰু টাটা গ্লুকো+ বিক্ৰী কৰে। বিছলেৰীক ক্ৰয় কৰাৰ পিছত এই ছেগমেণ্টৰ শীৰ্ষ কোম্পানী হিচাপে পৰিগণিত হ’ব।২০২২-২৩ চনত ২২০ কোটি টকা লাভৰ সৈতে ২৫০০ কোটি টকাৰ ব্যৱসায় হ’ব বিছলেৰীৰ।ভাৰত আৰু ইয়াৰ চুবুৰীয়া দেশত ইয়াৰ ১২২ টাতকৈও অধিক কাৰ্য্যকৰী উদ্যোগ আৰু ৪,৫০০ বিতৰক আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক