--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক

ইক'নমিক টাইমছৰ এক প্ৰতিবেদন অনুসৰি টাটা কনজিউমাৰ প্ৰডাক্টছ লিমিটেডে (টিচিপিএল) ভাৰতৰ সৰ্ববৃহৎ পেকেজড পানী কোম্পানী বিছলেৰী ইণ্টাৰনেশ্যনেলক আনুমানিক ৬,০০০-৭,০০০ কোটি টকাত ক্ৰয় কৰিব। তদুপৰি, প্ৰতিবেদনটোত কোৱা হৈছে যে বিছলেৰী ইণ্টাৰনেশ্যনেলৰ অধ্যক্ষ ৰমেশ চৌহানৰ কোনো উত্তৰাধিকাৰীয়ে বিছলেৰীক সম্প্ৰসাৰণৰ পৰৱৰ্তী পৰ্যায়লৈ লৈ যোৱাৰ কোনো সম্ভাৱনা নাই।

তিনি দশকৰ পূৰ্বে চৌহানে শীতল পানীয় ব্ৰেণ্ড থামছ আপ, লিমকা আৰু গোল্ড স্পটও বিক্ৰী কৰিছিল। ইটিৰ প্ৰতিবেদনত কোৱা হৈছে যে বিছলেৰী-টিচিপিএলৰ চুক্তিৰ অংশ হিচাপে বৰ্তমানৰ পৰিচালনা দুবছৰলৈ চলি থাকিব বুলি যোৱা দুবছৰ ধৰি টাটাৰ সৈতে আলোচনা চলি আছে।
চৌহানৰ উদ্ধৃতিৰে প্ৰতিবেদনত কোৱা হৈছে যে টাটা গ্ৰুপে ইয়াক আৰু ভালদৰে প্ৰতিপালিত কৰিব যদিও বিছলেৰী বিক্ৰী কৰাটো এতিয়াও এক কষ্টকৰ সিদ্ধান্ত আছিল। ''মই টাটাৰ মূল্যবোধ আৰু সততাৰ সংস্কৃতি ভাল পাওঁ আৰু সেয়েহে আন আগ্ৰহী ক্ৰেতাসকলে দেখুওৱা ক্ৰয়ৰ উৎসাহৰ পিছতো মই টাটাক হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছিলো''।

ইতিমধ্যে টাটা গ্ৰুপে হিমালয়ান ব্ৰেণ্ডৰ অধীনত পেকেজড মিনাৰেল ৱাটাৰৰ লগতে টাটা কপাৰ প্লাছ ৱাটাৰ আৰু টাটা গ্লুকো+ বিক্ৰী কৰে। বিছলেৰীক ক্ৰয় কৰাৰ পিছত এই ছেগমেণ্টৰ শীৰ্ষ কোম্পানী হিচাপে পৰিগণিত হ’ব।২০২২-২৩ চনত ২২০ কোটি টকা লাভৰ সৈতে ২৫০০ কোটি টকাৰ ব্যৱসায় হ’ব বিছলেৰীৰ।ভাৰত আৰু ইয়াৰ চুবুৰীয়া দেশত ইয়াৰ ১২২ টাতকৈও অধিক কাৰ্য্যকৰী উদ্যোগ আৰু ৪,৫০০ বিতৰক আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু