--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
প্ৰবীণ অভিনেতা বিক্ৰম গোখলেৰ পত্নী ভুষালী গোখলেয়ে তেওঁৰ স্বামীৰ মৃত্যুৰ বাতৰি খণ্ডন কৰিছে। এক নতুন প্ৰতিবেদন অনুসৰি, ভুষালীয়ে কৈছিল যে বিক্ৰম বুধবাৰে আবেলি কোমালৈ গৈছিল আৰু বৰ্তমান তেওঁ ভেণ্টিলেটৰত আছে। ভুষালীয়ে লগতে কয় যে বিক্ৰমৰ 'মাল্টি-অৰ্গান ফেইলাৰ হৈছে।

প্ৰতিবেদন অনুসৰি, বিক্ৰম গোখলে ৫ নৱেম্বৰৰ পৰা পুনেৰ দীননাথ মংগেশকাৰ চিকিৎসালয়ত আছে। বৃহস্পতিবাৰে পুৱতি নিশা ছ'চিয়েল মিডিয়াত অভিনেতাজনৰ মৃত্যুৰ বাতৰি প্ৰকাশ পায় যাৰ পিছত অজয় দেৱগন, ৰিতেশ দেশমুখ, আলি গনি, জাৱেদ জাফেৰীকে ধৰি বলীউডৰ কেইবাজনো তাৰকায়ে টুইটাৰযোগে শোক প্ৰকাশ কৰে।

দীনন্ত মংগেশকাৰ চিকিৎসালয়ৰ ডাঃ ধনঞ্জয় কেলকাৰে কয় যে ,তেওঁৰ মৃত্যুৰ উৰাবাতৰি 'সঁচা নহয়৷  বিক্ৰমৰ জীয়ৰীয়ে এএনআইক কয় যে, "তেওঁ এতিয়াও সংকটজনক আৰু জীৱনৰ সৈতে যুঁজি আছে  আৰু এতিয়ালৈকে উত্তীৰ্ণ হোৱা নাই। তেওঁৰ বাবে আপোনালোকে  প্ৰাৰ্থনা কৰি  থাকক।"

বিক্ৰমক শেষবাৰৰ বাবে শিল্পা চেট্টী আৰু অভিমন্যু দাসনীৰ সৈতে নিকাম্মা শীৰ্ষক ছবিখনত দেখা গৈছিল। চলচ্চিত্ৰখন এই বছৰৰ জুনমাহত ছবিগৃহত মুক্তি পাইছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু