--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
প্ৰবীণ অভিনেতা বিক্ৰম গোখলেৰ পত্নী ভুষালী গোখলেয়ে তেওঁৰ স্বামীৰ মৃত্যুৰ বাতৰি খণ্ডন কৰিছে। এক নতুন প্ৰতিবেদন অনুসৰি, ভুষালীয়ে কৈছিল যে বিক্ৰম বুধবাৰে আবেলি কোমালৈ গৈছিল আৰু বৰ্তমান তেওঁ ভেণ্টিলেটৰত আছে। ভুষালীয়ে লগতে কয় যে বিক্ৰমৰ 'মাল্টি-অৰ্গান ফেইলাৰ হৈছে।

প্ৰতিবেদন অনুসৰি, বিক্ৰম গোখলে ৫ নৱেম্বৰৰ পৰা পুনেৰ দীননাথ মংগেশকাৰ চিকিৎসালয়ত আছে। বৃহস্পতিবাৰে পুৱতি নিশা ছ'চিয়েল মিডিয়াত অভিনেতাজনৰ মৃত্যুৰ বাতৰি প্ৰকাশ পায় যাৰ পিছত অজয় দেৱগন, ৰিতেশ দেশমুখ, আলি গনি, জাৱেদ জাফেৰীকে ধৰি বলীউডৰ কেইবাজনো তাৰকায়ে টুইটাৰযোগে শোক প্ৰকাশ কৰে।

দীনন্ত মংগেশকাৰ চিকিৎসালয়ৰ ডাঃ ধনঞ্জয় কেলকাৰে কয় যে ,তেওঁৰ মৃত্যুৰ উৰাবাতৰি 'সঁচা নহয়৷  বিক্ৰমৰ জীয়ৰীয়ে এএনআইক কয় যে, "তেওঁ এতিয়াও সংকটজনক আৰু জীৱনৰ সৈতে যুঁজি আছে  আৰু এতিয়ালৈকে উত্তীৰ্ণ হোৱা নাই। তেওঁৰ বাবে আপোনালোকে  প্ৰাৰ্থনা কৰি  থাকক।"

বিক্ৰমক শেষবাৰৰ বাবে শিল্পা চেট্টী আৰু অভিমন্যু দাসনীৰ সৈতে নিকাম্মা শীৰ্ষক ছবিখনত দেখা গৈছিল। চলচ্চিত্ৰখন এই বছৰৰ জুনমাহত ছবিগৃহত মুক্তি পাইছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক