--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  পুনৰ কাৰাগাৰলৈ যাব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। উচ্চতম ন্যায়ালয় নিৰ্বাচনী প্ৰচাৰৰ বাবে কেজৰিৱালক ২১ দিনৰ অন্তৰ্ৱতীকালীন জামিন    প্ৰদান কৰিছিল। সেই জামিনৰ ম্যাদ ১ জুনত অন্ত পৰিব। সেয়ে  অতিৰিক্ত ৭ দিনৰ জামিনৰ ম্যাদ বৃদ্ধিৰ বাবে কেজৰিৱালে ন্যায়ালয়ত আবেদন জনাইছে। আপে  উচ্চতম ন্যায়ালয়ত এই আবেদনৰ শীঘ্ৰে শুনানি অনুষ্ঠিত  কৰিবলৈ অনুৰোধ জনাছিল যদিও  উচ্চতম ন্যায়ালয়ে খৰখেদাকৈ গোচৰৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মত নহ’ল।

আম আদমী পাৰ্টিৰ সূত্ৰই প্ৰকাশ কৰা  অনুসৰি  এই কেইদিনত কেজৰিৱালৰ কেইবাটাও শাৰীৰিক পৰীক্ষা সম্পন্ন কৰিব লাগিব। ইয়াৰ ভিতৰত আছে পিইটি-চিটি স্কেন আদি। মূলতঃ এই পৰীক্ষাটো কেন্সাৰ নিৰ্ণয় কৰিবলৈ কৰা হয়। আপৰ  মতে কেজৰিৱালে  একাধিক শাৰীৰিক পৰীক্ষা কৰিবলগীয়া হোৱাৰ বাবেই  অন্তৱৰ্তীকালীন জামিনৰ সময়সীমা বৃদ্ধি কৰিব বিচাৰিছে। দিল্লীৰ মুখ্যমন্ত্ৰীয়ে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছে যে কমেও ৭ দিনৰ বাবে জামিন বৃদ্ধি কৰিব লাগে। ইয়াৰ লগতে কেজৰিৱালৰ  অধিবক্তাই শীঘ্ৰে শুনানিৰ বাবেও অনুৰোধ জনায়। কিন্তু উচ্চতম ন্যায়ালয়ে শীঘ্ৰে শুনানিৰ বাবে আবেদন খাৰিজ কৰে। 

মন কৰিবলগীয়া যে ২১ মাৰ্চত ইডিয়ে আবকাৰী গোচৰত অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল। দুসপ্তাহমান পিছত তেওঁক তিহাৰ জে’ললৈ প্ৰেৰণ কৰা হৈছিল ।   ইডিৰ গ্ৰেপ্তাৰৰ বিৰোধিতা কৰি দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে  উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰে। তেওঁৰ অধিবক্তাই দাবী কৰে যে কেজৰিৱালক লোকসভা নিৰ্বাচনৰ  প্ৰচাৰ চলোৱাত  বাধা দিবলৈ ইচ্ছাকৃতভাৱে জে’ললৈ প্ৰেৰণ কৰা হৈছে। উচ্চতম ন্যায়ালয়ে ১০ মে’ত কেজৰিৱালক  ২১ দিনৰ বাবে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল। অৰ্থাৎ উচ্চতম ন্যায়ালয়ে ১ জুনলৈকে কেজৰিৱালক  অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছিল। ইয়াৰ পিছতে তেওঁক আত্মসমৰ্পন কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু