--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  পুনৰ কাৰাগাৰলৈ যাব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। উচ্চতম ন্যায়ালয় নিৰ্বাচনী প্ৰচাৰৰ বাবে কেজৰিৱালক ২১ দিনৰ অন্তৰ্ৱতীকালীন জামিন    প্ৰদান কৰিছিল। সেই জামিনৰ ম্যাদ ১ জুনত অন্ত পৰিব। সেয়ে  অতিৰিক্ত ৭ দিনৰ জামিনৰ ম্যাদ বৃদ্ধিৰ বাবে কেজৰিৱালে ন্যায়ালয়ত আবেদন জনাইছে। আপে  উচ্চতম ন্যায়ালয়ত এই আবেদনৰ শীঘ্ৰে শুনানি অনুষ্ঠিত  কৰিবলৈ অনুৰোধ জনাছিল যদিও  উচ্চতম ন্যায়ালয়ে খৰখেদাকৈ গোচৰৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মত নহ’ল।

আম আদমী পাৰ্টিৰ সূত্ৰই প্ৰকাশ কৰা  অনুসৰি  এই কেইদিনত কেজৰিৱালৰ কেইবাটাও শাৰীৰিক পৰীক্ষা সম্পন্ন কৰিব লাগিব। ইয়াৰ ভিতৰত আছে পিইটি-চিটি স্কেন আদি। মূলতঃ এই পৰীক্ষাটো কেন্সাৰ নিৰ্ণয় কৰিবলৈ কৰা হয়। আপৰ  মতে কেজৰিৱালে  একাধিক শাৰীৰিক পৰীক্ষা কৰিবলগীয়া হোৱাৰ বাবেই  অন্তৱৰ্তীকালীন জামিনৰ সময়সীমা বৃদ্ধি কৰিব বিচাৰিছে। দিল্লীৰ মুখ্যমন্ত্ৰীয়ে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছে যে কমেও ৭ দিনৰ বাবে জামিন বৃদ্ধি কৰিব লাগে। ইয়াৰ লগতে কেজৰিৱালৰ  অধিবক্তাই শীঘ্ৰে শুনানিৰ বাবেও অনুৰোধ জনায়। কিন্তু উচ্চতম ন্যায়ালয়ে শীঘ্ৰে শুনানিৰ বাবে আবেদন খাৰিজ কৰে। 

মন কৰিবলগীয়া যে ২১ মাৰ্চত ইডিয়ে আবকাৰী গোচৰত অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল। দুসপ্তাহমান পিছত তেওঁক তিহাৰ জে’ললৈ প্ৰেৰণ কৰা হৈছিল ।   ইডিৰ গ্ৰেপ্তাৰৰ বিৰোধিতা কৰি দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে  উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰে। তেওঁৰ অধিবক্তাই দাবী কৰে যে কেজৰিৱালক লোকসভা নিৰ্বাচনৰ  প্ৰচাৰ চলোৱাত  বাধা দিবলৈ ইচ্ছাকৃতভাৱে জে’ললৈ প্ৰেৰণ কৰা হৈছে। উচ্চতম ন্যায়ালয়ে ১০ মে’ত কেজৰিৱালক  ২১ দিনৰ বাবে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল। অৰ্থাৎ উচ্চতম ন্যায়ালয়ে ১ জুনলৈকে কেজৰিৱালক  অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছিল। ইয়াৰ পিছতে তেওঁক আত্মসমৰ্পন কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement