--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মিজোৰামৰ আইজলত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। মঙলবাৰে পুৱা প্ৰচণ্ড বৰষুণৰ মাজতে মিজোৰামৰ আইজল জিলাত শিলৰ কুৱেৰী ভাঙি পৰাত দহজন লোকৰ মৃত্যু হয় আৰু কেইবাজনো নিৰুদ্দেশ হয়। 

মঙলবাৰে পুৱা অঞ্চলটোত অবিৰত বৰষুণৰ মাজতে এই দুৰ্ঘটনা সংঘটিত হয়। আৰক্ষীয়ে জনোৱা মতে, আইজল চহৰৰ দক্ষিণ উপকণ্ঠ অঞ্চলত অৱস্থিত মেলথাম আৰু হ্লিমেনৰ মাজৰ অঞ্চলত পুৱা প্ৰায় ৬ বজাত সংঘটিত হয় এই ঘটনা।

আৰক্ষী গৰাকী বিষয়াই জনোৱা মতে, কেইবাটাও মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে আন বহু লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ আছে। ধাৰাসাৰ বৰষুণৰ ফলত উদ্ধাৰ অভিযান ক্ষতিগ্ৰস্ত হৈছে বুলি জানিবলৈ দিছে।

উল্লেখযোগ্য যে ৰাজ্যখনৰ বিভিন্ন স্থানত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা। ঠায়ে ঠায়ে ব্যাহত হৈছে যাতায়ত ব্যৱস্থা। ঘুৰ্ণী বতাহ ৰেমালৰ প্ৰভাৱতে ৰাজ্যখনত ভূমিস্খলনৰ দৰে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

এই পৰ্যন্ত দহটা মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে আন কেইবাটাও মৃতদেহ এতিয়াও ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ আছে বুলি আৰক্ষী সঞ্চালক প্ৰধান অনিল শুক্লাই জানিবলৈ দিয়ে। তেওঁ আৰু কয় যে অবিৰত বৰষুণৰ ফলত উদ্ধাৰ অভিযান প্ৰভাৱিত হৈছে।

ইফালে, ভূমিস্খলনৰ ফলত ৰাজ্যৰ বিভিন্ন আন্তঃৰাজ্যিক ঘাইপথো ব্যাহত হৈ পৰিছে। বৰষুণৰ পৰিপ্ৰেক্ষিতত সকলো বিদ্যালয় বন্ধ কৰি দিয়া হৈছে আৰু অত্যাৱশ্যকীয় সেৱা প্ৰদানৰ লগত জড়িত চৰকাৰী কৰ্মচাৰীক ঘৰৰ পৰাই কাম কৰিবলৈ কোৱা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ