--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মিজোৰামৰ আইজলত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। মঙলবাৰে পুৱা প্ৰচণ্ড বৰষুণৰ মাজতে মিজোৰামৰ আইজল জিলাত শিলৰ কুৱেৰী ভাঙি পৰাত দহজন লোকৰ মৃত্যু হয় আৰু কেইবাজনো নিৰুদ্দেশ হয়। 

মঙলবাৰে পুৱা অঞ্চলটোত অবিৰত বৰষুণৰ মাজতে এই দুৰ্ঘটনা সংঘটিত হয়। আৰক্ষীয়ে জনোৱা মতে, আইজল চহৰৰ দক্ষিণ উপকণ্ঠ অঞ্চলত অৱস্থিত মেলথাম আৰু হ্লিমেনৰ মাজৰ অঞ্চলত পুৱা প্ৰায় ৬ বজাত সংঘটিত হয় এই ঘটনা।

আৰক্ষী গৰাকী বিষয়াই জনোৱা মতে, কেইবাটাও মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে আন বহু লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ আছে। ধাৰাসাৰ বৰষুণৰ ফলত উদ্ধাৰ অভিযান ক্ষতিগ্ৰস্ত হৈছে বুলি জানিবলৈ দিছে।

উল্লেখযোগ্য যে ৰাজ্যখনৰ বিভিন্ন স্থানত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা। ঠায়ে ঠায়ে ব্যাহত হৈছে যাতায়ত ব্যৱস্থা। ঘুৰ্ণী বতাহ ৰেমালৰ প্ৰভাৱতে ৰাজ্যখনত ভূমিস্খলনৰ দৰে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

এই পৰ্যন্ত দহটা মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে আন কেইবাটাও মৃতদেহ এতিয়াও ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ আছে বুলি আৰক্ষী সঞ্চালক প্ৰধান অনিল শুক্লাই জানিবলৈ দিয়ে। তেওঁ আৰু কয় যে অবিৰত বৰষুণৰ ফলত উদ্ধাৰ অভিযান প্ৰভাৱিত হৈছে।

ইফালে, ভূমিস্খলনৰ ফলত ৰাজ্যৰ বিভিন্ন আন্তঃৰাজ্যিক ঘাইপথো ব্যাহত হৈ পৰিছে। বৰষুণৰ পৰিপ্ৰেক্ষিতত সকলো বিদ্যালয় বন্ধ কৰি দিয়া হৈছে আৰু অত্যাৱশ্যকীয় সেৱা প্ৰদানৰ লগত জড়িত চৰকাৰী কৰ্মচাৰীক ঘৰৰ পৰাই কাম কৰিবলৈ কোৱা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু