--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জীৱনৰ ওপৰত নিৰ্মাণ হ’ব চলচ্চিত্ৰ৷বুধবাৰে অভিনেতা পংকজ ত্ৰিপাঠীয়ে তেওঁৰ আগন্তুক বায়’পিক ছবি ‘মেইন অটল হু’ৰ মোচন পোষ্টাৰ শ্বেয়াৰ কৰে।ইনষ্টাগ্ৰামৰ পৰা পংকজে ছবিখনত নিজৰ চৰিত্ৰৰ কথা প্ৰকাশ কৰিছে।

পোষ্টটোৰ লগতে তেওঁ লিখিছে, "দেশ মেইন এক বাৰ ফিৰ গুঞ্জেগী অটল আৱাজ কি অটল কাহানী! #MainATALHoon in cinemas 19th January 2024." ভিডিঅ’টো আপলোড হোৱাৰ লগে লগে পংকজৰ অনুৰাগীসকল উৎফুল্লিত হৈ পৰে৷মঙলবাৰে পংকজ ত্ৰিপাঠীয়ে তেওঁৰ ছবিখনৰ একাধিক পোষ্টাৰ শ্বেয়াৰ কৰাৰ লগতে ছবিখনৰ আনুষ্ঠানিক মুক্তিৰ তাৰিখো ঘোষণা কৰে।

ইনষ্টাগ্ৰামলৈ লৈ গৈ পংকজ ত্ৰিপাঠীয়ে পোষ্টাৰসমূহ শ্বেয়াৰ কৰি লিখে- "সোণৰ হৃদয়, লোৰ ব্যক্তিত্ব... এজন বহুমুখী কবি... নতুন ভাৰতৰ আঁৰৰ দূৰদৰ্শী ব্যক্তিজনৰ কাহিনীৰ সৈতে সাক্ষী হওক।" উল্লেখ্য যে ২০২৪ চনৰ ১৯ জানুৱাৰীত ছবিগৃহত মুক্তি পাবলৈ সাজু হৈছে ‘মেইন অটল হুন’।

পৰিচালক ৰবি যাদৱৰ নেতৃত্বত নিৰ্মিত ‘মেইন অটল হুন’ত দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন সন্মানেৰে সন্মানিত তিনিবাৰৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ চৰিত্ৰত ত্ৰিপাঠীক দেখা গৈছে। ছবিখনত সুৰ কৰিছে চেলিম- চুলেইমানে।ইয়াৰ পূৰ্বে ২০২৩ চনৰ ডিচেম্বৰ মাহত ছবিখন মুক্তি পোৱাৰ কথা আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পলাতক অপৰাধীৰ বিৰুদ্ধে ভাৰতৰ 'অপাৰেশ্যন গ্ল'বেল হান্ট'
মুজতবা খামেনেইৰ মৃত্যুৰ বিষয়ত অপপ্ৰচাৰ চলাইছে আমেৰিকাই, ইৰানী বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ দাবী
টী-২০ মহিলা বিশ্বকাপ ২০২৬ ; বিচিচিআইএ ঘোষণা কৰিলে ভাৰতীয় দল
গংগা এক্সপ্ৰেছৱেত হাই-টেক সুৰক্ষা ব্যৱস্থা: এতিয়াৰ পৰা গাড়ী চলাওতে টোপনি আহিলে চালকক কৰিব সতৰ্ক
অসম মেঘালয় সীমান্তৰ ফুলবাৰীৰ গোমাইঝোৰাত ভয়ংকৰ পথ দূৰ্ঘটনা: থিতাতে মৃত্যু এজন বৃদ্ধাৰ
"Women Who Rally" লিডাৰশ্বিপ কোহৰ্টত স্থান লাভ গুৱাহাটীৰ নাজনীন ৰহমানৰ
আমেৰিকা অভিমুখে যাত্রা ড° হেমচন্দ্র গোস্বামীৰ, মাজুলীৰ চামগুৰি সত্ৰৰ মুখালৈ আন্তঃৰাষ্ট্ৰীয় সমাদৰ
ইনষ্টাগ্ৰামত লাখে লাখে কমিল ৰাঘৱ চাদ্ধাৰ অনুৰাগী
ড° অশোক কুমাৰ লাহিড়ীক নিটি আয়োগৰ উপাধ্যক্ষৰূপে নিয়োগ
AIয়ে দিব বানপানীৰ আগজাননী
দিল্লীত ভয়ংকৰ পথ দুৰ্ঘটনা: তীব্ৰবেগী বাহনৰ খুন্দাত ৪ যুৱকৰ কৰুণ মৃত্যু
আজি পুৱা ১০.৩০ বজাত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল
আইপিএলত ইতিহাস গঢ়াৰ দিশে ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশী: বিহাৰৰ বৈভৱে কঁপাব ক্ৰিকেট জগত
ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল: শীৰ্ষত কোন কোন জিলা?