--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পুনৰ চৰ্চালৈ আহিছে বলীউডৰ অভিনেতা আমিৰ খান আৰু কিৰণ ৰাও৷ বিবাহ বিচ্ছেদৰ পাছতো বন্ধুত্বমূলক সম্পৰ্ক জীয়াই ৰখা আমিৰ আৰু কিৰণক দেখা যাব এটা টেলিভিশ্যন শ্ব’ত৷ আমিৰ আৰু কিৰণৰ প্ৰেমকাহিনী আৰম্ভ হৈছিল ‘লগান’ৰ দৃশ্যগ্ৰহণৰ সময়ত৷

অভিনেতাজনে ২০০৫ত কিৰণৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল পূৰ্বৰ পত্নী ৰীণা দত্তৰ পৰা বিবাহ বিচ্ছেদৰ কেইবছৰমান পাছত৷ বৈবাহিক জীৱনৰ প্ৰায় ১৬ বছৰ পাছত আমিৰ আৰু কিৰণে ২০২১ত তেওঁলোকৰ বিচ্ছেদৰ কথা ঘোষণা কৰি তেওঁলোকৰ অনুৰাগীসকলক আচৰিত কৰি তুলিছিল। 

অৱশ্যে, বিচ্ছেদৰ পাছতো এই প্ৰাক্তন দম্পতীয়ে তেওঁলোকৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰাখিছিল।

শেহতীয়াকৈ আমিৰ আৰু কিৰণে কৰণ জোহৰৰ ‘কফি উইথ কৰণ’ৰ বাবে পুনৰ লগ লাগিছে৷ পূৰ্বতেও তেওঁলোক কৰণৰ টক শ্বোত একেলগে অংশ লৈছিল।

এইবাৰ দ্বিতীয়বাৰৰ বাবে তেওঁলোকক ‘কফি উইথ কৰণ’ত দেখা যাব। তেওঁলোকে ইতিমধ্যে খণ্ডটোৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰিছে। ‘কফি উইথ কৰণ’ৰ অষ্টম চিজন তেওঁলোকৰ খণ্ডটোৰ সৈতে শেষ হ’বলৈ গৈ আছে।

এতিয়ালৈকে, ৰণবীৰ সিং আৰু দীপিকা পাডুকন ‘কফি উইথ কৰণ’ৰ কফি চেটৰ বাবে দম্পতি হিচাপে আহিছে। ছানি আৰু ববি দেওল ভাতৃযুগল হিচাপে আহিছে। চাৰা আলী খান আৰু অনন্যা পাণ্ডেক দেখা গৈছিল বন্ধু হিচাপে৷ ইয়াৰ উপৰি আলিয়া ভাট আৰু কৰীণা কাপুৰ খানেও অংশ লৈছিল এই অনুষ্ঠানত। উল্লেখযোগ্য যে ৰাণী মুখাৰ্জী আৰু কাজলক কৰণৰ অনুষ্ঠানৰ পৰৱৰ্তী খণ্ডত দেখা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান