--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী এয়াৰ হোষ্টেছে আত্মহত্যা কৰিছে। এয়াৰ হোষ্টেছগৰাকীৰ নাম দেৱপ্ৰিয়া বিশ্বাস বুলি জানিব পৰা গৈছে। তথ্য অনুসৰি এয়াৰ হোষ্টেছ দেৱপ্ৰিয়া বিশ্বাস ডিপ্ৰেছনত আছিল। এই কাৰণেই তেওঁ আত্মহননৰ পথ বাচি লৈছিল। ঘটনাৰ পিছৰে পৰা অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীয়ে জনোৱা মতে, এই বিষয়ত এতিয়ালৈকে কোনো অভিযোগ পোৱা নাই। এই ঘটনা সংঘটিত হৈছে কলকাতাত।

কলকাতাৰ প্ৰগতি ময়দানৰ মেট্ৰ'পলিটান কো-অপাৰেটিভ হাউছিং ছ'চাইটিত ঘটিছে এই আত্মহত্যাৰ ঘটনা। এয়াৰ হোষ্টেছগৰাকীৰ বয়স আছিল ২৭ বছৰ। শনিবাৰে বিয়লি প্ৰায় ৪ বজাত অট্টালিকাৰ চতুৰ্থ মহলাৰ পৰা জপিয়াই আত্মহত্যা কৰে দেৱপ্ৰিয়া বিশ্বাসে।

এয়াৰ হোষ্টেছৰ আত্মীয়ই জনোৱা মতে, অট্টালিকাৰ পৰা জপিয়াই দিয়াৰ ফলত তেওঁ ৰাস্তাত বাগৰি পৰে আৰু ইয়াৰ বাবেই তেওঁ বহুত আঘাত পায়। এই ঘটনাত দেৱপ্ৰিয়া গুৰুতৰভাৱে আহত হয়। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে পৰিয়ালত আলোড়নৰ সৃষ্টি হয়। তাৰ পাছত এয়াৰ হোষ্টেছগৰাকীক খৰখেদাকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়।

দেৱপ্ৰিয়া বিশ্বাস চিকিৎসালয়ত উপস্থিত হোৱাৰ লগে লগে চিকিৎসা আৰম্ভ কৰা হৈছিল যদিও তাৰপাছতে তেওঁৰ মৃত্যু হয়। 

দুবছৰ ধৰি অবিৰতভাৱে কাম নোপোৱাৰ বাবে দেৱপ্ৰিয়া ডিপ্ৰেছনত আছিল বুলি আত্মীয়ই জনায়। বহুদিন ধৰি তেওঁ হতাশাত ভুগি আছিল। বহুদিন ধৰি তেওঁ মানসিক সমস্যাত ভুগি আছিল। আৰক্ষীয়ে জনোৱা মতে কোনো ছুইচাইড নোট উদ্ধাৰ হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ ডিগ্ৰীৰ তথ্য ৰাজহুৱা কৰাত ন্যায়ালয়ৰ নিষেধাজ্ঞা
অৰুণাচলৰ দিৰাঙত ভূমিস্খলন, চাৰিদুৱাৰ-ভালুকপুং-টাৱাং সংযোগী পথ বন্ধ
চুলি পকিবলৈ ধৰিছে নেকি? ঘৰুৱা সামগ্ৰীৰেই ক'লা কৰক আপোনাৰ পকা চুলি
ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ জাননী জাৰি ট্ৰাম্পৰ
বিশ্বৰ বিভিন্ন দেশত ইৰানৰ অস্ত্র-শস্ত্ৰ নিৰ্মাণকাৰী কাৰখানা আছে
কলিয়াবৰৰ জখলাবন্ধা ৰে’লগে’টত গুলীচালনাৰ ঘটনা ; সন্দেহজনক বাহনলৈ আৰক্ষীৰ গুলি
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়
এন এছ এফৰ শীৰ্ষ পদৰ বাবে নিয়ম শিথিল
খেলুৱৈৰ জীৱনত আটাইতকৈ শোচনীয় পৰাজয়! খেলপথাৰতে হুকহুকাই কান্দিলে নেইমাৰে
ভাৰতমাতাৰ সাহসী কন্যা! ২০ হাজাৰ ফুটতকৈও অধিক ওখ এটা শিখৰত উৰুৱালে ত্ৰিৰংগা; বৰফ খাই গুচাইছিল পিয়াহ