--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী এয়াৰ হোষ্টেছে আত্মহত্যা কৰিছে। এয়াৰ হোষ্টেছগৰাকীৰ নাম দেৱপ্ৰিয়া বিশ্বাস বুলি জানিব পৰা গৈছে। তথ্য অনুসৰি এয়াৰ হোষ্টেছ দেৱপ্ৰিয়া বিশ্বাস ডিপ্ৰেছনত আছিল। এই কাৰণেই তেওঁ আত্মহননৰ পথ বাচি লৈছিল। ঘটনাৰ পিছৰে পৰা অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীয়ে জনোৱা মতে, এই বিষয়ত এতিয়ালৈকে কোনো অভিযোগ পোৱা নাই। এই ঘটনা সংঘটিত হৈছে কলকাতাত।

কলকাতাৰ প্ৰগতি ময়দানৰ মেট্ৰ'পলিটান কো-অপাৰেটিভ হাউছিং ছ'চাইটিত ঘটিছে এই আত্মহত্যাৰ ঘটনা। এয়াৰ হোষ্টেছগৰাকীৰ বয়স আছিল ২৭ বছৰ। শনিবাৰে বিয়লি প্ৰায় ৪ বজাত অট্টালিকাৰ চতুৰ্থ মহলাৰ পৰা জপিয়াই আত্মহত্যা কৰে দেৱপ্ৰিয়া বিশ্বাসে।

এয়াৰ হোষ্টেছৰ আত্মীয়ই জনোৱা মতে, অট্টালিকাৰ পৰা জপিয়াই দিয়াৰ ফলত তেওঁ ৰাস্তাত বাগৰি পৰে আৰু ইয়াৰ বাবেই তেওঁ বহুত আঘাত পায়। এই ঘটনাত দেৱপ্ৰিয়া গুৰুতৰভাৱে আহত হয়। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে পৰিয়ালত আলোড়নৰ সৃষ্টি হয়। তাৰ পাছত এয়াৰ হোষ্টেছগৰাকীক খৰখেদাকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়।

দেৱপ্ৰিয়া বিশ্বাস চিকিৎসালয়ত উপস্থিত হোৱাৰ লগে লগে চিকিৎসা আৰম্ভ কৰা হৈছিল যদিও তাৰপাছতে তেওঁৰ মৃত্যু হয়। 

দুবছৰ ধৰি অবিৰতভাৱে কাম নোপোৱাৰ বাবে দেৱপ্ৰিয়া ডিপ্ৰেছনত আছিল বুলি আত্মীয়ই জনায়। বহুদিন ধৰি তেওঁ হতাশাত ভুগি আছিল। বহুদিন ধৰি তেওঁ মানসিক সমস্যাত ভুগি আছিল। আৰক্ষীয়ে জনোৱা মতে কোনো ছুইচাইড নোট উদ্ধাৰ হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক