--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শিশুৰ চকুৰ ৰোগৰ ভিতৰত মায়োপিয়াও অন্যতম তথা চিন্তা উদ্ৰেককাৰী  ৰোগ৷ মায়োপিয়া, যাক নিকটদৃষ্টি  বুলিও কোৱা হয়, সকলো বয়সৰ শিশুৰ ক্ষেত্ৰতে হ’ব পাৰে৷  সচৰাচৰ দেখা যায় পাঁচ শতাংশ প্ৰাক-বিদ্যালয়ৰ শিক্ষাৰ্থী, ৯% কম বয়সৰ শিশু , ৩০% কিশোৰৰ মাজত মায়োপিয়া হোৱাৰ আশংকা থাকে৷   গৱেষকসকলে ভৱিষ্যতবাণী কৰিছে যে ২০৫০ চনৰ ভিতৰত পৃথিৱীৰ প্ৰায় আধা সংখ্যক  শিশুৰ মায়োপিয়া হ'ব পাৰে । সেয়ে অভিভাৱকসকলে এই ৰোগকলৈ সতৰ্ক হোৱা ভাল৷  

মায়োপিয়া কিয় বাঢ়িছে?

কিয় অধিক শিশু নিকটদৃষ্টিৰ ভুক্তভোগী হৈ পৰিছে সেই বিষয়ে বহুত তত্ত্ব আছে। আমি জানো যে যেতিয়া শিশুৱে বাহিৰত অধিক খেলে, তেওঁলোকৰ মায়োপিয়াৰ আশংকা কম হয়। 

আপুনি জানেনে?

 শিক্ষা আৰু মানসিক স্বাস্থ্যৰ বিশেষজ্ঞসকলে অনুমান কৰে যে  বহু শিশুৱে দিনে গড়ে প্ৰায় ৬-৭  ঘণ্টা টিভিৰ পৰ্দা অথবা মোবাইল ফোন চাই  অতিবাহিত কৰে৷  যেতিয়া আমাৰ  চকু সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ আহে তেতিয়া শৰীৰে ডোপামিন নামৰ ৰাসায়নিক পদাৰ্থ মুকলি কৰে। গৱেষকসকলে বিশ্বাস কৰে যে ডোপামিনে ৰেটিনাক প্ৰভাৱান্বিত কৰে৷ ডোপামিনে দৃষ্টি শক্তি নিয়ন্ত্ৰণত সহায় কৰে৷ বেছিকৈ মোবাইল ফোন চাই থাকিলে চকুযুৰিয়ে সূৰ্যৰ পোহৰ নাপায়৷ ফলত এইবিধ পদাৰ্থৰো পৰিমাণ কম হয়৷ সূৰ্যৰ পোহৰে ভিটামিন ডি সৃষ্টিতো সহায়  কৰে। বহু  অধ্যয়নে দেখুৱায় যে মায়োপিয়া থকা লোকসকলৰ  ভিটামিন ডিৰ স্তৰ কম। আজিকালি  বহু  শিশুৱে তেওঁলোকৰ জীৱনৰ বেছিভাগ সময় ইলেক্ট্ৰনিক সঁজুলিত অতিবাহিত কৰে, যাৰ ফলত তেওঁলোকৰ মায়োপিয়া হোৱাৰ ভয় থাকে৷ নিয়মীয়া চকু পৰীক্ষাৰ দ্বাৰা মায়োপিয়া  চিনাক্ত কৰিব পাৰি৷ 

যদি আপোনাৰ শিশুটিৰ  দৃষ্টিশক্তিৰ কোনো সমস্যাথাকে তেন্তে বিশেষজ্ঞৰ দ্ধাৰা সেয়া পৰীক্ষা কৰোৱা ভাল৷  যদি আপোনাৰ সন্তানৰ মায়োপিয়া আছে  তৎক্ষণাৎ কাৰ্যকৰী চিকিৎসা প্ৰদান  কৰাটো গুৰুত্বপূৰ্ণ। প্ৰাকবিদ্যালয়ৰ শিশুৱে তেওঁলোকৰ চাৰিওফালৰ পৃথিৱীৰ বিষয়ে শিকিবলৈ তেওঁলোকৰ দৃষ্টি ব্যৱহাৰ কৰে। এবাৰ তেওঁলোকে বিদ্যালয়ত প্ৰৱেশ কৰাৰ পিছত পাঠবোৰ ভালদৰে  শিকাৰ বাবে ভাল দৃষ্টি শক্তি অতি গুৰুত্বপূৰ্ণ। সেয়ে সন্তানৰ মায়োপিয়াৰ সমস্যা থাকিলে ততালিকে বিশেষজ্ঞৰ পৰামৰ্শ ল’ব লাগে৷  মায়োপিয়াৰ ফলত  শিশুৱে দেখাত অসুবিধা পোৱাৰ লগতে আন চকুৰ সমস্যাত ভুগিব পাৰে৷ সেয়ে শিশুক যিমান পাৰি মোবাইল ফোন, টিভিৰ পৰা আঁতৰাই ৰাখি আন সৃষ্টিশীল কামত লগাব পাৰিলে ভাল৷ 







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক