--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শিশুৰ চকুৰ ৰোগৰ ভিতৰত মায়োপিয়াও অন্যতম তথা চিন্তা উদ্ৰেককাৰী  ৰোগ৷ মায়োপিয়া, যাক নিকটদৃষ্টি  বুলিও কোৱা হয়, সকলো বয়সৰ শিশুৰ ক্ষেত্ৰতে হ’ব পাৰে৷  সচৰাচৰ দেখা যায় পাঁচ শতাংশ প্ৰাক-বিদ্যালয়ৰ শিক্ষাৰ্থী, ৯% কম বয়সৰ শিশু , ৩০% কিশোৰৰ মাজত মায়োপিয়া হোৱাৰ আশংকা থাকে৷   গৱেষকসকলে ভৱিষ্যতবাণী কৰিছে যে ২০৫০ চনৰ ভিতৰত পৃথিৱীৰ প্ৰায় আধা সংখ্যক  শিশুৰ মায়োপিয়া হ'ব পাৰে । সেয়ে অভিভাৱকসকলে এই ৰোগকলৈ সতৰ্ক হোৱা ভাল৷  

মায়োপিয়া কিয় বাঢ়িছে?

কিয় অধিক শিশু নিকটদৃষ্টিৰ ভুক্তভোগী হৈ পৰিছে সেই বিষয়ে বহুত তত্ত্ব আছে। আমি জানো যে যেতিয়া শিশুৱে বাহিৰত অধিক খেলে, তেওঁলোকৰ মায়োপিয়াৰ আশংকা কম হয়। 

আপুনি জানেনে?

 শিক্ষা আৰু মানসিক স্বাস্থ্যৰ বিশেষজ্ঞসকলে অনুমান কৰে যে  বহু শিশুৱে দিনে গড়ে প্ৰায় ৬-৭  ঘণ্টা টিভিৰ পৰ্দা অথবা মোবাইল ফোন চাই  অতিবাহিত কৰে৷  যেতিয়া আমাৰ  চকু সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ আহে তেতিয়া শৰীৰে ডোপামিন নামৰ ৰাসায়নিক পদাৰ্থ মুকলি কৰে। গৱেষকসকলে বিশ্বাস কৰে যে ডোপামিনে ৰেটিনাক প্ৰভাৱান্বিত কৰে৷ ডোপামিনে দৃষ্টি শক্তি নিয়ন্ত্ৰণত সহায় কৰে৷ বেছিকৈ মোবাইল ফোন চাই থাকিলে চকুযুৰিয়ে সূৰ্যৰ পোহৰ নাপায়৷ ফলত এইবিধ পদাৰ্থৰো পৰিমাণ কম হয়৷ সূৰ্যৰ পোহৰে ভিটামিন ডি সৃষ্টিতো সহায়  কৰে। বহু  অধ্যয়নে দেখুৱায় যে মায়োপিয়া থকা লোকসকলৰ  ভিটামিন ডিৰ স্তৰ কম। আজিকালি  বহু  শিশুৱে তেওঁলোকৰ জীৱনৰ বেছিভাগ সময় ইলেক্ট্ৰনিক সঁজুলিত অতিবাহিত কৰে, যাৰ ফলত তেওঁলোকৰ মায়োপিয়া হোৱাৰ ভয় থাকে৷ নিয়মীয়া চকু পৰীক্ষাৰ দ্বাৰা মায়োপিয়া  চিনাক্ত কৰিব পাৰি৷ 

যদি আপোনাৰ শিশুটিৰ  দৃষ্টিশক্তিৰ কোনো সমস্যাথাকে তেন্তে বিশেষজ্ঞৰ দ্ধাৰা সেয়া পৰীক্ষা কৰোৱা ভাল৷  যদি আপোনাৰ সন্তানৰ মায়োপিয়া আছে  তৎক্ষণাৎ কাৰ্যকৰী চিকিৎসা প্ৰদান  কৰাটো গুৰুত্বপূৰ্ণ। প্ৰাকবিদ্যালয়ৰ শিশুৱে তেওঁলোকৰ চাৰিওফালৰ পৃথিৱীৰ বিষয়ে শিকিবলৈ তেওঁলোকৰ দৃষ্টি ব্যৱহাৰ কৰে। এবাৰ তেওঁলোকে বিদ্যালয়ত প্ৰৱেশ কৰাৰ পিছত পাঠবোৰ ভালদৰে  শিকাৰ বাবে ভাল দৃষ্টি শক্তি অতি গুৰুত্বপূৰ্ণ। সেয়ে সন্তানৰ মায়োপিয়াৰ সমস্যা থাকিলে ততালিকে বিশেষজ্ঞৰ পৰামৰ্শ ল’ব লাগে৷  মায়োপিয়াৰ ফলত  শিশুৱে দেখাত অসুবিধা পোৱাৰ লগতে আন চকুৰ সমস্যাত ভুগিব পাৰে৷ সেয়ে শিশুক যিমান পাৰি মোবাইল ফোন, টিভিৰ পৰা আঁতৰাই ৰাখি আন সৃষ্টিশীল কামত লগাব পাৰিলে ভাল৷ 







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু