--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শীতকালত শৰীৰত বহুতো পৰিৱৰ্তনে ঘটে। এফালে ফ্লু আৰু ঋতুভিত্তিক ৰোগৰ সম্ভাৱনা বৃদ্ধি পোৱাৰ বিপৰীতে হৃদৰোগো কিছু পৰিমাণে বৃদ্ধি পায়। কিন্তু আপুনি জানেনে শীতকালত হাৰ্টএটেকৰ সম্ভাৱনা কিয় বৃদ্ধি পায়। দৰাচলতে ঠাণ্ডা বতৰত সিৰাবোৰ সৰু হৈ কঠিন হ’বলৈ আৰম্ভ কৰে। ইয়াক স্বাভাৱিক কৰি তুলিবলৈ শৰীৰত তেজৰ সোঁত বাঢ়িবলৈ আৰম্ভ কৰে, যাৰ ফলত ৰক্তচাপ বৃদ্ধি পায়। ইয়াৰ ফলত হৃদযন্ত্ৰৰ ওপৰত চাপ পৰে আৰু হাৰ্টএটেক হোৱাৰ আশংকা বৃদ্ধি পায়।

উল্লেখ্য যে পাব্লিক লাইব্ৰেৰী অৱ চাইন্স জাৰ্নেলৰ গৱেষণাৰ পৰা দেখা গৈছে যে ঠাণ্ডাত হৃদৰোগীৰ হাৰ্টএটেকৰ সম্ভাৱনা ৩১ শতাংশ বৃদ্ধি পায়। বিশেষকৈ নিশা শৰীৰৰ ৰক্তচাপ আৰু চেনিৰ মাত্ৰা কমি যায়, যিটো শৰীৰৰ স্বয়ংক্ৰিয় স্নায়ুতন্ত্ৰই পুৱা স্বাভাৱিক কৰিবলৈ চেষ্টা কৰে ফলত হৃদযন্ত্ৰই স্বাভাৱিকতকৈ অধিক কষ্ট কৰিবলগীয়া হয়, যাৰ বাবে হাৰ্টএটেকৰ সম্ভাৱনা বৃদ্ধি পায়।

শীতকালীন হাৰ্টএটেকৰ আন কেইটামান কাৰণ জানো আহক-

১. হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ ৰক্তচাপ নিয়ন্ত্ৰণত ৰখা উচিত। শীতকালত যিমান পাৰি কম নিমখ খাব লাগে। আচলতে নিমখে শৰীৰত পানী ধৰি ৰাখিবলৈ কাম কৰে। এই তৰল পদাৰ্থটো পাম্প কৰিবলৈ হৃদযন্ত্ৰই অধিক কষ্ট কৰিবলগীয়া হয়। যাৰ বাবে হাৰ্টএটেকৰ সম্ভাৱনা বৃদ্ধি পায়।

২. ঠাণ্ডা বতৰত মানুহে কম পানী খায়, যিটো হৃদযন্ত্ৰৰ বাবে উপকাৰী বুলি বিবেচিত হয়। বিশেষজ্ঞসকলৰ মতে এই ঋতুত অধিক পানী খোৱাৰ ফলত হৃদযন্ত্ৰই অধিক তৰল পাম্প কৰে। যাৰ বাবে হৃদযন্ত্ৰই অধিক কষ্ট কৰিবলগীয়া হয় আৰু হাৰ্টএটেকৰ সম্ভাৱনা বৃদ্ধি পায়।

৩. শীতকালত হৃদৰোগীয়ে পুৱা সোনকালে উঠা উচিত নহয়। কাৰণ এনে সময়ত স্নায়ু সংকুচিত হৈ পৰে আৰু এনে পৰিস্থিতিত ব্যায়াম বা খোজকঢ়াত অসুবিধা হ’ব পাৰে। গতিকে সূৰ্যৰ পোহৰ পৰাৰ পাছতহে বাহিৰলৈ ওলাই যোৱা উচিত আৰু লঘু ব্যায়ামহে কৰিব লাগে। কাপোৰেৰে শৰীৰ সম্পূৰ্ণকৈ ঢাকি ৰাখিব লাগে।

৪. শীতকালত মানুহে ভজা খাদ্য বেছিকৈ খায়। ইয়াৰ বাবে বেয়া কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি হ’বলৈ আৰম্ভ কৰে। যাৰ বাবে হাৰ্ট এটেকৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি পাব পাৰে। গতিকে ঠাণ্ডা বতৰত পৰঠা আৰু তেলীয়া বস্তু খোৱাৰ পৰা বিৰত থাকিব লাগে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু