--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃকেন্দ্ৰীয় চৰকাৰে অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত বিতৰ্কিত আফস্পা (সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন) ম্যাদ  বৃদ্ধি কৰা হৈছে। জানিব পৰা মতে  উত্তৰ-পূবৰ দুখন ৰাজ্যৰ কেইবাটাও সন্ত্ৰাসবাদী  'প্ৰভাৱিত' অঞ্চলত অস্থিৰতাৰ আশংকা কৰি  এই সিদ্ধান্ত লোৱা হৈছে।  শনিবাৰৰ পৰা সেই অঞ্চলবোৰত সেনাৰ বিশেষ ক্ষমতা বৃদ্ধি কৰা হৈছে।

অৰুণাচল প্ৰদেশৰ টিন জিলাত আফস্পা ছয় মাহলৈ বৃদ্ধি কৰা হৈছে। ফলস্বৰূপে, তিৰাপ, চাংলাং আৰু লংডিং জিলাত সেনাৰ বিশেষ ক্ষমতা অব্যাহত থাকিব। ইয়াৰ উপৰিও, নামচাই জিলাৰ মহাদেৱপুৰ আৰু নামচাই আৰক্ষী থানা অঞ্চলক 'অশান্ত' বুলি ঘোষণা কৰি বিতৰ্কিত আইনখনৰ ম্যাদ  বৃদ্ধি কৰা হৈছে। অহা বছৰৰ ১ অক্টোবৰৰ পৰা ৩০ মাৰ্চলৈ এই অঞ্চলসমূহত আফস্পা কাৰ্যকৰী কৰা হৈছে।

শেহতীয়াকৈ গৃহ মন্ত্ৰালয়ে জাৰি কৰা এক বিবৃতিত এইবুলি  কোৱা হৈছে যে নাগালেণ্ডৰ নখন 'অশান্ত' জিলা আৰু ১৬ খন আৰক্ষী থানা অঞ্চলত আফস্পাৰ ম্যাদ বৃদ্ধি কৰা হৈছে। নাগা বিচ্ছিন্নতাবাদী গোট এনএছচিএন (আইএম)ৰ সৈতে শান্তি প্ৰক্ৰিয়া মাজভাগত স্থবিৰ হৈ পৰিছে। সংগঠনটোৰ আলোচনা বিৰোধী খাপলাং গোট এতিয়াও সক্ৰিয় হৈ আছে। ফলস্বৰূপে, অঞ্চলটোত যিকোনো ধৰণৰ অস্থিৰতা দূৰ কৰিবলৈ   এই সিদ্ধান্ত লোৱা হৈছে।

যোৱা বছৰ ডিচেম্বৰৰ আৰম্ভণিতে সন্ত্ৰাসবাদীৰ সন্দেহত সেনাই ১৩ জন নাগৰিকক গুলীয়াই হত্যা কৰাৰ পিছৰে পৰা নাগালেণ্ডত আফস্পা প্ৰত্যাহাৰৰ দাবী তীব্ৰতৰ হৈ পৰিছিল।  স্থানীয় মানৱ অধিকাৰ সংগঠনে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাৱস্ত্য কৰিছিল।  নাগালেণ্ড আৰু মণিপুৰ চৰকাৰেও কেন্দ্ৰক বিতৰ্কিত আইনখন প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাই আহিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ