--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দোষ কৰিলে শাস্তি হ’বই। ভাৰতীয় ন্যায় ব্যৱস্থাত তেনে শাস্তিৰ বিধান ৰখা হৈছে। শাস্তিৰ নামত কোনো অপৰাধীৰ ২০, ২৫ বছৰলৈ কাৰাবাস হ’ব পাৰে যদিও শেহতীয়াকৈ কেৰালাৰ এজন লোকক নাবালিকাক ধৰ্ষণ কৰাৰ অপৰাধত ১৪২ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে।

এখন স্থানীয় আদালতে এগৰাকী নাবালিকাক   দুবছৰ ধৰি বলাৎকাৰ কৰি থকাৰ অপৰাধত এজন ৪১ বছৰীয়া লোকক ১৪২ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। 

পাথানামথিট্টাৰ অতিৰিক্ত জিলা আৰু সত্ৰ আদালতৰ (পকচো) ন্যায়াধীশ জয়কুমাৰে  আনন্দন পি আৰ নামৰ অপৰাধীজনক  ১৪২ বছৰৰ কাৰাদণ্ড বিহে। 

লগতে তেওঁক   ৫ লাখ টকাৰ জৰিমনাও আৰোপ কৰা হয়। জিলাখনত পকচো গোচৰত অভিযুক্তক ইমান বছৰৰ  শাস্তি প্ৰদানৰ ঘটনা এয়াই প্ৰথম।

তেওঁৰ বিৰুদ্ধে যৌন অপৰাধৰ পৰা শিশুক সুৰক্ষা (পকচো) আইন আৰু ভাৰতীয় দণ্ডবিধিৰ  ধাৰা ৫০৬(অপৰাধমূলক ভাবুকি)ৰ অধীনত গোচৰ ৰুজু হৈছিল। আদালতে কয় যে অভিযুক্তজনে ২০১৯-২০২১ বৰ্ষত শিশুটোক নিৰ্মমভাৱে যৌন নিৰ্যাতন কৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু