--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দোষ কৰিলে শাস্তি হ’বই। ভাৰতীয় ন্যায় ব্যৱস্থাত তেনে শাস্তিৰ বিধান ৰখা হৈছে। শাস্তিৰ নামত কোনো অপৰাধীৰ ২০, ২৫ বছৰলৈ কাৰাবাস হ’ব পাৰে যদিও শেহতীয়াকৈ কেৰালাৰ এজন লোকক নাবালিকাক ধৰ্ষণ কৰাৰ অপৰাধত ১৪২ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে।

এখন স্থানীয় আদালতে এগৰাকী নাবালিকাক   দুবছৰ ধৰি বলাৎকাৰ কৰি থকাৰ অপৰাধত এজন ৪১ বছৰীয়া লোকক ১৪২ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। 

পাথানামথিট্টাৰ অতিৰিক্ত জিলা আৰু সত্ৰ আদালতৰ (পকচো) ন্যায়াধীশ জয়কুমাৰে  আনন্দন পি আৰ নামৰ অপৰাধীজনক  ১৪২ বছৰৰ কাৰাদণ্ড বিহে। 

লগতে তেওঁক   ৫ লাখ টকাৰ জৰিমনাও আৰোপ কৰা হয়। জিলাখনত পকচো গোচৰত অভিযুক্তক ইমান বছৰৰ  শাস্তি প্ৰদানৰ ঘটনা এয়াই প্ৰথম।

তেওঁৰ বিৰুদ্ধে যৌন অপৰাধৰ পৰা শিশুক সুৰক্ষা (পকচো) আইন আৰু ভাৰতীয় দণ্ডবিধিৰ  ধাৰা ৫০৬(অপৰাধমূলক ভাবুকি)ৰ অধীনত গোচৰ ৰুজু হৈছিল। আদালতে কয় যে অভিযুক্তজনে ২০১৯-২০২১ বৰ্ষত শিশুটোক নিৰ্মমভাৱে যৌন নিৰ্যাতন কৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement