--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৰুণাচল প্ৰদেশত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত। দুৰ্ঘটনাত পতিত হৈছে ভাৰতীয় সেনাৰ এখন চিতা হেলিকপ্টাৰ। প্ৰতিকূল বতৰৰ বাবে উদ্ধাৰ অভিযানত জটিলতা আহি পৰিছে।

অৰুণাচল প্ৰদেশৰ মান্দালা পাহাৰত ভাৰতীয় সেনাৰ চিতা হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হয়। বমডিলাৰ সমীপত দূৰ্ঘটনাগ্ৰস্ত হৈছে হেলিকপ্টাৰখন। হেলিকপ্টাৰখনত দুজনকৈ সেনা বিষয়া আছিল। বৰ্তমানলৈকে তেওঁলোকৰ কোনো সন্ধান পোৱা নাই।

জানিব পৰা মতে চিতা হেলিকপ্টাৰ খন আজি পুৱা এয়াৰ ট্ৰেফিক কণ্ট’লৰে সংযোগ বিচ্ছিন্ন হৈছিল। পুৱা ৯.১৫ বজাত হেলিকপ্টাৰখন নিখোজ হৈ পৰে। ইতিমধ্যে সেনাবাহিনীৰ উদ্ধাৰকাৰীৰ দল ঘটনাস্থলীলৈ ৰাওনা হৈছে। 

নিৰুদ্দিষ্ট বিষয়া দুগৰাকীৰ সন্ধানত অনুসন্ধান অভিযান আৰম্ভ কৰা হৈছে বুলি সেনাই লগতে সদৰী কৰিছে। নিৰুদ্দিষ্ট বিষয়া দুগৰাকীৰ এগৰাকী লেফটেনেণ্ট কৰ্ণেল আৰু আনগৰাকী মেজৰ ৰেংকৰ বিষয়া বুলি জানিব পৰা গৈছে।

দুয়োগৰাকী বিষয়াৰ সন্ধান উলিওৱাত প্ৰতিকূল বতৰে বাধাৰ সৃষ্টি কৰিছে। উদ্ধাৰ অভিযানত জটিলতা আহি পৰিছে। পুৱাৰে পৰা বৰষুণ দি থকাৰ বাবে উদ্ধাৰ অভিযান ভালদৰে কৰিব পৰা নাই। উল্লেখ্য যে ইয়াৰ পূৰ্বেও সেনাৰ বহু হেলিকপ্টাৰ অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানত দুৰ্ঘটনাগ্ৰস্ত হৈছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক