--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৰুণাচল প্ৰদেশত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত। দুৰ্ঘটনাত পতিত হৈছে ভাৰতীয় সেনাৰ এখন চিতা হেলিকপ্টাৰ। প্ৰতিকূল বতৰৰ বাবে উদ্ধাৰ অভিযানত জটিলতা আহি পৰিছে।

অৰুণাচল প্ৰদেশৰ মান্দালা পাহাৰত ভাৰতীয় সেনাৰ চিতা হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হয়। বমডিলাৰ সমীপত দূৰ্ঘটনাগ্ৰস্ত হৈছে হেলিকপ্টাৰখন। হেলিকপ্টাৰখনত দুজনকৈ সেনা বিষয়া আছিল। বৰ্তমানলৈকে তেওঁলোকৰ কোনো সন্ধান পোৱা নাই।

জানিব পৰা মতে চিতা হেলিকপ্টাৰ খন আজি পুৱা এয়াৰ ট্ৰেফিক কণ্ট’লৰে সংযোগ বিচ্ছিন্ন হৈছিল। পুৱা ৯.১৫ বজাত হেলিকপ্টাৰখন নিখোজ হৈ পৰে। ইতিমধ্যে সেনাবাহিনীৰ উদ্ধাৰকাৰীৰ দল ঘটনাস্থলীলৈ ৰাওনা হৈছে। 

নিৰুদ্দিষ্ট বিষয়া দুগৰাকীৰ সন্ধানত অনুসন্ধান অভিযান আৰম্ভ কৰা হৈছে বুলি সেনাই লগতে সদৰী কৰিছে। নিৰুদ্দিষ্ট বিষয়া দুগৰাকীৰ এগৰাকী লেফটেনেণ্ট কৰ্ণেল আৰু আনগৰাকী মেজৰ ৰেংকৰ বিষয়া বুলি জানিব পৰা গৈছে।

দুয়োগৰাকী বিষয়াৰ সন্ধান উলিওৱাত প্ৰতিকূল বতৰে বাধাৰ সৃষ্টি কৰিছে। উদ্ধাৰ অভিযানত জটিলতা আহি পৰিছে। পুৱাৰে পৰা বৰষুণ দি থকাৰ বাবে উদ্ধাৰ অভিযান ভালদৰে কৰিব পৰা নাই। উল্লেখ্য যে ইয়াৰ পূৰ্বেও সেনাৰ বহু হেলিকপ্টাৰ অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানত দুৰ্ঘটনাগ্ৰস্ত হৈছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু