--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৰুণাচল প্ৰদেশৰ সীমান্ত অঞ্চলত ভাৰত আৰু চীনা সৈন্যৰ মাজত পুনৰ এবাৰ সংঘৰ্ষ হোৱাৰ খবৰ আহিছে। এটা ৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ তথ্য অনুসৰি, যোৱা ৯ ডিচেম্বৰৰ নিশা টাৱাং ছেক্টৰত দুয়োখন দেশৰ সেনাৰ মাজত এই সংঘৰ্ষ সংঘটিত হৈছিল।

এই সংঘৰ্ষত দুয়োখন দেশৰ কিছু সৈন্য সামান্য পৰিমানে আঘাতপ্ৰাপ্ত হৈছে। অৱশ্যে সংঘৰ্ষৰ পিছতে সীমান্তত যাতে শান্তি-সম্প্ৰীতি অব্যাহত থাকে তাৰ বাবে ভাৰতীয় কমাণ্ডাৰে চীনৰ কমাণ্ডাৰৰ লগত ফ্লেগ মিটিং কৰে।

সংবাদ সংস্থাই এই তথ্য প্ৰকাশ কৰিছে যদিও এতিয়ালৈকে ভাৰতীয় সেনাৰ তৰফৰ পৰা আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ পোৱা নাই।

এ এন আইয়ে প্ৰকাশ কৰা অনুসৰি, ৯ ডিচেম্বৰৰ নিশা চীনৰ পিপুলছ লিবাৰেশ্যন আৰ্মীয়ে ভাৰতীয় ভূমিত প্ৰৱেশৰ চেষ্টা চলাইছিল। চীনা সৈন্যৰ এই পদক্ষেপক ভাৰতীয় সেনাই বাধা দিয়াত দুয়োখন দেশৰ সৈন্যৰ মাজত হতাহতি হয়।

অৱশ্যে এই সংঘৰ্ষৰ পিছত ভাৰতীয় সেনাই চীনা সৈন্যৰ দলটোক লাইন অৱ এক্চুৱেল কণ্ট্ৰ’লৰ পৰা খেদি পঠিয়াবলৈ সক্ষম হয়।

উল্লেখ্য যে ২০২০ বৰ্ষৰ ২০ জুনত গালৱান ভেলীত হোৱা ৰক্তাক্ত সংঘৰ্ষৰ পিছত দুয়োখন দেশৰ সেনাৰ মাজত হোৱা সংঘৰ্ষৰ এইটো প্ৰথম ঘটনা। গালৱান ভেলীৰ সংঘৰ্ষত ২০ গৰাকী ভাৰতীয় সেনা শ্বহীদ হোৱাৰ বিপৰীতে ৪০ জনৰো অধিক চীনা সৈন্যৰ মৃত্যু তথা আঘাতপ্ৰাপ্ত হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু