--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৰুণাচল প্ৰদেশৰ সীমান্ত অঞ্চলত ভাৰত আৰু চীনা সৈন্যৰ মাজত পুনৰ এবাৰ সংঘৰ্ষ হোৱাৰ খবৰ আহিছে। এটা ৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ তথ্য অনুসৰি, যোৱা ৯ ডিচেম্বৰৰ নিশা টাৱাং ছেক্টৰত দুয়োখন দেশৰ সেনাৰ মাজত এই সংঘৰ্ষ সংঘটিত হৈছিল।

এই সংঘৰ্ষত দুয়োখন দেশৰ কিছু সৈন্য সামান্য পৰিমানে আঘাতপ্ৰাপ্ত হৈছে। অৱশ্যে সংঘৰ্ষৰ পিছতে সীমান্তত যাতে শান্তি-সম্প্ৰীতি অব্যাহত থাকে তাৰ বাবে ভাৰতীয় কমাণ্ডাৰে চীনৰ কমাণ্ডাৰৰ লগত ফ্লেগ মিটিং কৰে।

সংবাদ সংস্থাই এই তথ্য প্ৰকাশ কৰিছে যদিও এতিয়ালৈকে ভাৰতীয় সেনাৰ তৰফৰ পৰা আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ পোৱা নাই।

এ এন আইয়ে প্ৰকাশ কৰা অনুসৰি, ৯ ডিচেম্বৰৰ নিশা চীনৰ পিপুলছ লিবাৰেশ্যন আৰ্মীয়ে ভাৰতীয় ভূমিত প্ৰৱেশৰ চেষ্টা চলাইছিল। চীনা সৈন্যৰ এই পদক্ষেপক ভাৰতীয় সেনাই বাধা দিয়াত দুয়োখন দেশৰ সৈন্যৰ মাজত হতাহতি হয়।

অৱশ্যে এই সংঘৰ্ষৰ পিছত ভাৰতীয় সেনাই চীনা সৈন্যৰ দলটোক লাইন অৱ এক্চুৱেল কণ্ট্ৰ’লৰ পৰা খেদি পঠিয়াবলৈ সক্ষম হয়।

উল্লেখ্য যে ২০২০ বৰ্ষৰ ২০ জুনত গালৱান ভেলীত হোৱা ৰক্তাক্ত সংঘৰ্ষৰ পিছত দুয়োখন দেশৰ সেনাৰ মাজত হোৱা সংঘৰ্ষৰ এইটো প্ৰথম ঘটনা। গালৱান ভেলীৰ সংঘৰ্ষত ২০ গৰাকী ভাৰতীয় সেনা শ্বহীদ হোৱাৰ বিপৰীতে ৪০ জনৰো অধিক চীনা সৈন্যৰ মৃত্যু তথা আঘাতপ্ৰাপ্ত হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক