--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উদাৰতা  নে আন কিবা? এগৰাকী বিবাহিতা মহিলাৰ প্ৰেমত পৰিল এজন যুৱক৷ কথাবোৰ বেছিদিনলৈ গোপন  হৈয়ো নাথাকিল৷ নিজৰ পত্নীয়ে আন যুৱকৰ প্ৰেমত পৰাৰ কথা জনাৰ পিছতো অৱশ্যে স্বামীয়ে কোনো প্ৰতিবাদ নকৰিলে৷ তেনেদৰেই কথাবোৰ চলি আছিল৷ এদিন হঠাতে পত্নীয়ে প্ৰেমিক যুৱকজনৰ সৈতে ঘৰ এৰি পলায়ন কৰিলে৷ তেতিয়াহে যেন সম্বিত ঘূৰি আহিল স্বামীৰ৷ তেওঁ প্ৰেমিক যুৱকৰ সৈতে পলায়ন কৰা পত্নীক বিচাৰি চৌদিশে চলাথ কৰিলে৷ 

এটা সময়ত তেওঁ যুৱকজনৰ সৈতে পত্নীক বিচাৰিও পালে৷ পত্নীক বিচাৰি পোৱাৰ পিছত স্বামীয়ে তেওঁক ঘৰলৈ ঘূৰাই অনাৰ সলনি  প্ৰেমিকৰ হাতত পত্নীক আনুষ্ঠানিকভাবে  গতাইহে  দিলে। তেওঁ ৰাইজে অনুষ্ঠিত কৰা  সভাত থিয় হৈ আৰু তেওঁৰ পত্নীক তেওঁৰ প্ৰেমিকৰ সৈতে বিয়া কৰাই দিয়ে। বংগৰ বালুৰঘাটৰ মাঝিগ্ৰাম অঞ্চলত ঘটিছে এই ঘটনা৷  শ্ৰীমন্ত বৰ্মন দক্ষিণ দিনাজপুৰ জিলাৰ বালুৰঘাটৰ চকদুৰ্গাৰ বাসিন্দা। তেওঁ ববিতাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। সকলো ঠিকেই চলি আছিল। কিন্তু শ্ৰীমন্তই তেওঁৰ পত্নীৰ আচৰণত হঠাতে পৰিৱৰ্তন লক্ষ্য কৰিছিল। তেওঁৰ কথা-বতৰাতো বিসঙ্গতি আছিল। ববিতাই ফোনত বহু সময় ধৰি কাৰোবাৰ সৈতে কথা পাতিছিল। 



পিছত শ্ৰীমন্তই জানিব পাৰিছিল যে তেওঁৰ পত্নী ববিতাই  মাঝিগ্ৰামৰ বাসিন্দা পৰীক্ষিত দেৱনাথৰ প্ৰেমত পৰিছে। এদিন ববিতাই যুৱকজনৰ  সৈতে পলাই গ’ল৷  স্থানীয় পঞ্চায়তৰ মুৰব্বী নুতন বৰ্মনেকয়  যে ববিতাই তেওঁৰ প্ৰেমিকৰ সৈতে সংসাৰ কৰিব বিচাৰিছিল। তেওঁৰ আকাংক্ষা পূৰণ কৰিবলৈ  স্বামী শ্ৰীমন্তই স্পষ্ট কৰি দিছিল যে তেওঁ আৰু ববিতাৰ সৈতে থাকিব নিবিচাৰে। গতিকে প্ৰেমিক দম্পতীৰ বিয়াত তেওঁৰ কোনো আপত্তি নাই। তেওঁ লিখিতভাৱে তেওঁৰ পত্নীৰ বিয়াত সন্মত হয়। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক