--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উদাৰতা  নে আন কিবা? এগৰাকী বিবাহিতা মহিলাৰ প্ৰেমত পৰিল এজন যুৱক৷ কথাবোৰ বেছিদিনলৈ গোপন  হৈয়ো নাথাকিল৷ নিজৰ পত্নীয়ে আন যুৱকৰ প্ৰেমত পৰাৰ কথা জনাৰ পিছতো অৱশ্যে স্বামীয়ে কোনো প্ৰতিবাদ নকৰিলে৷ তেনেদৰেই কথাবোৰ চলি আছিল৷ এদিন হঠাতে পত্নীয়ে প্ৰেমিক যুৱকজনৰ সৈতে ঘৰ এৰি পলায়ন কৰিলে৷ তেতিয়াহে যেন সম্বিত ঘূৰি আহিল স্বামীৰ৷ তেওঁ প্ৰেমিক যুৱকৰ সৈতে পলায়ন কৰা পত্নীক বিচাৰি চৌদিশে চলাথ কৰিলে৷ 

এটা সময়ত তেওঁ যুৱকজনৰ সৈতে পত্নীক বিচাৰিও পালে৷ পত্নীক বিচাৰি পোৱাৰ পিছত স্বামীয়ে তেওঁক ঘৰলৈ ঘূৰাই অনাৰ সলনি  প্ৰেমিকৰ হাতত পত্নীক আনুষ্ঠানিকভাবে  গতাইহে  দিলে। তেওঁ ৰাইজে অনুষ্ঠিত কৰা  সভাত থিয় হৈ আৰু তেওঁৰ পত্নীক তেওঁৰ প্ৰেমিকৰ সৈতে বিয়া কৰাই দিয়ে। বংগৰ বালুৰঘাটৰ মাঝিগ্ৰাম অঞ্চলত ঘটিছে এই ঘটনা৷  শ্ৰীমন্ত বৰ্মন দক্ষিণ দিনাজপুৰ জিলাৰ বালুৰঘাটৰ চকদুৰ্গাৰ বাসিন্দা। তেওঁ ববিতাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। সকলো ঠিকেই চলি আছিল। কিন্তু শ্ৰীমন্তই তেওঁৰ পত্নীৰ আচৰণত হঠাতে পৰিৱৰ্তন লক্ষ্য কৰিছিল। তেওঁৰ কথা-বতৰাতো বিসঙ্গতি আছিল। ববিতাই ফোনত বহু সময় ধৰি কাৰোবাৰ সৈতে কথা পাতিছিল। 



পিছত শ্ৰীমন্তই জানিব পাৰিছিল যে তেওঁৰ পত্নী ববিতাই  মাঝিগ্ৰামৰ বাসিন্দা পৰীক্ষিত দেৱনাথৰ প্ৰেমত পৰিছে। এদিন ববিতাই যুৱকজনৰ  সৈতে পলাই গ’ল৷  স্থানীয় পঞ্চায়তৰ মুৰব্বী নুতন বৰ্মনেকয়  যে ববিতাই তেওঁৰ প্ৰেমিকৰ সৈতে সংসাৰ কৰিব বিচাৰিছিল। তেওঁৰ আকাংক্ষা পূৰণ কৰিবলৈ  স্বামী শ্ৰীমন্তই স্পষ্ট কৰি দিছিল যে তেওঁ আৰু ববিতাৰ সৈতে থাকিব নিবিচাৰে। গতিকে প্ৰেমিক দম্পতীৰ বিয়াত তেওঁৰ কোনো আপত্তি নাই। তেওঁ লিখিতভাৱে তেওঁৰ পত্নীৰ বিয়াত সন্মত হয়। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু