--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটনক্ষেত্ৰখনক টনকিয়াল কৰাৰ লগতে  জলজ জীৱনৰ সমৃদ্ধ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে অৰুণাচল প্ৰদেশ চৰকাৰ আগবাঢ়িছে  এটা মৎস্য সংগ্ৰহালয় স্থাপন কৰাৰ দিশে৷ 

অৰুণাচল প্ৰদেশ চৰকাৰৰ মীন মন্ত্ৰী টেজ টাকিৰে অলপতে মীন সংগ্ৰহালয়ৰ পৰিকল্পনাৰ বিষয়ে ঘোষণা কৰে। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত অৰুণাচলতেই প্ৰথমবাৰৰ বাবে এনে প্ৰকল্প মুকলি হ’ব৷ দেওবাৰে এই পৰিকল্পনা ৰাজহুৱা কৰিছিল ৰাজ্যখনৰ মীন মন্ত্ৰী টেজ টাকিৰে৷

সংগ্ৰহালয়টো অৰুণাচল প্ৰদেশ ৰাজ্যৰ ইণ্টিগ্ৰেটেড একুৱা পাৰ্কৰ এটা অংশ হ'ব। প্ৰকল্পটো কেন্দ্ৰীয় মীন মন্ত্ৰালয়ৰ অধীনত আৰম্ভ কৰা হ'ব আৰু ইয়াক ইতিমধ্যে অনুমোদন জনোৱা হৈছে। এই প্ৰকল্পটোৰ বাবে মুঠ ৪৩.৫৯ কোটি টকা মঞ্জুৰ কৰা হৈছে। চলিত বিত্তীয় বৰ্ষত আৱণ্টন কৰা ছেটআপৰ বাবে এইয়া প্ৰথম পুঁজি।

অৰুণাচলৰ বুলা গাঁৱত ইতিমধ্যে এটা মীন প্ৰকল্প আছে। এই প্ৰকল্পটোৰ নাম হৈছে টেৰিন ফিছ ফাৰ্ম। এই ফাৰ্মখন অৰুণাচল প্ৰদেশৰ নিম্ন সুবনশিৰি জিলাত অৱস্থিত। শেহতীয়া পৰিকল্পনা অনুসৰি এই প্ৰকল্পটো এটা ইণ্টিগ্ৰেটেড একুৱা পাৰ্কলৈ উন্নীত কৰা হ'ব আৰু ই আহিবলগীয়া মাছ সংগ্ৰহালয়ৰ ক্ষেত্ৰ ৰূপে পৰিচিত হ’ব৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু