--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছেই দিল্লীত চৰকাৰ গঠন কৰিব। এই দাবী কৰিছে দলটোৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই। মঙলবাৰে হায়দৰাবাদত 'ভাৰত জোৰো যাত্ৰাত অংশ লৈ সভাপতিগৰাকীয়ে কয় যে বিজেপিৰ বাহিৰে যদি কেন্দ্ৰত চৰকাৰ গঠন কৰা হয়, তেন্তে ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছ দলেই চৰকাৰ গঠন কৰিব।

 

শেহতীয়াকৈ হৈ যোৱা দলীয় সভাপতি নিৰ্বাচনত বিজয়সাব্যষ্ট কৰাৰ পাছতে মঙলবাৰে খৰ্গেই হায়দৰাবাদত ৰাহুল গান্ধীৰ যাত্ৰাত অংশ লয়। যাত্ৰাত অংশ লৈ তেওঁ কয় যে তেলেংগানাৰ শাসনাধীষ্ঠ দল কেচিআৰৰ টিআৰএছে বিজেপিৰ সতে মিত্ৰতাপাশত আৱদ্ধ হবলৈ উলাইছে।

 

''যেতিয়াই আমি সংসদত কিবা বিল বিৰোধিতা কৰো, টিআৰএছে বিজেপিক সমৰ্থন কৰে। কিন্তু তেওঁলোকে এতিয়াও বিজেপিৰ বিৰোধিতা কৰি অহা বুলি কৈ আহিছে।’’- খৰ্গেই কয়- ''যদি কোনোবাই বিজেপিৰ বাদে আন চৰকাৰ আনিব বিচাৰে, তেন্তে ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছেই আনিব পাৰিব।

 

উল্লেখ্য যে শেহতীয়াকৈ তেলেংগানাত কেচিআৰ আৰু ৰাহুল গান্ধীৰ তীব্ৰ বাক-বিতণ্ডা পৰিলক্ষিত হৈছে। ৰাহুল গান্ধীয়ে কেচিআৰ আৰু মোদীৰ বন্ধুত্বমূলক সম্পৰ্ক আছে বুলি কোৱাৰ পাছতে ৰাজনৈতিক বিতৰ্কৰ সূত্ৰপাত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক