--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছেই দিল্লীত চৰকাৰ গঠন কৰিব। এই দাবী কৰিছে দলটোৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই। মঙলবাৰে হায়দৰাবাদত 'ভাৰত জোৰো যাত্ৰা’ত অংশ লৈ সভাপতিগৰাকীয়ে কয় যে বিজেপিৰ বাহিৰে যদি কেন্দ্ৰত চৰকাৰ গঠন কৰা হয়, তেন্তে ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছ দলেই চৰকাৰ গঠন কৰিব।

 

শেহতীয়াকৈ হৈ যোৱা দলীয় সভাপতি নিৰ্বাচনত বিজয়সাব্যষ্ট কৰাৰ পাছতে মঙলবাৰে খৰ্গেই হায়দৰাবাদত ৰাহুল গান্ধীৰ যাত্ৰাত অংশ লয়। যাত্ৰাত অংশ লৈ তেওঁ কয় যে তেলেংগানাৰ শাসনাধীষ্ঠ দল কেচিআৰৰ টিআৰএছে বিজেপিৰ স’তে মিত্ৰতাপাশত আৱদ্ধ হ’বলৈ উলাইছে।

 

''যেতিয়াই আমি সংসদত কিবা বিল বিৰোধিতা কৰো, টিআৰএছে বিজেপিক সমৰ্থন কৰে। কিন্তু তেওঁলোকে এতিয়াও বিজেপিৰ বিৰোধিতা কৰি অহা বুলি কৈ আহিছে।’’- খৰ্গেই কয়- ''যদি কোনোবাই বিজেপিৰ বাদে আন চৰকাৰ আনিব বিচাৰে, তেন্তে ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছেই আনিব পাৰিব।

 

উল্লেখ্য যে শেহতীয়াকৈ তেলেংগানাত কেচিআৰ আৰু ৰাহুল গান্ধীৰ তীব্ৰ বাক-বিতণ্ডা পৰিলক্ষিত হৈছে। ৰাহুল গান্ধীয়ে কেচিআৰ আৰু মোদীৰ বন্ধুত্বমূলক সম্পৰ্ক আছে বুলি কোৱাৰ পাছতে ৰাজনৈতিক বিতৰ্কৰ সূত্ৰপাত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু