--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঔৰংজেব আৰু টিপু চুলতানৰ ওপৰত বিতৰ্কিত ছ’চিয়েল মিডিয়া পোষ্টক লৈ আজি একাংশ হিন্দু সংগঠনে মহাৰাষ্ট্ৰৰ কলহাপুৰত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে।বন্ধৰ আহ্বান জনাই সংগঠনসমূহে অভিযোগ কৰে যে এই পষ্টসমূহ ইছলামিক শাসক দুজনক মহিমামণ্ডিত কৰাৰ উদ্দেশ্যেৰে কৰা হৈছে।

কলহাপুৰৰ ছাত্রপতি শিৱাজী মহাৰাজ চ’কত থকা একাংশ দোকান আৰু বাহন লুটপাত কৰি সেইসকল লোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবীত প্রতিবাদ হিংসাত্মক ৰূপ ধাৰণ কৰে৷প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ আৰক্ষীয়ে লাঠিচাৰ্জৰ আশ্ৰয় ল’বলগীয়া হৈছিল বুলি বিষয়াসকলে জানিবলৈ দিয়ে। চহৰখনৰ আন প্ৰান্তৰ পৰাও দুটা গোটৰ মাজত সংঘৰ্ষ হোৱাৰ খবৰ পোৱা গৈছে।

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেই কয় যে তেওঁ আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ সৈতে যোগাযোগত আছে। লগতে জনসাধাৰণক শান্তি বজাই ৰাখিবলৈ আহ্বান জনায়।গৃহ বিভাগৰ দায়িত্বও থকা উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছেও পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে।তদুপৰি কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনাৰ পৰা হাত সাৰিবলৈ চহৰখনত নিৰাপত্তা বৃদ্ধি কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস