--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাবৰ আজমে বিশ্ব ক্ৰিকেটত এক নতুন নজিৰ গঢ়ি তুলিলে। সেই দেশৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে পাকিস্তান ছুপাৰ লীগৰ খেলখনত বিশ্ব অভিলেখ গঢ়িছিল। বুধবাৰে পেছাৱৰ জালমি আৰু কৰাচী কিংছৰ খেলখনত বাবৰে ৫১টা বলত ৭২ ৰানৰ ইনিংছ খেলিছিল। এই ইনিংছৰ বাবেই তেওঁ এক নজিৰ গঢ়ি তুলিছে।

পেছাৱৰৰ বাবে অ’পেন কৰিবলৈ নামি আহিল কেপ্তেইন বাবৰে। তেওঁৰ দলটোৱে ৪০ ৰানত ৩টা উইকেট হেৰুৱালেও বাবৰে নিজৰ গ’লত অটল আছিল। পূৰ্বৰ দলৰ বিৰুদ্ধে ৭২ ৰানৰ ইনিংছত ৭ চাৰি আৰু ১ ছয় আঘাত কৰে। আজিৰ দিনটোতে তেওঁ টি-২০ ক্ৰিকেটত ১০ হাজাৰ ৰানৰ মাইলৰ খুঁটি স্পৰ্শ কৰে। 

বিশ্বৰ ত্ৰয়োদশ ক্ৰিকেটাৰ হিচাপে তেওঁ এই কৃতিত্ব অৰ্জন কৰিছিল। ২৭১ নং ইনিংছত ১০ হাজাৰ ৰান সম্পূৰ্ণ কৰি তেওঁ এক নতুন বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়। ক্ৰীছ গেইলৰ অভিলেখ ভংগ কৰিলে। ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন বেটছমেনগৰাকীয়ে টি-২০ ক্ৰিকেটত ১০ হাজাৰ ৰান সম্পূৰ্ণ কৰিবলৈ ২৮৫ ইনিংছ লৈছিল। এতিয়ালৈকে তেওঁ ক্ৰিকেটত ২০ অভাৰত ১০০০ ৰান সংগ্ৰহ কৰা বিশ্বৰ সৰ্বাধিক দ্ৰুত বেটছমেন আছিল। সেই অভিলেখ বাবৰে অতিক্ৰমিলে। 

এই তালিকাৰ তৃতীয় স্থানলৈ অৱনমিত হৈছে বিৰাট কোহলি। টি-২০ ক্ৰিকেটৰ ২৯৯ ইনিংছত ১০ হাজাৰ ৰান সম্পূৰ্ণ কৰে। তেওঁৰ পিছত দুজন অষ্ট্ৰেলিয়ান। ডেভিড ৱাৰ্নাৰ (৩০৩ ইনিংছ) আৰু এৰন ফিঞ্চ (৩২৭) ইনিংছ।

বাবৰে ২০১৭ চনৰ পৰা ২০২২ চনলৈ পাকিস্তান ছুপাৰ লীগত কৰাচীৰ হৈ খেলিছিল। ২০২১ আৰু ২০২২ চনত তেওঁ অধিনায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। সেই অৰ্থত পাকিস্তানৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে নিজৰ পূৰ্বৰ ফ্ৰেঞ্চাইজিৰ বিপৰীতে বিশ্ব অভিলেখ গঢ়িছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু