--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাবৰ আজমে বিশ্ব ক্ৰিকেটত এক নতুন নজিৰ গঢ়ি তুলিলে। সেই দেশৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে পাকিস্তান ছুপাৰ লীগৰ খেলখনত বিশ্ব অভিলেখ গঢ়িছিল। বুধবাৰে পেছাৱৰ জালমি আৰু কৰাচী কিংছৰ খেলখনত বাবৰে ৫১টা বলত ৭২ ৰানৰ ইনিংছ খেলিছিল। এই ইনিংছৰ বাবেই তেওঁ এক নজিৰ গঢ়ি তুলিছে।

পেছাৱৰৰ বাবে অ’পেন কৰিবলৈ নামি আহিল কেপ্তেইন বাবৰে। তেওঁৰ দলটোৱে ৪০ ৰানত ৩টা উইকেট হেৰুৱালেও বাবৰে নিজৰ গ’লত অটল আছিল। পূৰ্বৰ দলৰ বিৰুদ্ধে ৭২ ৰানৰ ইনিংছত ৭ চাৰি আৰু ১ ছয় আঘাত কৰে। আজিৰ দিনটোতে তেওঁ টি-২০ ক্ৰিকেটত ১০ হাজাৰ ৰানৰ মাইলৰ খুঁটি স্পৰ্শ কৰে। 

বিশ্বৰ ত্ৰয়োদশ ক্ৰিকেটাৰ হিচাপে তেওঁ এই কৃতিত্ব অৰ্জন কৰিছিল। ২৭১ নং ইনিংছত ১০ হাজাৰ ৰান সম্পূৰ্ণ কৰি তেওঁ এক নতুন বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হয়। ক্ৰীছ গেইলৰ অভিলেখ ভংগ কৰিলে। ৱেষ্ট ইণ্ডিজৰ প্ৰাক্তন বেটছমেনগৰাকীয়ে টি-২০ ক্ৰিকেটত ১০ হাজাৰ ৰান সম্পূৰ্ণ কৰিবলৈ ২৮৫ ইনিংছ লৈছিল। এতিয়ালৈকে তেওঁ ক্ৰিকেটত ২০ অভাৰত ১০০০ ৰান সংগ্ৰহ কৰা বিশ্বৰ সৰ্বাধিক দ্ৰুত বেটছমেন আছিল। সেই অভিলেখ বাবৰে অতিক্ৰমিলে। 

এই তালিকাৰ তৃতীয় স্থানলৈ অৱনমিত হৈছে বিৰাট কোহলি। টি-২০ ক্ৰিকেটৰ ২৯৯ ইনিংছত ১০ হাজাৰ ৰান সম্পূৰ্ণ কৰে। তেওঁৰ পিছত দুজন অষ্ট্ৰেলিয়ান। ডেভিড ৱাৰ্নাৰ (৩০৩ ইনিংছ) আৰু এৰন ফিঞ্চ (৩২৭) ইনিংছ।

বাবৰে ২০১৭ চনৰ পৰা ২০২২ চনলৈ পাকিস্তান ছুপাৰ লীগত কৰাচীৰ হৈ খেলিছিল। ২০২১ আৰু ২০২২ চনত তেওঁ অধিনায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। সেই অৰ্থত পাকিস্তানৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে নিজৰ পূৰ্বৰ ফ্ৰেঞ্চাইজিৰ বিপৰীতে বিশ্ব অভিলেখ গঢ়িছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ