--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিলেখ পৰিমাণৰ জৰিমনা বিহা হৈছে ফেচবুকৰ স্বত্বাধিকাৰী সংস্থা মেটাক। ইউৰোপীয় ইউনিয়নৰ ব্যৱহাৰকাৰীসকলৰ তথ্য আমেৰিকাক গতাই দিয়াৰ বাবে এই জৰিমনা বিহা হৈছে। জৰিমনাৰ পৰিমাণ অভিলেখসংখ্যক ১.২ বিলিয়ন ইউৰো (১.৩ বিলিয়ন ডলাৰ)।

সোমবাৰে ইউৰোপীয় ইউনিয়নৰ হৈ কাম কৰা আয়াৰলেণ্ডভিত্তিক ডাটা প্ৰটেকচন কমিছনে জনোৱা মতে ইউৰোপীয় ডাটা প্ৰটেকচন ব’ৰ্ডে প্ৰশাসনিক জৰিমনা সংগ্ৰহৰ নিৰ্দেশ দিছে। জৰিমনাৰ সন্দৰ্ভত মেটাই কয় যে এই ৰায়টো ত্ৰুটিপূৰ্ণ আৰু অন্যায়ভাৱে দিয়া হৈছে। ই আন অগণন কোম্পানীসমূহৰ বাবেও এক ভয়ংকৰ দৃষ্টান্ত গঢ়ি তুলিলে।

মেটাৰ গ্ল’বেল এফেয়াৰ্ছৰ প্ৰেছিডেন্ট নিক ক্লেগ আৰু মুখ্য আইনী বিষয়া জেনিফাৰ নিউষ্টেডে এটা ব্লগ পোষ্টত কয় যে তেওঁলোকে জৰিমনা বিহাৰ বিৰুদ্ধে আবেদন কৰিব।

সাধাৰণ তথ্য সুৰক্ষা নিয়মৰ অধীনত এইটোৱেই আটাইতকৈ বৃহৎ জৰিমনা। ২০২১ চনত লাক্সেমবাৰ্গত আমাজনক ৭৪৬ মিলিয়ন ইউৰো (৮০৭ মিলিয়ন ডলাৰ) জৰিমনা বিহা হৈছিল।

ইয়াৰ পূৰ্বে ডাটা প্ৰটেকচন কমিছনে জানুৱাৰী মাহত ফেচবুকক ৩৯ কোটি ডলাৰ জৰিমনা বিহিছিল। ফেচবুকে ইয়াৰ ব্যৱহাৰকাৰীসকলক বিজ্ঞাপন প্ৰকাশৰ অনুমতি দিবলৈ বাধ্য কৰাইছিল, যিটোৱে ইউৰোপীয় ইউনিয়নৰ গোপনীয়তা আইন উলংঘা কৰিছিল। সাধাৰণতে ফেচবুকে ব্যৱহাৰকাৰীৰ অনলাইন কাৰ্যকলাপ নিৰীক্ষণ কৰি প্ৰাসংগিক বিজ্ঞাপন প্ৰদৰ্শন কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী