--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিলেখ পৰিমাণৰ জৰিমনা বিহা হৈছে ফেচবুকৰ স্বত্বাধিকাৰী সংস্থা মেটাক। ইউৰোপীয় ইউনিয়নৰ ব্যৱহাৰকাৰীসকলৰ তথ্য আমেৰিকাক গতাই দিয়াৰ বাবে এই জৰিমনা বিহা হৈছে। জৰিমনাৰ পৰিমাণ অভিলেখসংখ্যক ১.২ বিলিয়ন ইউৰো (১.৩ বিলিয়ন ডলাৰ)।

সোমবাৰে ইউৰোপীয় ইউনিয়নৰ হৈ কাম কৰা আয়াৰলেণ্ডভিত্তিক ডাটা প্ৰটেকচন কমিছনে জনোৱা মতে ইউৰোপীয় ডাটা প্ৰটেকচন ব’ৰ্ডে প্ৰশাসনিক জৰিমনা সংগ্ৰহৰ নিৰ্দেশ দিছে। জৰিমনাৰ সন্দৰ্ভত মেটাই কয় যে এই ৰায়টো ত্ৰুটিপূৰ্ণ আৰু অন্যায়ভাৱে দিয়া হৈছে। ই আন অগণন কোম্পানীসমূহৰ বাবেও এক ভয়ংকৰ দৃষ্টান্ত গঢ়ি তুলিলে।

মেটাৰ গ্ল’বেল এফেয়াৰ্ছৰ প্ৰেছিডেন্ট নিক ক্লেগ আৰু মুখ্য আইনী বিষয়া জেনিফাৰ নিউষ্টেডে এটা ব্লগ পোষ্টত কয় যে তেওঁলোকে জৰিমনা বিহাৰ বিৰুদ্ধে আবেদন কৰিব।

সাধাৰণ তথ্য সুৰক্ষা নিয়মৰ অধীনত এইটোৱেই আটাইতকৈ বৃহৎ জৰিমনা। ২০২১ চনত লাক্সেমবাৰ্গত আমাজনক ৭৪৬ মিলিয়ন ইউৰো (৮০৭ মিলিয়ন ডলাৰ) জৰিমনা বিহা হৈছিল।

ইয়াৰ পূৰ্বে ডাটা প্ৰটেকচন কমিছনে জানুৱাৰী মাহত ফেচবুকক ৩৯ কোটি ডলাৰ জৰিমনা বিহিছিল। ফেচবুকে ইয়াৰ ব্যৱহাৰকাৰীসকলক বিজ্ঞাপন প্ৰকাশৰ অনুমতি দিবলৈ বাধ্য কৰাইছিল, যিটোৱে ইউৰোপীয় ইউনিয়নৰ গোপনীয়তা আইন উলংঘা কৰিছিল। সাধাৰণতে ফেচবুকে ব্যৱহাৰকাৰীৰ অনলাইন কাৰ্যকলাপ নিৰীক্ষণ কৰি প্ৰাসংগিক বিজ্ঞাপন প্ৰদৰ্শন কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস