--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী সাংসদৰ অডিঅ’ ক্লিপ ফাদিল হৈছে। সাংসদগৰাকীৰ নাম মেক্সিন মূৰ বুলি জানিব পৰা গৈছে।

ফাদিল হোৱা এই ফোন কলটোত ইমৰাণ খান আৰু তেওঁৰ দল পিটিআইৰ বিৰুদ্ধে পাকিস্তান চৰকাৰে চলাই থকা দমন সন্দৰ্ভত আমেৰিকাৰ সাংসদগৰাকীৰ পৰা সহায় বিচাৰিছিল। পাকিস্তান চৰকাৰৰ বিৰুদ্ধে বিবৃতি দিবলৈও তেওঁ সাংসদগৰাকীক অনুৰোধ জনাইছিল।

সেই অডিঅ’ ক্লিপটোত ইমৰাণ খানে আমেৰিকাৰ সাংসদজনক কৈছে যে পাকিস্তান বৰ্তমান ইতিহাসৰ আটাইতকৈ বিপদজনক পৰিস্থিতিত আছে। সমগ্ৰ দেশতে চৰকাৰী নিৰ্যাতন আৰু দমনত অতিষ্ঠ হৈ পৰিছে জনতা।

ইমৰাণ খানে কয়, মই গুপ্তহত্যাৰ বলি হ’বলৈ উলাইছো। মোৰ ওপৰত তিনিটা গুলী নিক্ষেপ কৰা হ’ল। প্ৰাক্তন সেনা প্ৰধান জেনেৰেল কামাৰ জাভেদ বাজৱাই আমাৰ চৰকাৰক উৎখাত কৰিছে। কাৰণ এই দেশত সেনাবাহিনী অতি শক্তিশালী।

কামাৰ জাভেদৰ বিৰুদ্ধে আৰু অধিক অভিযোগ উত্থাপন কৰি ইমৰাণ খানে কয় যে তেওঁ (কামাৰ জাভেদ বাজৱাই) বৰ্তমান ক্ষমতাত থকাসকলৰ সৈতে ষড়যন্ত্ৰ কৰিছে।

মেক্সিনক ফোনত পাকিস্তান চৰকাৰৰ বিৰুদ্ধে বক্তব্য দিবলৈ অনুৰোধ কৰি ইমৰানে কয় যে দেশৰ এই কঠিন সময়ত আপোনাৰ দৰে কোনোবা এজনৰ বক্তব্য অতি গুৰুত্বপূৰ্ণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস