--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাঠান ছবিৰ বেচৰাম ৰং গীতটিত অভিনেত্ৰী  দীপিকা পাডুকনে  গেৰুৱা ৰঙৰ বিকিনি পিন্ধাৰ বাবেই হিন্দুত্ববাদী একাংশ লোক জাঙুৰ খাই উঠিছে৷ কেৱল হিন্দুত্ববাদী সংগঠনেই নহয়, ইছলামিক সংগঠনেও ছবি খনৰ বিৰোধিতা কৰিছে৷ হিন্দুত্ববাদীসকলৰ অভিযোগ অনুসৰি ছবি খনৰ গীতটোত পিন্ধা গেৰুৱা বিকিনিয়ে হিন্দুসকলৰ ধৰ্মীয় অনুভূতিত আঘাত হানিছে৷ 

ইয়াৰ মাজতে চৰ্চালৈ আহিছে বলীউডৰ আন এগৰাকী অভিনেতা অক্ষয় কুমাৰৰো নাম৷ অক্ষয় কুমাৰে ছবিত গেৰুৱা ৰঙক অৱমাননা কৰা বুলি বহু  নেটিজেনে  সমালোচনা কৰিছে৷ ব্যাপক হাৰত ট্ৰ’ল হৈছে অভিনেতা অক্ষয় কুমাৰ৷


এতিয়া, নেটিজেনসকলে দীপিকা আৰু অক্ষয় কুমাৰৰ গানৰ অভিনেত্ৰীসকলৰ  পোছাকৰ তুলনা কৰিবলৈ আৰম্ভ কৰিছে।বহু  নেট ব্যৱহাৰকাৰীয়ে অক্ষয় কুমাৰৰ ভুল ভুলিয়া গানটোৰ এটা দৃশ্য ব্যাপক হাৰত ছ’চিয়েল মিডিয়াত ভাইৰেল কৰিছে৷  

আনহাতে আন কেইবাজনো লোকে গলে লাগ জা গানটোৰ এটা ষ্টিল পোষ্ট কৰিছে৷  য'ত কেটৰিনা কাইফে গেৰুৱা শাৰী পিন্ধি আছে। 


গানটোত অক্ষয় আৰু কেটৰিনাক ৰোমান্তিক মুহূৰ্তত থকা  দেখা গৈছে৷ইফালে, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা মুখতাৰ আব্বাছ নকভিয়ে  শ্বাহৰুখ খান অভিনীত 'পাঠান'ৰ নিৰ্মাতাসকলক কটাক্ষ কৰি কয় যে তেওঁলোকে ছবিত অধিক 'মচলা' মচলা যোগ দিছে, তেওঁলোকে হয়তো 'গুটকা মচলা'হে যোগ দিলে৷ এনে মচলা স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। তেওঁ লগতে কয়   চলচ্চিত্ৰত সকলো গ্লেমাৰ যোগ দিয়ক,  কিন্তু গুটকা মচলা যোগ নকৰিব, কিয়নো ই সমাজৰ বাবে ক্ষতিকাৰক হ'ব পাৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু