--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাঠান ছবিৰ বেচৰাম ৰং গীতটিত অভিনেত্ৰী  দীপিকা পাডুকনে  গেৰুৱা ৰঙৰ বিকিনি পিন্ধাৰ বাবেই হিন্দুত্ববাদী একাংশ লোক জাঙুৰ খাই উঠিছে৷ কেৱল হিন্দুত্ববাদী সংগঠনেই নহয়, ইছলামিক সংগঠনেও ছবি খনৰ বিৰোধিতা কৰিছে৷ হিন্দুত্ববাদীসকলৰ অভিযোগ অনুসৰি ছবি খনৰ গীতটোত পিন্ধা গেৰুৱা বিকিনিয়ে হিন্দুসকলৰ ধৰ্মীয় অনুভূতিত আঘাত হানিছে৷ 

ইয়াৰ মাজতে চৰ্চালৈ আহিছে বলীউডৰ আন এগৰাকী অভিনেতা অক্ষয় কুমাৰৰো নাম৷ অক্ষয় কুমাৰে ছবিত গেৰুৱা ৰঙক অৱমাননা কৰা বুলি বহু  নেটিজেনে  সমালোচনা কৰিছে৷ ব্যাপক হাৰত ট্ৰ’ল হৈছে অভিনেতা অক্ষয় কুমাৰ৷


এতিয়া, নেটিজেনসকলে দীপিকা আৰু অক্ষয় কুমাৰৰ গানৰ অভিনেত্ৰীসকলৰ  পোছাকৰ তুলনা কৰিবলৈ আৰম্ভ কৰিছে।বহু  নেট ব্যৱহাৰকাৰীয়ে অক্ষয় কুমাৰৰ ভুল ভুলিয়া গানটোৰ এটা দৃশ্য ব্যাপক হাৰত ছ’চিয়েল মিডিয়াত ভাইৰেল কৰিছে৷  

আনহাতে আন কেইবাজনো লোকে গলে লাগ জা গানটোৰ এটা ষ্টিল পোষ্ট কৰিছে৷  য'ত কেটৰিনা কাইফে গেৰুৱা শাৰী পিন্ধি আছে। 


গানটোত অক্ষয় আৰু কেটৰিনাক ৰোমান্তিক মুহূৰ্তত থকা  দেখা গৈছে৷ইফালে, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেতা মুখতাৰ আব্বাছ নকভিয়ে  শ্বাহৰুখ খান অভিনীত 'পাঠান'ৰ নিৰ্মাতাসকলক কটাক্ষ কৰি কয় যে তেওঁলোকে ছবিত অধিক 'মচলা' মচলা যোগ দিছে, তেওঁলোকে হয়তো 'গুটকা মচলা'হে যোগ দিলে৷ এনে মচলা স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। তেওঁ লগতে কয়   চলচ্চিত্ৰত সকলো গ্লেমাৰ যোগ দিয়ক,  কিন্তু গুটকা মচলা যোগ নকৰিব, কিয়নো ই সমাজৰ বাবে ক্ষতিকাৰক হ'ব পাৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক