--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউডৰ প্ৰতিষ্ঠিত চিনেমা নিৰ্মাতা প্ৰতিষ্ঠান যশৰাজ ফিল্মছে অহা ২ৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ উদ্‌যাপন কৰিবলৈ গৈ আছে ‘নষ্টালজিয়া চিনেমা মহোৎসৱ’৷ এই উপলক্ষে বাদশ্বাহ শ্বাহৰুখ খানৰ চাৰিখন ব্লকবাষ্টাৰ চিনেমা পুনৰ পৰ্দাত মুক্তি পাব। যশৰাজ ফিল্মছে ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰি তেওঁলোকৰ অনুৰাগীসকলক দিছে এই তথ্য৷ এই বাতৰিটোৰ পাছত শ্বাহৰুখ খানৰ অনুৰাগীসকলৰ মাজত উঠিছে আনন্দৰ লহৰ আৰু আৰম্ভ কৰিছে টিকটৰ অনলাইন বুকিং৷

যশৰাজ ফিল্মছে তেওঁলোকৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত চিনেমাসমূহৰ পোষ্টাৰ শ্বেয়াৰ কৰি লিখিছিল, আপোনালোকৰ প্ৰিয় চিনেমাবোৰ ডাঙৰ পৰ্দালৈ ঘূৰি আহিছে। ২ৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ নষ্টালজিয়া চিনেমা মহোৎসৱ পিভিআৰ আৰু আইনক্সলৈ সম্প্ৰসাৰিত কৰা হৈছে৷ 

কি কি চিনেমাৰ হ’ব পুনৰ প্ৰদৰ্শন?

দিল তো পাগল হে:
১৯৯৭ত মুক্তিপ্ৰাপ্ত এই চিনেমাখন ৰূপালী পৰ্দাত ছুপাৰহিট হিচাপে পৰিগণিত হৈছিল। শ্বাহৰুখ খান, মাধুৰী দীক্ষিত, কৰিশ্মা কাপুৰ আৰু অক্ষয় কুমাৰক ছবিখনত দেখা গৈছিল। এতিয়া আকৌ এবাৰ আপুনি এই ছবিখন পৰ্দাত চাব পাৰিব এই চিনেমা মহোৎসৱৰ সময়ত৷ 


মোহব্বতে:
২০০০ চনত মুক্তিপ্ৰাপ্ত মোহব্বতে চিনেমাখন নোচোৱা দৰ্শক খুব কমেই ওলাব। ‘দিলৱালে দুলহানিয়া লে জায়েংগে’ৰ পাছত এইখন আদিত্য চোপ্ৰাৰ দ্বিতীয় পৰিচালনা আছিল। শ্বাহৰুখ খানৰ উপৰিও ঐশ্বৰ্য ৰায় আৰু অমিতাভ বচ্চনে এই ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল।

বীৰ-জাৰা:
যশচোপ্ৰাৰ দ্বাৰা পৰিচালিত বীৰ-জাৰা চলচ্চিত্ৰখন ২০০৪ চনত মুক্তি দিয়া হৈছিল। ইয়াত শ্বাহৰুখ খান, প্ৰীতি জিণ্টা আৰু ৰাণী মুখাৰ্জীয়ে অভিনয় কৰিছিল।

আনহাতে, শ্বাহৰুখ খান আৰু অনুষ্কা শৰ্মাৰ ‘ৰব নে বানা দি জোড়ী’ আদিত্য চোপ্ৰাৰ দ্বাৰা লিখা আৰু পৰিচালিত এখন ৰোমাণ্টিক কমেডি চিনেমা আছিল। অনুষ্কাই এই চিনেমাখনৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল। এইখনো প্ৰদৰ্শিত হ’ব নষ্টালজিয়া চিনেমা মহোৎসৱত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক