--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বলীউডৰ প্ৰতিষ্ঠিত চিনেমা নিৰ্মাতা প্ৰতিষ্ঠান যশৰাজ ফিল্মছে অহা ২ৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ উদ্‌যাপন কৰিবলৈ গৈ আছে ‘নষ্টালজিয়া চিনেমা মহোৎসৱ’৷ এই উপলক্ষে বাদশ্বাহ শ্বাহৰুখ খানৰ চাৰিখন ব্লকবাষ্টাৰ চিনেমা পুনৰ পৰ্দাত মুক্তি পাব। যশৰাজ ফিল্মছে ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰি তেওঁলোকৰ অনুৰাগীসকলক দিছে এই তথ্য৷ এই বাতৰিটোৰ পাছত শ্বাহৰুখ খানৰ অনুৰাগীসকলৰ মাজত উঠিছে আনন্দৰ লহৰ আৰু আৰম্ভ কৰিছে টিকটৰ অনলাইন বুকিং৷

যশৰাজ ফিল্মছে তেওঁলোকৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত চিনেমাসমূহৰ পোষ্টাৰ শ্বেয়াৰ কৰি লিখিছিল, আপোনালোকৰ প্ৰিয় চিনেমাবোৰ ডাঙৰ পৰ্দালৈ ঘূৰি আহিছে। ২ৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ নষ্টালজিয়া চিনেমা মহোৎসৱ পিভিআৰ আৰু আইনক্সলৈ সম্প্ৰসাৰিত কৰা হৈছে৷ 

কি কি চিনেমাৰ হ’ব পুনৰ প্ৰদৰ্শন?

দিল তো পাগল হে:
১৯৯৭ত মুক্তিপ্ৰাপ্ত এই চিনেমাখন ৰূপালী পৰ্দাত ছুপাৰহিট হিচাপে পৰিগণিত হৈছিল। শ্বাহৰুখ খান, মাধুৰী দীক্ষিত, কৰিশ্মা কাপুৰ আৰু অক্ষয় কুমাৰক ছবিখনত দেখা গৈছিল। এতিয়া আকৌ এবাৰ আপুনি এই ছবিখন পৰ্দাত চাব পাৰিব এই চিনেমা মহোৎসৱৰ সময়ত৷ 


মোহব্বতে:
২০০০ চনত মুক্তিপ্ৰাপ্ত মোহব্বতে চিনেমাখন নোচোৱা দৰ্শক খুব কমেই ওলাব। ‘দিলৱালে দুলহানিয়া লে জায়েংগে’ৰ পাছত এইখন আদিত্য চোপ্ৰাৰ দ্বিতীয় পৰিচালনা আছিল। শ্বাহৰুখ খানৰ উপৰিও ঐশ্বৰ্য ৰায় আৰু অমিতাভ বচ্চনে এই ছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল।

বীৰ-জাৰা:
যশচোপ্ৰাৰ দ্বাৰা পৰিচালিত বীৰ-জাৰা চলচ্চিত্ৰখন ২০০৪ চনত মুক্তি দিয়া হৈছিল। ইয়াত শ্বাহৰুখ খান, প্ৰীতি জিণ্টা আৰু ৰাণী মুখাৰ্জীয়ে অভিনয় কৰিছিল।

আনহাতে, শ্বাহৰুখ খান আৰু অনুষ্কা শৰ্মাৰ ‘ৰব নে বানা দি জোড়ী’ আদিত্য চোপ্ৰাৰ দ্বাৰা লিখা আৰু পৰিচালিত এখন ৰোমাণ্টিক কমেডি চিনেমা আছিল। অনুষ্কাই এই চিনেমাখনৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল। এইখনো প্ৰদৰ্শিত হ’ব নষ্টালজিয়া চিনেমা মহোৎসৱত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু