--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃনিউজ এংকৰ শ্ৰীনিবাসন জৈনে এনডিটিভিত তি দশকৰো অধিক কাল  কাৰ্য নিৰ্বাহ কৰাৰ পিছত আজি পদত্যাগ কৰে। এংকৰগৰাকীয়ে তেওঁৰ  সামাজিক মাধ্যমত এই কথা  নিশ্চিত কৰিছে। এক টুইটযোগে তেওঁ কয়, "হাই অল। এনডিটিভিত এক আশ্চৰ্যজনক, প্ৰায় তিনি দশক ধৰি চলি থকা দৌৰৰ আজি সমাপ্তি ঘটিছে। পদত্যাগ কৰাৰ সিদ্ধান্ত সহজ নাছিল, কিন্তু ... সেয়াই হ’ল ।"

 শ্ৰীনিবাসন জৈনে এজন নিউজ এংকৰ হিচাপে তেওঁৰ সমগ্ৰ কেৰিয়াৰত বিতৰ্কৰ মাজত  আৱদ্ধ হৈ পৰিছিল। যোৱা বছৰৰ জুলাই মাহত  তেওঁ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা  তথ্য পৰীক্ষক মহম্মদ জুবেইৰৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত  জামিন লাভ কৰিবলৈ ৫০ হাজাৰ টকাৰ  বণ্ড লৈছিল। মহম্মদ জুবেইৰক তেওঁ এজন 'ঘনিষ্ঠ বন্ধু' বুলি উল্লেখ  কৰিছিল। ২০২১ চনৰ আগষ্ট মাহত তেওঁ ভাৰতৰ স্বদেশীভাৱে বিকশিত কোভিড-১৯ ভেকছিন কভাক্সিনৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰি বিতৰ্কৰ সৃষ্টি কৰিছিল। 

তেওঁ  দাবী কৰিছিল যে ৰাষ্ট্ৰীয় ভেকছিন উপদেষ্টা গোটৰ অধ্যক্ষ ড০ এন কে অৰোৰাই কৈছে  যে কভাক্সিনৰ প্ৰাৰম্ভিক পালিবোৰ 'সঠিক মানৰ নাছিল'। পিছত তেওঁ তেওঁৰ টুইটটো বিলোপ কৰিছিল।  লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদী ইছৰত জাহানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হত্যা কৰাৰ এক  ষড়যন্ত্ৰ বিষয়ে জৈনে কাছিল যে ইছৰত জাহানে সৰু-সুৰা বোমা ফুটাবলৈহে আহিছিল। 

গুজৰাট আৰক্ষীয়ে জাহানক ভাল ব্যৱহাৰ কৰিব লাগিছিল বুলিও জৈনে কৈছিল। সন্ত্ৰাসবাদীৰ পক্ষত কথা কৈ জৈন সমালোচনাৰ সন্মুখীন হৈছিল। উল্লেখ্য আদানী গ্ৰুপে এনডিটিভি ক্ৰয় কৰাৰ পিছত প্ৰণয় ৰয়, ৰাধিকা ৰয় ৰবিশ কুমাৰ আদিয়েও এনডিটিভিৰ পৰা পদত্যাগ কৰিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক