--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃনিউজ এংকৰ শ্ৰীনিবাসন জৈনে এনডিটিভিত তি দশকৰো অধিক কাল  কাৰ্য নিৰ্বাহ কৰাৰ পিছত আজি পদত্যাগ কৰে। এংকৰগৰাকীয়ে তেওঁৰ  সামাজিক মাধ্যমত এই কথা  নিশ্চিত কৰিছে। এক টুইটযোগে তেওঁ কয়, "হাই অল। এনডিটিভিত এক আশ্চৰ্যজনক, প্ৰায় তিনি দশক ধৰি চলি থকা দৌৰৰ আজি সমাপ্তি ঘটিছে। পদত্যাগ কৰাৰ সিদ্ধান্ত সহজ নাছিল, কিন্তু ... সেয়াই হ’ল ।"

 শ্ৰীনিবাসন জৈনে এজন নিউজ এংকৰ হিচাপে তেওঁৰ সমগ্ৰ কেৰিয়াৰত বিতৰ্কৰ মাজত  আৱদ্ধ হৈ পৰিছিল। যোৱা বছৰৰ জুলাই মাহত  তেওঁ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা  তথ্য পৰীক্ষক মহম্মদ জুবেইৰৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত  জামিন লাভ কৰিবলৈ ৫০ হাজাৰ টকাৰ  বণ্ড লৈছিল। মহম্মদ জুবেইৰক তেওঁ এজন 'ঘনিষ্ঠ বন্ধু' বুলি উল্লেখ  কৰিছিল। ২০২১ চনৰ আগষ্ট মাহত তেওঁ ভাৰতৰ স্বদেশীভাৱে বিকশিত কোভিড-১৯ ভেকছিন কভাক্সিনৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰি বিতৰ্কৰ সৃষ্টি কৰিছিল। 

তেওঁ  দাবী কৰিছিল যে ৰাষ্ট্ৰীয় ভেকছিন উপদেষ্টা গোটৰ অধ্যক্ষ ড০ এন কে অৰোৰাই কৈছে  যে কভাক্সিনৰ প্ৰাৰম্ভিক পালিবোৰ 'সঠিক মানৰ নাছিল'। পিছত তেওঁ তেওঁৰ টুইটটো বিলোপ কৰিছিল।  লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদী ইছৰত জাহানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হত্যা কৰাৰ এক  ষড়যন্ত্ৰ বিষয়ে জৈনে কাছিল যে ইছৰত জাহানে সৰু-সুৰা বোমা ফুটাবলৈহে আহিছিল। 

গুজৰাট আৰক্ষীয়ে জাহানক ভাল ব্যৱহাৰ কৰিব লাগিছিল বুলিও জৈনে কৈছিল। সন্ত্ৰাসবাদীৰ পক্ষত কথা কৈ জৈন সমালোচনাৰ সন্মুখীন হৈছিল। উল্লেখ্য আদানী গ্ৰুপে এনডিটিভি ক্ৰয় কৰাৰ পিছত প্ৰণয় ৰয়, ৰাধিকা ৰয় ৰবিশ কুমাৰ আদিয়েও এনডিটিভিৰ পৰা পদত্যাগ কৰিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু