--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ধৰ্ষণৰ গোচৰত নাম সাঙোৰ খাই পৰাৰ পিছতে বিপদৰ মুখলৈ গতি কৰা সম্ভাৱনাপূৰ্ণ স্পীন তাৰকা তথা নেপাল ক্ৰিকেট দলৰ অধিনায়ক সন্দীপ লামিচানেই অৱশেষত এই সমগ্ৰ বিতৰ্ক সন্দৰ্ভত মুখ খুলিছে। উত্থাপিত অভিযোগক ভিত্তিহীন বুলি অভিহিত কৰি নৱোদিত তাৰকাগৰাকীয়ে নিজকে নিৰ্দোষী বুলি দাবী কৰিছে। লগতে উত্থাপিত অভিযোগৰ সন্মুখীন হ'বলৈ সম্পূৰ্ণৰূপে সাজু বুলি লামিচানেই মন্তব্য কৰিছে। 

এক ইনষ্টাগ্ৰাম পোষ্ট যোগে লামিচানেই কয় যে তেওঁ নিৰ্দোষী আৰু নেপালৰ আইনৰ প্ৰতি বিশ্বাস আছে। বৰ্তমান জামাইকা টালাৱাহছৰ হৈ চলিত কেৰিবিয়ান প্ৰিমিয়াৰ লীগত খেলি থকা লামিচানেই শীঘ্ৰেই তদন্তৰ সন্মুখীন হোৱাৰ বাবে টুৰ্ণামেন্টখন আধাৰতে এৰি নিজৰ দেশলৈ ঘূৰি আহিব বুলি জানিবলৈ দিয়ে। লামিচানেই কয় যে তেওঁৰ বিৰুদ্ধে যি ভিত্তিহীন অভিযোগ উত্থাপন হৈছে, ইয়াৰ সন্মুখীন হ'বলৈ সম্পূৰ্ণৰূপে সাজু আছে। সঠিক তদন্ত কৰি তেওঁক নেপালৰ আইনে ন্যায় প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰে খেলুৱৈগৰাকীয়ে।

উল্লেখ্য যে কেইদিনমান পূৰ্বে এগৰাকী ১৭ বছৰীয়া কিশোৰীয়ে লামিচানেৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছিল। তাৰ পাছতেই বিতৰ্কৰ মাজত সোমাই পৰিছিল তাৰকাগৰাকী। অভিযোগ সন্মুখলৈ অনা  ১৭ বছৰীয়া কিশোৰী গৰাকীৰ ভাষ্যৰ আধাৰত তেওঁৰ অভিভাৱকে লামিচানেই  যোৱা মাহত কাঠমাণ্ডুৰ এখন হোটেলৰ কোঠাত কিশোৰীগৰাকীক ধৰ্ষণ কৰিছিল বুলি দাবী কৰিছে। এই বিস্ফোৰক অভিযোগ উত্থাপনৰ পিছতে নেপাল আৰক্ষীয়ে লামিচানেৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছিল। 

তাৰ পাছতেই তাৰকাগৰাকীৰ নেপালৰ এখন আদালতে গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰিছিল।  তাৰ পিছত নেপালৰ এখন আদালতে তেওঁৰ গ্ৰেপ্তাৰৰ বাবে এটা ৱাৰেণ্ট জাৰি কৰিছিল। অভিযোগৰ তদন্ত সুচাৰুৰূপে সম্পন্ন হোৱাৰ স্বাৰ্থত শুকুৰবাৰে নেপাল ক্ৰিকেট ব’ৰ্ডে লামিছানেক নিলম্বন কৰিছিল।

বৰ্তমান বিশ্বৰ সকলো প্ৰধান টি-২০ লীগত অংশগ্ৰহণৰ সুযোগ লাভ কৰা লামিচানে ২০১৮ বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ জৰিয়তে প্ৰথম চৰ্চালৈ আহিছিল। সেইবৰ্ষত দিল্লী কেপিটেলছ ফ্ৰেঞ্চাইজীয়ে লামিচানেক চুক্তিবদ্ধ কৰিছিল। তাৰ পাছতে লামিচানেই আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত এগৰাকী তাৰকা হিচাপে খ্যাতি লাভ কৰে। সম্প্ৰতি নেপাল ক্ৰিকেটৰ ‘পোষ্টাৰ বয়’ হৈ পৰা লামিচানেক যোৱা বছৰ নেপালৰ ৰাষ্ট্ৰীয় দলৰ অধিনায়ক হিচাপে মনোনীত কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ