--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
পাকিস্তান-আফগানিস্তানৰ উত্তেজনাপূৰ্ণ খেলখন চলি থকাৰ সময়ত  আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে শাস্তি প্ৰদান কৰিছে আচিফ আলী আৰু ফৰিদ আহমেদক ৷  পাকিস্তানৰ আচিফ আৰু আফগানিস্তানৰ ফৰিদক মেচ মাচুল সম্পৰ্কীয়  অনুশাসন উলংঘনৰ  বাবে এই শাস্তি প্ৰদান কৰা হৈছে৷ 

বুধবাৰে নিশা সংঘটিত ঘটনাৰ বাবে দুয়োজন ক্ৰিকেটাৰক তেওঁলোকৰ খেলৰ মাচুলৰ ২৫ শতাংশ জৰিমনা বিহা হৈছে বুলি  বৃহস্পতিবাৰে এক প্ৰেছ বিজ্ঞপ্তিত আই চি চিয়ে কয়। একে সময়তে, তেওঁলোকে এটা ডিমেৰিট পইণ্টো লাভ কৰিছে। 

শাৰজাহত খেলখনত  ফৰিদে পাকিস্তানৰ  বেটছমেন আচিফক আউট কৰিছিল। কিন্তু তেওঁ আচিফৰ  সন্মুখলৈ গৈ আক্ৰমণাত্মক ভঙ্গী প্ৰদৰ্শন কৰিছিল। বৰ্খাস্ত হোৱাৰ বাবে হতাশ  হতবাক হৈ পৰিছে আচিফ৷  তেওঁ ফৰিদক বেটেৰে আক্ৰমণ কৰিবলৈও  চেষ্টা কৰিছিল। আন খেলুৱৈ আৰু আম্পায়াৰসকলে তেওঁলোক দুয়োকে নিয়ন্ত্ৰণ কৰিছিল আৰু পৰিস্থিতি শান্ত কৰিছিল।

আচিফ আউট হোৱাৰ পিছত, মেচখন আফগানিস্তানৰ সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ আহিছিল৷ কিন্তু নাছিম শ্বাহে পাকিস্তানক এক উইকেটৰ অবিশ্বাস্য বিজয় প্ৰদান কৰে। লগতে দলটোক ফাইনেল পৰ্যায়লৈ যোৱাত সহায় কৰে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ