--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  মধ্যপ্ৰদেশৰ আৰক্ষীয়ে এজন অভিযুক্ত সাধুক গ্ৰেপ্তাৰ কৰিবলৈ ভক্তৰ বেশ ধাৰণা কৰিবলগীয়া হ’ল৷  মথুৰাত সাধাৰণ পোছাকত ভক্ত গৈ অৱশেষত আৰক্ষীয়ে শাদুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষমো হ’ল৷প্ৰকৃততে কি ঘটিছিল? ৰাম শৰণ নামৰ এজন সাধুৰ বিৰুদ্ধে মধ্য প্ৰদেশৰ মোৰেনাত ভূমি কেলেংকাৰীৰ অভিযোগ উত্থাপিত হৈছিল। 

তেওঁ গ্ৰেপ্তাৰৰ পৰা বাচিবলৈ উত্তৰ প্ৰদেশলৈ পলাই গৈছিল। কিন্তু শেষ মুহূৰ্তত তেওঁৰ ৰক্ষা নহ’ল। আৰক্ষীয়ে তেওঁক মথুৰাৰ ৰামজাঙ্কি মন্দিৰৰ আশ্ৰমৰ পৰা গ্ৰেপ্তাৰ কৰে। অভিযুক্ত সাধু জনে মুঠেও ধৰিব পৰা নাছিল যে  আৰক্ষীয়ে তেওঁক অনুৰাগীৰ বেশত আগুৰি ধৰিছে৷ 

এগৰাকী  তদন্তকাৰী আৰক্ষী বিষয়াই কয় যে অভিযুক্ত ৰাম শৰণৰ বিৰুদ্ধে ভুৱা ন্যাস গঠন কৰাৰ অভিযোগ উত্থাপিত হৈছিল। সেই ন্যাসৰ জৰিয়তে তেওঁ  ৬ একৰ মাটি নিজৰ কৰি লোৱাৰ চেষ্টা কৰিছিল৷  তদন্তৰ সময়ত আৰক্ষীয়ে তিনিজন লোকক গ্ৰেপ্তাৰ কৰিব পাৰিছিল যদিও মূল  অভিযুক্ত সাধু জন পলাতক হৈ আছিল। 

অৱশেষত, আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ এক বিশেষ পৰিকল্পনা প্ৰস্তুত কৰে। তেওঁলোকে ফুল আৰু মিঠাই লৈ আশ্ৰমত উপস্থিত হয় । কিছুসংখ্যক  আৰক্ষীকো বাহিৰত নিয়োজিত কৰা হৈছিল। ভক্ৰ বেশত যোৱা আৰক্ষীক চিনিব নোৱাৰি অভিযুক্ত সাধু জনে পলাবলৈ চেষ্টা কৰা নাছিল৷ শেষত আৰক্ষীয়ে মালা-মিঠাইৰ মাজত লুকুৱাই নিয়া পিষ্টল টোৱাই তেওঁক গ্ৰেপ্তাৰ কৰে৷  


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু