--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  মধ্যপ্ৰদেশৰ আৰক্ষীয়ে এজন অভিযুক্ত সাধুক গ্ৰেপ্তাৰ কৰিবলৈ ভক্তৰ বেশ ধাৰণা কৰিবলগীয়া হ’ল৷  মথুৰাত সাধাৰণ পোছাকত ভক্ত গৈ অৱশেষত আৰক্ষীয়ে শাদুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষমো হ’ল৷প্ৰকৃততে কি ঘটিছিল? ৰাম শৰণ নামৰ এজন সাধুৰ বিৰুদ্ধে মধ্য প্ৰদেশৰ মোৰেনাত ভূমি কেলেংকাৰীৰ অভিযোগ উত্থাপিত হৈছিল। 

তেওঁ গ্ৰেপ্তাৰৰ পৰা বাচিবলৈ উত্তৰ প্ৰদেশলৈ পলাই গৈছিল। কিন্তু শেষ মুহূৰ্তত তেওঁৰ ৰক্ষা নহ’ল। আৰক্ষীয়ে তেওঁক মথুৰাৰ ৰামজাঙ্কি মন্দিৰৰ আশ্ৰমৰ পৰা গ্ৰেপ্তাৰ কৰে। অভিযুক্ত সাধু জনে মুঠেও ধৰিব পৰা নাছিল যে  আৰক্ষীয়ে তেওঁক অনুৰাগীৰ বেশত আগুৰি ধৰিছে৷ 

এগৰাকী  তদন্তকাৰী আৰক্ষী বিষয়াই কয় যে অভিযুক্ত ৰাম শৰণৰ বিৰুদ্ধে ভুৱা ন্যাস গঠন কৰাৰ অভিযোগ উত্থাপিত হৈছিল। সেই ন্যাসৰ জৰিয়তে তেওঁ  ৬ একৰ মাটি নিজৰ কৰি লোৱাৰ চেষ্টা কৰিছিল৷  তদন্তৰ সময়ত আৰক্ষীয়ে তিনিজন লোকক গ্ৰেপ্তাৰ কৰিব পাৰিছিল যদিও মূল  অভিযুক্ত সাধু জন পলাতক হৈ আছিল। 

অৱশেষত, আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ এক বিশেষ পৰিকল্পনা প্ৰস্তুত কৰে। তেওঁলোকে ফুল আৰু মিঠাই লৈ আশ্ৰমত উপস্থিত হয় । কিছুসংখ্যক  আৰক্ষীকো বাহিৰত নিয়োজিত কৰা হৈছিল। ভক্ৰ বেশত যোৱা আৰক্ষীক চিনিব নোৱাৰি অভিযুক্ত সাধু জনে পলাবলৈ চেষ্টা কৰা নাছিল৷ শেষত আৰক্ষীয়ে মালা-মিঠাইৰ মাজত লুকুৱাই নিয়া পিষ্টল টোৱাই তেওঁক গ্ৰেপ্তাৰ কৰে৷  


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ