--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে ছিকিমৰ জনসাধাৰণৰ কাষত থিয় দিছে। কেন্দ্ৰীয় চৰকাৰে ছিকিম চৰকাৰক সম্ভৱপৰ সকলো সহায়-সহযোগিতাৰ আশ্বাস প্ৰদান কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহে ২০২৩-২৪ বৰ্ষৰ বাবে আগতীয়াকৈ ৪৪.৮০ কোটি টকাৰ ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ (SDRF) কেন্দ্ৰীয় অংশৰ দুয়োটা কিস্তি ছিকিমলৈ মুকলি কৰি দিয়াত অনুমোদন জনাইছে যাতে ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য প্ৰদানৰ ক্ষেত্ৰত ৰাজ্যখনৰ সহায় হয়। 

তদুপৰি, হিমবাহৰ বিস্ফোৰণ সৃষ্ট বানপানী (GLOF)/ডাৱৰ বিস্ফোৰণ/কৃত্ৰিম বানপানীৰ পৰিণতিত ক্ষয়-ক্ষতিৰ মূল্যায়ন কৰিবলৈ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে এটি আন্তঃমন্ত্ৰালয় কেন্দ্ৰীয় দল (IMCT) গঠন কৰিছে। এই দলটোৱে অতি সোনকালে ৰাজ্যখনৰ ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰিব। আইএমচিটিৰ মূল্যায়নৰ ভিত্তিত, নিৰ্ধাৰিত পদ্ধতি অনুসাৰে ৰাষ্ট্ৰীয় দুৰ্য্যোগ সঁহাৰি পুঁজি ((SDRF) ৰপৰা ছিকিমলৈ অধিক অতিৰিক্ত কেন্দ্ৰীয় সাহায্যত অনুমোদন জনোৱা হ’ব।

৪ অক্টোবৰৰ পুৱাৰ ভাগত হিমবাহৰ বিস্ফোৰণ সৃষ্ট বানপানী (GLOF)/ডাৱৰ বিস্ফোৰণ/কৃত্ৰিম বানপানীৰ পৰিণতিত তিস্তা নদীৰ স্ৰোতে কেইবাখনো দলং, ১০ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কিছু অংশ, চুংথাং বান্ধ উটুৱাই লৈ যায় আৰু ই ছিকিমৰ নদী উপত্যকাৰ উজনি অংশৰ সৰু চহৰসমূহ আৰু একাধিক আন্তঃগাঁথনি প্ৰকল্পক প্ৰভাৱিত কৰে।

কেন্দ্ৰীয় চৰকাৰে ছিকিমৰ এই পৰিস্থিতি ২৪x৭ভাৱে সৰ্বোচ্চ পৰ্য্যায়ত অতিশয় সক্ৰিয়তাৰে নিৰীক্ষণ কৰি আছে। কেন্দ্রীয় চৰকাৰে সময়মতে লজিষ্টিক সমলৰ সংগঠিতকৰণেৰে পৰিস্থিতিৰে ফলপ্ৰসূভাৱে মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰখনৰ প্ৰচেষ্টাত পৰিপূৰকৰ ভূমিকা পালন কৰিছে। আগবঢ়োৱা লজিষ্টিক সহায়ত ৰাষ্ট্ৰীয় দুৰ্য্যাগ সঁহাৰি বাহিনী (NDRF)ৰ পৰ্য্যাপ্ত দল নিয়োগ; ভাৰতীয় বায়ুসেনাৰ হেলিকপ্টাৰ আৰু সেনা জোৱানৰ লগতে প্ৰয়োজনীয় অনুসন্ধান আৰু উদ্ধাৰ সঁজুলি অন্তৰ্ভুক্ত হৈছে। ইয়াৰোপৰি শক্তি, দূৰসংযোগ আৰু পথ, ঘাইপথ আৰু পৰিবহণ মন্ত্ৰালয়ৰ কাৰিকৰী দলসমূহে ৰাজ্যখনৰ ক্ষতিগ্ৰস্ত আন্তঃগাঁথনি আৰু যোগাযোগ নেটৱৰ্ক সময়মতে পুনৰ কাৰ্য্যক্ষম কৰি তুলিবলৈ সহায় আগবঢ়ায় আছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু