--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে ছিকিমৰ জনসাধাৰণৰ কাষত থিয় দিছে। কেন্দ্ৰীয় চৰকাৰে ছিকিম চৰকাৰক সম্ভৱপৰ সকলো সহায়-সহযোগিতাৰ আশ্বাস প্ৰদান কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহে ২০২৩-২৪ বৰ্ষৰ বাবে আগতীয়াকৈ ৪৪.৮০ কোটি টকাৰ ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ (SDRF) কেন্দ্ৰীয় অংশৰ দুয়োটা কিস্তি ছিকিমলৈ মুকলি কৰি দিয়াত অনুমোদন জনাইছে যাতে ক্ষতিগ্ৰস্ত লোকসকলক সাহায্য প্ৰদানৰ ক্ষেত্ৰত ৰাজ্যখনৰ সহায় হয়। 

তদুপৰি, হিমবাহৰ বিস্ফোৰণ সৃষ্ট বানপানী (GLOF)/ডাৱৰ বিস্ফোৰণ/কৃত্ৰিম বানপানীৰ পৰিণতিত ক্ষয়-ক্ষতিৰ মূল্যায়ন কৰিবলৈ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে এটি আন্তঃমন্ত্ৰালয় কেন্দ্ৰীয় দল (IMCT) গঠন কৰিছে। এই দলটোৱে অতি সোনকালে ৰাজ্যখনৰ ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰিব। আইএমচিটিৰ মূল্যায়নৰ ভিত্তিত, নিৰ্ধাৰিত পদ্ধতি অনুসাৰে ৰাষ্ট্ৰীয় দুৰ্য্যোগ সঁহাৰি পুঁজি ((SDRF) ৰপৰা ছিকিমলৈ অধিক অতিৰিক্ত কেন্দ্ৰীয় সাহায্যত অনুমোদন জনোৱা হ’ব।

৪ অক্টোবৰৰ পুৱাৰ ভাগত হিমবাহৰ বিস্ফোৰণ সৃষ্ট বানপানী (GLOF)/ডাৱৰ বিস্ফোৰণ/কৃত্ৰিম বানপানীৰ পৰিণতিত তিস্তা নদীৰ স্ৰোতে কেইবাখনো দলং, ১০ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কিছু অংশ, চুংথাং বান্ধ উটুৱাই লৈ যায় আৰু ই ছিকিমৰ নদী উপত্যকাৰ উজনি অংশৰ সৰু চহৰসমূহ আৰু একাধিক আন্তঃগাঁথনি প্ৰকল্পক প্ৰভাৱিত কৰে।

কেন্দ্ৰীয় চৰকাৰে ছিকিমৰ এই পৰিস্থিতি ২৪x৭ভাৱে সৰ্বোচ্চ পৰ্য্যায়ত অতিশয় সক্ৰিয়তাৰে নিৰীক্ষণ কৰি আছে। কেন্দ্রীয় চৰকাৰে সময়মতে লজিষ্টিক সমলৰ সংগঠিতকৰণেৰে পৰিস্থিতিৰে ফলপ্ৰসূভাৱে মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰখনৰ প্ৰচেষ্টাত পৰিপূৰকৰ ভূমিকা পালন কৰিছে। আগবঢ়োৱা লজিষ্টিক সহায়ত ৰাষ্ট্ৰীয় দুৰ্য্যাগ সঁহাৰি বাহিনী (NDRF)ৰ পৰ্য্যাপ্ত দল নিয়োগ; ভাৰতীয় বায়ুসেনাৰ হেলিকপ্টাৰ আৰু সেনা জোৱানৰ লগতে প্ৰয়োজনীয় অনুসন্ধান আৰু উদ্ধাৰ সঁজুলি অন্তৰ্ভুক্ত হৈছে। ইয়াৰোপৰি শক্তি, দূৰসংযোগ আৰু পথ, ঘাইপথ আৰু পৰিবহণ মন্ত্ৰালয়ৰ কাৰিকৰী দলসমূহে ৰাজ্যখনৰ ক্ষতিগ্ৰস্ত আন্তঃগাঁথনি আৰু যোগাযোগ নেটৱৰ্ক সময়মতে পুনৰ কাৰ্য্যক্ষম কৰি তুলিবলৈ সহায় আগবঢ়ায় আছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ