--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেৰালাত সংঘটিত হোৱা নৰবলি কাণ্ডই তোলপাৰ লগাই থকা অৱস্থাতে আৰক্ষীয়ে আন এক বিস্ফোৰক তথ্য লাভ কৰিছে৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে, কেৱল নৰবলিয়েই নহয়, অভিযুক্তই নৰমাংস ভোজনো কৰিছিল! তদুপৰি বিকৃত যৌনাকাংক্ষাও পূৰণ কৰিছিল৷

উল্লেখযোগ্য যে মঙলবাৰে নৰবলিৰ সন্দেহত তিনিগৰাকী লোকক আৰক্ষীয়ে আটক কৰিছিল৷ তেওঁলোকে কেৰালাৰ এৰনামকুলামৰ পৰা ৰজলীন (৪৯) আৰু পাদ্মাম (৫২) নামৰ কোচি নিবাসী দুগৰাকীকৈ মহিলাক অপহৰণ কৰি নি ধন-জন লাভৰ বাবে বলি দিছিল৷ বলি দিয়াৰ পাছত মহিলা দুগৰাকীৰ মৃতদেহ মাটিত পুতি থোৱাৰ অৱস্থাত আৰক্ষীয়ে ইয়াক উদ্ধাৰ কৰিছিল৷

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, মুহাম্মদ ছাফী ওৰফে ৰছিদ নামৰ এজন ৰেষ্টুৰা ব্যৱসায়ী এই কাণ্ডৰ মূল ষড়যন্ত্ৰকাৰী৷ ৰছিদে নিজৰ বিকৃত যৌনাকাংক্ষা পূৰণৰ বাবে এই কাম কৰিছিল৷

ৰছিদৰ স’তে ভগৱাল সিং আৰু সিঙৰ পত্নী লাইলাকো মঙলবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল৷ বুধবাৰে তেওঁলোকক কোচিৰ মেজিষ্ট্ৰেট কোৰ্টত হাজিৰ কৰা হয়৷ কোৰ্টে অভিযুক্তকেইজনক ২৬ অক্টোবৰলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে৷

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, নৰবলি কাণ্ডত প্ৰাণ হেৰুওৱা ৰছলী নামৰ মহিলাগৰাকীৰ মৃতদেহত ৰছিদে বিকৃত যৌনাকাংক্ষা পূৰণ কৰিছিল৷ আনকি ৰছলীৰ মৃতদেহৰ পৰা গোপন অংগ কাটি তেওঁ ভক্ষণো কৰিছিল বুলি আন দুগৰাকী অভিযুক্ত সিং আৰু লাইলাই স্বীকাৰোক্তি প্ৰদান কৰিছে৷ অৱশ্যে আৰক্ষীৰ ওচৰত এই বিষয়ে বিতং তথ্য নাই৷

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, ৰছিদে ইয়াৰ পূৰ্বৰে পৰা ক’লা যাদুৰ সাধনা কৰি আহিছে৷ অনেক লোকে তেওঁৰ এই ক’লা যাদুৰ বলি হৈ আহিছে৷ তদুপৰি ২০২০ চনত এগৰাকী ৭৫ বছৰ বয়সীয়া বৃদ্ধাক ধৰ্ষণ কৰাৰ অভিযোগত ৰছিদক গ্ৰেপ্তাৰো কৰা হৈছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক