--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেৰালাত সংঘটিত হোৱা নৰবলি কাণ্ডই তোলপাৰ লগাই থকা অৱস্থাতে আৰক্ষীয়ে আন এক বিস্ফোৰক তথ্য লাভ কৰিছে৷ আৰক্ষীয়ে প্ৰকাশ কৰা মতে, কেৱল নৰবলিয়েই নহয়, অভিযুক্তই নৰমাংস ভোজনো কৰিছিল! তদুপৰি বিকৃত যৌনাকাংক্ষাও পূৰণ কৰিছিল৷

উল্লেখযোগ্য যে মঙলবাৰে নৰবলিৰ সন্দেহত তিনিগৰাকী লোকক আৰক্ষীয়ে আটক কৰিছিল৷ তেওঁলোকে কেৰালাৰ এৰনামকুলামৰ পৰা ৰজলীন (৪৯) আৰু পাদ্মাম (৫২) নামৰ কোচি নিবাসী দুগৰাকীকৈ মহিলাক অপহৰণ কৰি নি ধন-জন লাভৰ বাবে বলি দিছিল৷ বলি দিয়াৰ পাছত মহিলা দুগৰাকীৰ মৃতদেহ মাটিত পুতি থোৱাৰ অৱস্থাত আৰক্ষীয়ে ইয়াক উদ্ধাৰ কৰিছিল৷

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, মুহাম্মদ ছাফী ওৰফে ৰছিদ নামৰ এজন ৰেষ্টুৰা ব্যৱসায়ী এই কাণ্ডৰ মূল ষড়যন্ত্ৰকাৰী৷ ৰছিদে নিজৰ বিকৃত যৌনাকাংক্ষা পূৰণৰ বাবে এই কাম কৰিছিল৷

ৰছিদৰ স’তে ভগৱাল সিং আৰু সিঙৰ পত্নী লাইলাকো মঙলবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল৷ বুধবাৰে তেওঁলোকক কোচিৰ মেজিষ্ট্ৰেট কোৰ্টত হাজিৰ কৰা হয়৷ কোৰ্টে অভিযুক্তকেইজনক ২৬ অক্টোবৰলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে৷

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, নৰবলি কাণ্ডত প্ৰাণ হেৰুওৱা ৰছলী নামৰ মহিলাগৰাকীৰ মৃতদেহত ৰছিদে বিকৃত যৌনাকাংক্ষা পূৰণ কৰিছিল৷ আনকি ৰছলীৰ মৃতদেহৰ পৰা গোপন অংগ কাটি তেওঁ ভক্ষণো কৰিছিল বুলি আন দুগৰাকী অভিযুক্ত সিং আৰু লাইলাই স্বীকাৰোক্তি প্ৰদান কৰিছে৷ অৱশ্যে আৰক্ষীৰ ওচৰত এই বিষয়ে বিতং তথ্য নাই৷

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, ৰছিদে ইয়াৰ পূৰ্বৰে পৰা ক’লা যাদুৰ সাধনা কৰি আহিছে৷ অনেক লোকে তেওঁৰ এই ক’লা যাদুৰ বলি হৈ আহিছে৷ তদুপৰি ২০২০ চনত এগৰাকী ৭৫ বছৰ বয়সীয়া বৃদ্ধাক ধৰ্ষণ কৰাৰ অভিযোগত ৰছিদক গ্ৰেপ্তাৰো কৰা হৈছিল৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
সপোন বাস্তৱ হ'ল ! প্ৰথমগৰাকী চৰকাৰী মহিলা গাড়ী চালক হিচাপে পৰিগণিত হ'ল সন্ধ্যাৰাণী
আমগুৰিৰ নামতি চাৰিআলিত বিদ্যুৎস্পৃষ্ট এজন যুৱক
পঞ্জাৱৰ ১১৪ বছৰীয়া কিংবদন্তী মাৰাথন দৌৰবিদ ফৌজা সিঙৰ দুৰ্ঘটনাত কৰুণ মৃত্যু
ছমাহত ৩৭১টা মার্কিন কোম্পানী দেউলীয়া ; ট্রাম্পৰ শুল্ক নীতিয়ে আমেৰিকাৰ অৰ্থনীতিলৈ আনিছে প্রত্যাহ্বান
'প্ৰাগে দৈনিক জনমভূমিৰ দৰে ঐতিহ্যমণ্ডিত কাকতৰ দায়িত্ব লোৱাটো এক সোণসেৰীয়া অধ্যায়'
প্ৰাগ নিউজৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে