--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃভাৰতীয় সেনাৰ এটা সাহসী কুকুৰ , নাম জুম। দিনে নিশাই পহৰা দিয়ে সেনাৰ শিবিৰ। কিন্তু সেই জুমেই এতিয়া মৃত্যুৰে যুঁজিছে। জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ নিয়ন্ত্ৰণৰ বাবে সেনাই অভিযান চলাই আছে। বিশেষভাৱে প্ৰশিক্ষিত কুকুৰক জেহাদীৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়ত সেনাই ব্যৱহাৰ কৰি আহিছে।  তেনে কুকুৰবোৰে সহজাত প্ৰবৃত্তিৰে সন্ত্ৰাসবাদীৰ গোপন শিবিৰ বিচাৰি উলিওৱাত সিদ্ধহস্ত। জুম নামৰ কুকুৰটোও তাৰ ব্যতিক্ৰম নহয়। দুদিন আগতে  একেধৰণৰ অভিযানত 'জুম'ৰ শৰীৰত  জিহাদীৰ দুটা গুলী লাগিছিল। 

তাৰ পিছৰে পৰা মৃত্যুৰ সৈতে যুঁজি আছে জুমে।  বৰ্তমান চিকিৎসাধীন হৈ থকা কুকুৰটোৰ অৱস্থা এতিয়াও সংকটজনক বুলি  জানিব পৰা গৈছে। । কুকুৰটোৰ অস্ত্ৰোপচাৰ কৰা হৈছে।  কাশ্মীৰত নিয়োজিত সেনাৰ সকলো বিষয়া-জোৱানে জুমৰ বাবে প্ৰাৰ্থনা কৰিছে। 

"অস্ত্ৰোপচাৰৰ পিছত জুমৰ অৱস্থা স্থিৰ," সেনাই এক বিবৃতিত কয়। গুলী লগাৰ ফলত কুকুৰটোৰ পিছফালৰ ভৰি এখন ভাঙি গৈছে। মুখত স্প্লিণ্টাৰ আঘাত লাগিছে। কুকুৰটোৰ বাবে পৰৱৰ্তী ২৪ ৰ পৰা ৪৮ ঘণ্টা অতি গুৰুত্বপূৰ্ণ বুলি চিকিৎসকে কৈছে। চিকিৎসকৰ এটা দলে জুমক  শ্ৰীনগৰৰ সেনাৰ পশু চিকিৎসালয়ত নিৰীক্ষণ কৰি আছে। 

জানিব পৰা মতে  সেনাই কাশ্মীৰৰ অনন্তনাগ জিলাৰ কোকেৰনাগৰ টাংপাও অঞ্চলত সন্ত্ৰাসবাদীৰ  এটা গোপন ঘাটি বিচাৰি উলিয়াইছিল। এক গোপন সূত্ৰৰ আধাৰত অঞ্চলটোত এক যুটীয়া  অভিযান আৰম্ভ কৰা হৈছিল। সন্ত্ৰাসবাদীয়ে  সেনা আৰু আৰক্ষীৰ উপস্থিতিৰ বিষয়ে জানিব পাৰি ধাৰাসাৰ গুলীবৰ্ষণ আৰম্ভ কৰিছিল। দুয়োপক্ষৰ মাজত তুমুল  যুঁজ আৰম্ভ হৈছিল।  যুঁজৰ মাজতে  দুজন সন্ত্ৰাসবাদী নিহত  হয়। সেই যুঁজতে  জুমৰ দেহত গুলী লাগে।  আক্ৰমণটোৰ আঁৰত  লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী  জৰিত থকা বুলি নিশ্চিত কৰা হৈছে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু