--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃভাৰতীয় সেনাৰ এটা সাহসী কুকুৰ , নাম জুম। দিনে নিশাই পহৰা দিয়ে সেনাৰ শিবিৰ। কিন্তু সেই জুমেই এতিয়া মৃত্যুৰে যুঁজিছে। জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ নিয়ন্ত্ৰণৰ বাবে সেনাই অভিযান চলাই আছে। বিশেষভাৱে প্ৰশিক্ষিত কুকুৰক জেহাদীৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়ত সেনাই ব্যৱহাৰ কৰি আহিছে।  তেনে কুকুৰবোৰে সহজাত প্ৰবৃত্তিৰে সন্ত্ৰাসবাদীৰ গোপন শিবিৰ বিচাৰি উলিওৱাত সিদ্ধহস্ত। জুম নামৰ কুকুৰটোও তাৰ ব্যতিক্ৰম নহয়। দুদিন আগতে  একেধৰণৰ অভিযানত 'জুম'ৰ শৰীৰত  জিহাদীৰ দুটা গুলী লাগিছিল। 

তাৰ পিছৰে পৰা মৃত্যুৰ সৈতে যুঁজি আছে জুমে।  বৰ্তমান চিকিৎসাধীন হৈ থকা কুকুৰটোৰ অৱস্থা এতিয়াও সংকটজনক বুলি  জানিব পৰা গৈছে। । কুকুৰটোৰ অস্ত্ৰোপচাৰ কৰা হৈছে।  কাশ্মীৰত নিয়োজিত সেনাৰ সকলো বিষয়া-জোৱানে জুমৰ বাবে প্ৰাৰ্থনা কৰিছে। 

"অস্ত্ৰোপচাৰৰ পিছত জুমৰ অৱস্থা স্থিৰ," সেনাই এক বিবৃতিত কয়। গুলী লগাৰ ফলত কুকুৰটোৰ পিছফালৰ ভৰি এখন ভাঙি গৈছে। মুখত স্প্লিণ্টাৰ আঘাত লাগিছে। কুকুৰটোৰ বাবে পৰৱৰ্তী ২৪ ৰ পৰা ৪৮ ঘণ্টা অতি গুৰুত্বপূৰ্ণ বুলি চিকিৎসকে কৈছে। চিকিৎসকৰ এটা দলে জুমক  শ্ৰীনগৰৰ সেনাৰ পশু চিকিৎসালয়ত নিৰীক্ষণ কৰি আছে। 

জানিব পৰা মতে  সেনাই কাশ্মীৰৰ অনন্তনাগ জিলাৰ কোকেৰনাগৰ টাংপাও অঞ্চলত সন্ত্ৰাসবাদীৰ  এটা গোপন ঘাটি বিচাৰি উলিয়াইছিল। এক গোপন সূত্ৰৰ আধাৰত অঞ্চলটোত এক যুটীয়া  অভিযান আৰম্ভ কৰা হৈছিল। সন্ত্ৰাসবাদীয়ে  সেনা আৰু আৰক্ষীৰ উপস্থিতিৰ বিষয়ে জানিব পাৰি ধাৰাসাৰ গুলীবৰ্ষণ আৰম্ভ কৰিছিল। দুয়োপক্ষৰ মাজত তুমুল  যুঁজ আৰম্ভ হৈছিল।  যুঁজৰ মাজতে  দুজন সন্ত্ৰাসবাদী নিহত  হয়। সেই যুঁজতে  জুমৰ দেহত গুলী লাগে।  আক্ৰমণটোৰ আঁৰত  লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী  জৰিত থকা বুলি নিশ্চিত কৰা হৈছে।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক