--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অযোধ্যাত নিৰ্মাণ হৈ থকা ৰাম মন্দিৰৰ কাম শেষ পৰ্যায়ত উপনীত হৈছে। মন্দিৰত ৰামলালাৰ অভিষেকৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। ২০২৪ চনৰ ২২ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এই মহান অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অংশগ্ৰহণ কৰিব। 

গাজিয়াবাদত অৱস্থিত শ্ৰী দুধেশ্বৰ বেদ বিদ্যাপীঠৰ মোহিত পাণ্ডেক অযোধ্যাৰ ৰাম মন্দিৰৰ পুৰোহিত হিচাপে নিৰ্বাচিত কৰা হল। প্ৰাণ প্ৰতিষ্ঠাৰ সময়ত উপস্থিত থাকিব দুজন আচাৰ্য। দুধেশ্বৰ নাথ মঠ মন্দিৰৰ মহন্ত তথা জুনা আখৰাৰ মুখপাত্ৰ নাৰায়ণ গিৰীয়ে এই তথ্য দিছে।

শ্ৰী দুধেশ্বৰ নাথ মঠ মহাদেৱ মন্দিৰৰ মহন্ত তথা শ্ৰী পঞ্চ দশনামৰ আন্তঃৰাষ্ট্ৰীয় মুখপাত্ৰ জুনা আখৰা নাৰায়ণ গিৰীয়ে কয় যে দুধেশ্বৰ বেদ বিদ্যাপীথে আন এক বৃহৎ সাফল্য লাভ কৰিছে। অযোধ্যাত নিৰ্মাণ হৈ থকা ৰাম মন্দিৰৰ পুৰোহিত হিচাপে নিৰ্বাচিত হৈছে শ্ৰী দুধেশ্বৰ বেদ বিদ্যাপীঠৰ ছাত্ৰ মোহিত পাণ্ডে। মন্দিৰত ভগৱান ৰামৰ সেৱা কৰিবলৈ পুৰোহিত নিযুক্ত কৰিবলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৩০০০ বেদাৰ্থী আৰু পুৰোহিতৰ সাক্ষাৎকাৰ লোৱা হৈছিল। সাক্ষাৎকাৰৰ অন্তত ২০ জনক ৰাম মন্দিৰৰ পুৰোহিত হিচাপে নিৰ্বাচিত কৰা হৈছে। ইয়াৰে এজন মোহিত পাণ্ডে।

বেদ বিদ্যাপীঠৰ আচাৰ্য লক্ষ্মীকান্ত পাধিয়ে জনোৱা মতে, মোহিত সীতাপুৰৰ বাসিন্দা। তেওঁ দুধেশ্বৰনাথ বেদ বিদ্যপীঠত সাত বছৰ সামবেদ অধ্যয়ন কৰিছিল। সামবেদ শিক্ষা সমাপ্ত কৰি তেওঁ পঢ়া-শুনাৰ বাবে তিৰুপতিলৈ যায়। আচাৰ্যৰ ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ পিএইচডিৰ বাবেও প্ৰস্তুতি চলাইছে। ইফালে তেওঁ ৰাম মন্দিৰৰ পুৰোহিতৰ পদৰ বাবেও আবেদন কৰিছিল, য’ত তেওঁক নিৰ্বাচিত কৰা হৈছে। 

মোহিত পাণ্ডেকে ধৰি সকলো নিৰ্বাচিত প্ৰাৰ্থীকে প্ৰথম ৬ মাহৰ বাবে প্ৰশিক্ষণ দিয়া হ’ব, তাৰ পিছত তেওঁলোকক ভগৱান ৰামৰ সেৱাত নিযুক্তি দিয়া হ’ব। নাৰায়ণ গিৰিয়ে কয় যে মোহিত পাণ্ডেৰ বাছনি কেৱল গাজিয়াবাদৰ বাবেই নহয় সমগ্ৰ উত্তৰ প্ৰদেশৰ বাবেও গৌৰৱৰ বিষয়। একে সময়তে অযোধ্যাত নিৰ্মাণ হৈ থকা ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানত শ্ৰী দুধেশ্বৰ বেদ বিদ্যাপীঠৰ আচাৰ্য তয়োৰাজ উপাধ্যায় আৰু আচাৰ্য নিত্যানন্দ জড়িত হ’ব। ৮ জানুৱাৰীৰ পৰা ২৪ জানুৱাৰীলৈ তেওঁ বেদ পাঠ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক