--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অযোধ্যাত নিৰ্মাণ হৈ থকা ৰাম মন্দিৰৰ কাম শেষ পৰ্যায়ত উপনীত হৈছে। মন্দিৰত ৰামলালাৰ অভিষেকৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। ২০২৪ চনৰ ২২ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এই মহান অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অংশগ্ৰহণ কৰিব। 

গাজিয়াবাদত অৱস্থিত শ্ৰী দুধেশ্বৰ বেদ বিদ্যাপীঠৰ মোহিত পাণ্ডেক অযোধ্যাৰ ৰাম মন্দিৰৰ পুৰোহিত হিচাপে নিৰ্বাচিত কৰা হল। প্ৰাণ প্ৰতিষ্ঠাৰ সময়ত উপস্থিত থাকিব দুজন আচাৰ্য। দুধেশ্বৰ নাথ মঠ মন্দিৰৰ মহন্ত তথা জুনা আখৰাৰ মুখপাত্ৰ নাৰায়ণ গিৰীয়ে এই তথ্য দিছে।

শ্ৰী দুধেশ্বৰ নাথ মঠ মহাদেৱ মন্দিৰৰ মহন্ত তথা শ্ৰী পঞ্চ দশনামৰ আন্তঃৰাষ্ট্ৰীয় মুখপাত্ৰ জুনা আখৰা নাৰায়ণ গিৰীয়ে কয় যে দুধেশ্বৰ বেদ বিদ্যাপীথে আন এক বৃহৎ সাফল্য লাভ কৰিছে। অযোধ্যাত নিৰ্মাণ হৈ থকা ৰাম মন্দিৰৰ পুৰোহিত হিচাপে নিৰ্বাচিত হৈছে শ্ৰী দুধেশ্বৰ বেদ বিদ্যাপীঠৰ ছাত্ৰ মোহিত পাণ্ডে। মন্দিৰত ভগৱান ৰামৰ সেৱা কৰিবলৈ পুৰোহিত নিযুক্ত কৰিবলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৩০০০ বেদাৰ্থী আৰু পুৰোহিতৰ সাক্ষাৎকাৰ লোৱা হৈছিল। সাক্ষাৎকাৰৰ অন্তত ২০ জনক ৰাম মন্দিৰৰ পুৰোহিত হিচাপে নিৰ্বাচিত কৰা হৈছে। ইয়াৰে এজন মোহিত পাণ্ডে।

বেদ বিদ্যাপীঠৰ আচাৰ্য লক্ষ্মীকান্ত পাধিয়ে জনোৱা মতে, মোহিত সীতাপুৰৰ বাসিন্দা। তেওঁ দুধেশ্বৰনাথ বেদ বিদ্যপীঠত সাত বছৰ সামবেদ অধ্যয়ন কৰিছিল। সামবেদ শিক্ষা সমাপ্ত কৰি তেওঁ পঢ়া-শুনাৰ বাবে তিৰুপতিলৈ যায়। আচাৰ্যৰ ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ পিএইচডিৰ বাবেও প্ৰস্তুতি চলাইছে। ইফালে তেওঁ ৰাম মন্দিৰৰ পুৰোহিতৰ পদৰ বাবেও আবেদন কৰিছিল, য’ত তেওঁক নিৰ্বাচিত কৰা হৈছে। 

মোহিত পাণ্ডেকে ধৰি সকলো নিৰ্বাচিত প্ৰাৰ্থীকে প্ৰথম ৬ মাহৰ বাবে প্ৰশিক্ষণ দিয়া হ’ব, তাৰ পিছত তেওঁলোকক ভগৱান ৰামৰ সেৱাত নিযুক্তি দিয়া হ’ব। নাৰায়ণ গিৰিয়ে কয় যে মোহিত পাণ্ডেৰ বাছনি কেৱল গাজিয়াবাদৰ বাবেই নহয় সমগ্ৰ উত্তৰ প্ৰদেশৰ বাবেও গৌৰৱৰ বিষয়। একে সময়তে অযোধ্যাত নিৰ্মাণ হৈ থকা ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানত শ্ৰী দুধেশ্বৰ বেদ বিদ্যাপীঠৰ আচাৰ্য তয়োৰাজ উপাধ্যায় আৰু আচাৰ্য নিত্যানন্দ জড়িত হ’ব। ৮ জানুৱাৰীৰ পৰা ২৪ জানুৱাৰীলৈ তেওঁ বেদ পাঠ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক