--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পুনৰ ভাবুকিৰ সন্মুখীন হৈছে ছুপাৰষ্টাৰ ছলমান খান৷ ছলমানৰ জীৱনলৈ পুনৰ আহিছে ভয়ংকৰ ভাবুকি। দেশজুৰি আতংকৰ সৃষ্টি কৰা গেংষ্টাৰ লৰেন্স বিষ্ণৈৰ টাৰ্গেট এইবাৰ ছুপাৰষ্টাৰ ছলমান! 

বিগত দুটা বছৰ ধৰি কুখ্যাত গেংষ্টাৰ লৰেঞ্চ বিষ্ণৈৰ হিটলিষ্টত আছে জনপ্ৰিয় তাৰকাগৰাকী। শেহতীয়াকৈ ছলমানৰ জীৱনলৈ ভাবুকি বৃদ্ধি পাইছে দুগুণে। জয়পুৰত কৰনি সেনাৰ মুৰব্বীক দিন-দুপৰতে হত্যা কৰাৰ পাছত গেংষ্টাৰ লৰেঞ্চৰ গোটে পুনৰ হত্যাৰ ভাবুকি দিছে ছলমানক। 

সাংবাদিকৰে বাৰ্তালাপত লৰেঞ্চ গোটৰ দুধৰ্ষ সদস্য ৰোহিত গোধাৰাই ছলমানক যিকোনো মূল্যৰ বিনিময়ত হত্যা কৰা হ’ব বুলি হুংকাৰ দিছে। ১৯৯৮ত ৰাজস্থানত ‘হম ছাথ ছাথ হে’ ছবিৰ ছুটিঙৰ দুটা কৃষ্ণসাৰ হত্যা কৰিছিল ছলমানে। কৃষ্ণসাৰ হৈছে বিষ্ণৈ সম্প্ৰদায়ৰ বাবে পৱিত্ৰ জন্তু। ইয়াৰ বাবে বিষ্ণৈ সম্প্ৰদায়ৰ ব্যক্তি লৰেঞ্চ বিষ্ণৈয়ে ছলমানৰ পৰা ক্ষমা প্ৰাৰ্থনাৰ দাবী কৰিছিল। কিন্তু ছলমানে বিষ্ণৈ সম্প্ৰদায়ৰ ওচৰত আজিলৈকে ক্ষমা নিবিচৰাত হত্যাৰ ভাবুকি দি আহিছে লৰেঞ্চ বিষ্ণৈ গোটে।‌ গুৰুত্বপূৰ্ণ যে জয়পুৰত কৰনি সেনাৰ মুৰব্বী সুখদেৱ সিঙৰ হত্যাৰ মাষ্টাৰমাইণ্ড ৰোহিত গোধাৰা। 

সুখদেৱ সিঙক হত্যা কৰাৰ পাছতেই একেই ধৰণে ছলমান খানকো হত্যাৰ ভাবুকি ৰোহিত গোধাৰাৰ। বিষ্ণৈ সম্প্ৰদায়ৰ ওচৰত ক্ষমা নিবিচৰা পৰ্যন্ত ছলমান সদায় হিটলিষ্টত বুলি মন্তব্য গেংষ্টাৰ গোধাৰাৰ। ২০২২ চনৰ ২৯ মে’ত পঞ্জাবত প্ৰসিদ্ধ গায়ক সিদ্ধু মুছেৱালাক হত্যা কৰি দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল লৰেঞ্চ বিষ্ণৈ গোটে। গেংষ্টাৰ লৰেঞ্চৰ নিৰ্দেশত মুছেৱালাক হত্যাৰ পাছত কালি জয়পুৰত লৰেঞ্চৰে নিৰ্দেশতে হত্যা হ’ল সুখদেৱ সিঙৰ। এনে দুঃসাহসিক হত্যা অভিযানেৰেই দেশব্যাপী আতংকৰ নাম হৈ পৰিছে লৰেঞ্চ বিষ্ণৈ।

সিদ্ধু মুছেৱালাক হত্যাৰ পাছতেই ছলমান খানকো হত্যাৰ পৰিকল্পনা কৰিছিল কুখ্যাত গেংষ্টাৰটোৱে। ছলমানক আক্ৰমণৰ বাবে লৰেঞ্চে প্ৰেৰণ কৰা শ্বুটাৰে আনকি অৱস্থান লৈছিল অভিনেতাগৰাকীৰ ফাৰ্ম হাউছৰ কাষতে। লৰেঞ্চ বিষ্ণৈৰ সেই প্ৰচেষ্টা ব্যৰ্থ হ’লেও দুৰ্ধৰ্ষ গেংষ্টাৰটোৱে নতুন প্ৰয়াস অব্যাহত ৰাখিছে। 

যাৰ বাবে ছুপাৰষ্টাৰ ছলমান খানৰ জীৱন এতিয়া হৈ পৰিছে সংশয়পূৰ্ণ। গেংষ্টাৰ লৰেঞ্চৰ শ্বুটাৰে পঞ্জাব আৰু ৰাজস্থানত দুগৰাকীকৈ শীৰ্ষস্থানীয় ব্যক্তিক হত্যা কৰি ভয়ংকৰ নিদৰ্শন দাঙি ধৰিছে। কণ্ঠশিল্পী মুছেৱালাৰ লগতে কৰনি সেনাৰ মুৰব্বীগৰাকীৰো আছিল কেইবাগৰাকী দেহৰক্ষী। 

তৎসত্ত্বেও দুয়োগৰাকী ব্যক্তি হত্যাৰ বলি হোৱাত ছলমানৰ সুৰক্ষাক লৈ শংকিত মুম্বাই আৰক্ষীও। গেংষ্টাৰ লৰেঞ্চৰ ভাবুকি সাধাৰণ ভাবুকি নহয় বুলি গণ্য কৰিছে মুম্বাই আৰক্ষীয়ে। ইয়াৰ বাবেই ছলমান খানৰ সুৰক্ষা ব্যৱস্থা দুগুণে বৃদ্ধি কৰিছে মুম্বাই আৰক্ষীয়ে। বৰ্তমান চাৰিগৰাকী সুৰক্ষাকৰ্মী প্ৰতিমুহূৰ্ততে থাকে অভিনেতাজনৰ সৈতে। তদুপৰি ছলমানৰ সৈতে সকলো সময়তে থাকে কেইবাগৰাকী ব্যক্তিগত সুৰক্ষা কৰ্মীও।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক