ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ অযোধ্যাত নিৰ্মাণ হৈ থকা ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানৰ বাবে পূৰ্ণগতিত প্ৰস্তুতি অব্যাহত আছে। ২২ জানুৱাৰীত মন্দিৰত ৰামলালা আৰু অন্যান্য দেৱতাৰ অভিষেক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এনে পৰিস্থিতিত পাকিস্তানৰ সিন্ধ প্ৰদেশৰ পৰা আহিছে ৰামলালাৰ সাজ-পোছাক। পাকিস্তানৰ সিন্ধী সম্প্ৰদায়ে পোছাক অযোধ্যালৈ প্ৰেৰণ কৰিলে ৰামলালাৰ পোছাক।
অযোধ্যাৰ সিন্ধী কলনীস্থিত ৰামনগৰলৈ আহি পালে ৰামলালাৰ সাজ। ৰামনগৰৰ দেৱালয় মন্দিৰত ৰামলালাৰ সাজ-পোছাকৰ পূজা কৰা হয়। ২১ জন পুৰোহিতে হিন্দু ৰীতি-নীতি অনুযায়ী কাপোৰ শুদ্ধ কৰিবলৈ বৈদিক জপেৰে আৰতি কৰে।
দেওবাৰে পাকিস্তানৰ সিন্ধ প্ৰদেশৰ শতাধিক সিন্ধী সম্প্ৰদায়ৰ লোকে ৰামলালাৰ সাজ-পোছাক ৰামলালাৰ মুখ্য পূজাৰীক গতাই দিব। ২২ জানুৱাৰীত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচী ৰূপায়ন কৰা হব। ৰামলালা হৈছে প্ৰভু ৰামৰ শিশু ৰূপ।
অযোধ্যাৰ ৰাম মন্দিৰত ৰামলালাৰ অভিষেক কাৰ্যসূচীৰ প্ৰস্তুতি বৃহৎ পৰিসৰত চলি আছে। অহা ২২ জানুৱাৰীত অযোধ্যাত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা উৎসৱ উপলক্ষে উত্তৰ প্ৰদেশৰ সকলো সন্মানীয় মন্দিৰ ‘ৰামময়’ হৈ পৰিব। ৰাজ্য চৰকাৰে সমগ্ৰ ৰাজ্যতে ৰামায়ণ-ৰামচৰিতমানস আৰু হনুমান চলিছা পাঠৰ আয়োজন কৰিব।