--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ অযোধ্যাত নিৰ্মাণ হৈ থকা ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানৰ বাবে পূৰ্ণগতিত প্ৰস্তুতি অব্যাহত আছে। ২২ জানুৱাৰীত মন্দিৰত ৰামলালা আৰু অন্যান্য দেৱতাৰ অভিষেক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এনে পৰিস্থিতিত পাকিস্তানৰ সিন্ধ প্ৰদেশৰ পৰা আহিছে ৰামলালাৰ সাজ-পোছাক। পাকিস্তানৰ সিন্ধী সম্প্ৰদায়ে পোছাক অযোধ্যালৈ প্ৰেৰণ কৰিলে ৰামলালাৰ পোছাক।

অযোধ্যাৰ সিন্ধী কলনীস্থিত ৰামনগৰলৈ আহি পালে ৰামলালাৰ সাজ। ৰামনগৰৰ দেৱালয় মন্দিৰত ৰামলালাৰ সাজ-পোছাকৰ পূজা কৰা হয়। ২১ জন পুৰোহিতে হিন্দু ৰীতি-নীতি অনুযায়ী কাপোৰ শুদ্ধ কৰিবলৈ বৈদিক জপেৰে আৰতি কৰে।

দেওবাৰে পাকিস্তানৰ সিন্ধ প্ৰদেশৰ শতাধিক সিন্ধী সম্প্ৰদায়ৰ লোকে ৰামলালাৰ সাজ-পোছাক ৰামলালাৰ মুখ্য পূজাৰীক গতাই দিব। ২২ জানুৱাৰীত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচী ৰূপায়ন কৰা হব। ৰামলালা হৈছে প্ৰভু ৰামৰ শিশু ৰূপ।

অযোধ্যাৰ ৰাম মন্দিৰত ৰামলালাৰ অভিষেক কাৰ্যসূচীৰ প্ৰস্তুতি বৃহৎ পৰিসৰত চলি আছে। অহা ২২ জানুৱাৰীত অযোধ্যাত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা উৎসৱ উপলক্ষে উত্তৰ প্ৰদেশৰ সকলো সন্মানীয় মন্দিৰ ‘ৰামময়’ হৈ পৰিব। ৰাজ্য চৰকাৰে সমগ্ৰ ৰাজ্যতে ৰামায়ণ-ৰামচৰিতমানস আৰু হনুমান চলিছা পাঠৰ আয়োজন কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement